নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত দিৱস : নলবাৰীত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজক

বিশেষ বাৰ্তা,  ২৪ নৱেম্বৰ :  লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে নলবাৰীত যোৱা ১৮ নৱেম্বৰৰ পৰা সাতদিনীয়া বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়। ইয়াৰ অংশ হিচাপে আজি নলবাৰীৰ গৰ্ডন খেলপথাৰৰ পৰা এক বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু সাংস্কৃতিক দলৰ সহযোগত সমগ্ৰ নলবাৰী চহৰৰ মাজেৰে উলিওৱা এই শোভাযাত্ৰাই ৰাইজক মুগ্ধ কৰে। এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে। ইয়াৰ পিছতে দুপৰীয়া উপস্থিত ছাত্ৰ-ছাত্ৰীৰ মাজত সমূহীয়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই কুইজ পৰিচালনা কৰে কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে। ইয়াৰ পিছতে লাচিত বৰফুকনৰ জীৱন আৰু আদৰ্শৰ ওপৰত বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ঋত্বিক ৰূপক শৰ্মাই। ইপিনে দেৱকান্ত বৰুৱাৰ ‘লাচিত ফুকন” শীৰ্ষক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পার্থ প্ৰতিম লহকৰৰ ‘অকণিৰ লাচিত’ নামৰ গ্ৰন্থখন উন্মোচন কৰে জিলা উপায়ুক্ত গীতিমণি ফুকনে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত মুন গগৈ, নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ গোস্বামী। সন্ধিয়া বীৰগৰাকীৰ স্মৃতিত ৪০০ গছি বন্তি প্ৰজ্জ্বলন কৰি বীৰ গৰাকীলৈ  শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লগতে নিশাৰ ভাগত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়িত হয়। ইফালে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উপলক্ষে আজি নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ দলৰ মাজৰ স্থান লাভ কৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ফলাফলো ঘোষণা কৰা হয়। সেই অনুসৰি অংশগ্ৰহণকাৰী দলসমূহৰ ভিতৰত প্ৰথম পুৰস্কাৰ লাভ কৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়স্থিত শ্বহীদ স্মৃতি মহাবিদ্যালয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like