নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত দিৱস : তিনিচুকীয়াত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰ : বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি ২৪ নৱেম্বৰত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এক সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয়। লাচিত দিৱসৰ মূল কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত তথা ভাৰপ্ৰাপ্ত উপায়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ। ভাৰপ্ৰাপ্ত উপায়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতীয়ে আদৰণি ভাষণ আগবঢ়োৱা আজিৰ অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট বক্তা মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ৰমেন হাজৰিকাই মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আলোকপাত কৰে। বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত লাচিত দিৱসৰ লগত সংগতি ৰাখি প্ৰখ্যাত স্পীড আৰ্টিষ্ট ৰবীন বাৰে মিৰাকেল আৰ্ট, চিগনেচাৰ আৰ্ট আৰু লাচিত বৰফুকনৰ কৰ্মৰাজিৰ প্ৰতিচ্ছবিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপণেৰে চেণ্ড আৰ্ট প্ৰৰ্দশন কৰে। ইয়াৰ উপৰিও আজিৰ অনুষ্ঠানত বীৰ লাচিত বৰফুকনৰ ওপৰত এখনি সংগীতালক্ষ্য প্ৰৰ্দশন কৰে নৃত্যাংগণ কলাকেন্দ্ৰৰ ছাত্ৰীসকলে ৷ ইয়াৰ লগতে সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে বাৰেৰহনীয়া সাংস্কৃতিক নৃত্য, খোৱাং কঠালগুৰিৰ সাংস্কৃতিক দলে লাই-লুং খাম আৰু টঙনা কৈলাশৰ চেংচাঙ দলে হেং দাং নৃত্য প্ৰৰ্দশন কৰে । ইয়াৰ উপৰিও জনপ্ৰিয় কণ্ঠশিল্পী লুইত গগৈয়ে আজিৰ অনুষ্ঠানত বিশেষভাবে উপস্থিত থাকি গীত পৰিবেশন কৰে। আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তসকল ক্ৰমান্বয়ে দিপু কুমাৰ ডেকা, সুশান্ত দত্ত, চৰফ্ৰাজ হক, মনজিৎ বৰকাকতী প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়া তথা কৰ্মচাৰী আৰু বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে, বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত কচুজান খেল পথাৰৰ পৰা এক বৰ্ণ্যাধ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। এই বৰ্ণিল সংস্কৃতিক শোভাযাত্ৰাৰ শুভউদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে। শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলেসমূহে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ কেইবাখনো বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, এন.চি.চি কেডেটসকলৰ লগতে অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ সদস্য তথা মাকুম পুলিচ বেটেলিয়ানৰ বেণ্ডয়েও শোভাযাত্ৰাত যোগদান কৰে। সন্ধিয়া তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ লগতে থানা চাৰিআলি আৰু অন্যান্য ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰা হয়।

প্ৰেৰক বিবেক বড়া

You might also like