🔹 ‘ৰঙানদী, চিচিবৰগাঁও সমষ্টিতো আহোম জনগোষ্ঠীয়ে প্রতিদ্বন্দ্বিতা কৰাৰ পথ প্রশস্ত’
🔹 গৌৰৱ গগৈ–লুৰিণজ্যোতি গগৈ–অখিল গগৈক তীব্র কটাক্ষ
বিশেষ বাৰ্তা, ২ জুলাই : দেশৰ নির্বাচন আয়োগে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহ পুনৰ নির্ধাৰণৰ বাবে প্রকাশ কৰা খচৰা প্রস্তাৱে আহোম জনগোষ্ঠীৰ প্রভূত্ব হ্রাস কৰা বুলি বিৰোধীয়ে কৰি অহা সমালোচনা নস্যাৎ কৰিছে জনগোষ্ঠীটোৰ বিজেপি দলৰ সাংসদ, মন্ত্রী আৰু বিধায়কসকলে ৷ আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত বিজেপি দলৰ আহোম জনগোষ্ঠীৰ সাংসদ, মন্ত্রী, বিধায়কসকলে সমষ্টি পুনৰ নির্ধাৰণৰ খচৰা প্রস্তাৱ অনুসৰি সমষ্টিসমূহ গঠন হ’লে অহা বিধানসভা নির্বাচনত ৰাজ্যখনত আহোম জনগোষ্ঠীৰ জনপ্রতিনিধিৰ সংখ্যা বৃদ্ধি পাব বুলিহে দাবী কৰে ৷ সংবাদ মেলখন সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটাই কয় যে ২০০৭ চনত সমষ্টি পুনৰ নির্ধাৰণৰ যিখন খচৰা প্রস্তুত হৈছিল, তাত যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্রুগড় আৰু তিনিচুকীয়া জিলাত এটাকৈ সমষ্টি হ্রাস পাইছে ৷ কিন্তু এইবাৰ প্রকাশিত খচৰাত যোৰহাট, গোলাঘাট, ডিব্রুগড় আৰু তিনিচুকীয়া জিলাৰ এটাও সমষ্টি হ্রাস পোৱা নাই ৷ শিৱসাগৰ জিলাত এটা সমষ্টিহে হ্রাস পাইছে ৷ সেইদৰে লখিমপুৰ জিলাত এটা আৰু ধেমাজি জিলাত এটা সমষ্টি বৃদ্ধি পাইছে ৷ সেই অনুসৰি উজনি অসমত এইবাৰ এটা সমষ্টি বৃদ্ধি পাইছে ৷ ২০০৭চনৰ খচৰাৰ তুলনাত এইবাৰ প্রাপ্তিৰ সংখ্যা ৩ ৷ এই সমষ্টি পুনৰ নির্ধাৰণক লৈ আহোম জনগোষ্ঠীৰ আধিপত্যৰ প্রসংগও চর্চালৈ অহাৰ উল্লেখ কৰি সাংসদ মার্ঘেৰিটাই কয় যে নির্দিষ্ট কিছুসংখ্যক ব্যক্তিয়ে মিছা কথাৰে মানুহক ভুলকৈ পৰিচালিত কৰিব বিচাৰিছে ৷ প্রকৃততে আহোম জনগোষ্ঠীৰ আধিপত্য হ্রাস পোৱা নাই ৷ বৰং বর্তমানৰ তুলনাত বিধানসভাত আহোম জনগোষ্ঠীৰ প্রতিনিধিত্ব বৃদ্ধিহে পাব ৷ শিৱসাগৰ, থাওৰা, সোণাৰি, নাজিৰা, মাহমৰা সমষ্টিত আহোম জনগোষ্ঠীৰ প্রভাৱ অক্ষুণ্ণ থাকিব ৷ বৰং পূর্বতকৈ আহোমৰ শক্তি উক্ত সমষ্টি ৫টাত বৃদ্ধিহে পাব ৷ সেইদৰে মৰাণ আৰু নাহৰকটীয়া সমষ্টিতো আহোম জনগোষ্ঠীৰ স্থিতি বৃদ্ধি হ’ব ৷ উত্তৰ অসমত লখিমপুৰ জিলাৰ ৰঙানদী আৰু ধেমাজি জিলাৰ চিচিবৰগাঁও সমষ্টিতো আহোম জনগোষ্ঠীয়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিব ৷ শদিয়া সমষ্টিতো আহোম জনগোষ্ঠীৰ শক্তি বৃদ্ধি পাব ৷ একেদৰে মাকুম সমষ্টিটো মৰাণ জনগোষ্ঠীৰ বাবে মূল সমষ্টি হ’ব ৷ সমষ্টি পুনৰ নির্ধাৰণৰ খচৰা অনুসৰি সমষ্টিসমূহ গঠন হ’লে অহা বিধানসভাত যি দলৰেই নহওক, আহোম জনগোষ্ঠীৰ প্রতিনিধিত্ব বৃদ্ধি পাব ৷ এই প্রসংগতে সাংসদ মার্ঘেৰিটাই কয় যে একাংশই জনগোষ্ঠীটোক লৈ সংকীর্ণ ৰাজনীতি কৰিছে ৷ চাওলুং চ্যুকাফাৰ মূলমন্ত্র আছিল সকলোকে একলগ কৰি বৰ অসম গঢ়া ৷ তাৰ বাবে খিলঞ্জীয়া প্রতিটো জাতি–জনগোষ্ঠী ঐক্যবদ্ধ হৈ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিকভাৱে শক্তিশালী হ’ব লাগিব ৷ প্রকাশিত সমষ্টি পুনৰ নির্ধাৰণৰ খচৰা প্রস্তাৱে ৰাজ্যখনত বিধানসভাৰ ১০২খন আসনত বৃহত্তৰ অসমীয়া জাতিয়ে প্রতিনিধিত্ব কৰাৰ সুযোগ দিব ৷ খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে আহোম জনগোষ্ঠীৰ ভেটিও খচৰাখনে শক্তিশালী কৰিছে ৷ সেইদৰে আহোম অধ্যুষিত কোনো গাঁও কর্তন হোৱা নাই বুলি স্পষ্ট কৰি দি সাংসদ মার্ঘেৰিটাই কয় যে বিধানসভা সমষ্টিসমূহৰ চাৰিসীমাহে ইফাল সিফাল হৈছে৷ পূর্বতে যদি তেওঁলোকে আন সমষ্টিত ভোটদান কৰিছিল, এইবাৰ আন সমষ্টিত ভোটদান কৰিব৷ ইপিনে, সংবাদ মেলখনত মন্ত্রী যোগেন মহনে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যকালত আহোম জনগোষ্ঠীয়ে যথেষ্ট মর্যাদা পাইছে ৷ ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্র হোৱাৰ পথত অগ্রসৰ হৈছে ৷ লাচিত বৰফুকনক আন্তঃৰাষ্ট্রীয় পর্যায়লৈ লৈ গৈছে৷ যোৰহাটত ১৫০ ফুট উচ্চতাত বীৰ লাচিত বৰফুকনৰ প্রতিমূর্তি নির্মাণৰ কাম চলি আছে ৷ ৰংঘৰ প্রকল্পৰো কাম চলি আছে ৷ দুই–চাৰিজন গগৈৰ উপাধিৰ লোকৰ কথাত জনসাধাৰণ বিভ্রান্ত নহয় বুলি উল্লেখ কৰি মন্ত্রী মহনে কয় যে অহাবাৰ বিধানসভাত যি দলৰেই নহওক, আহোম জনগোষ্ঠীৰ প্রতিনিধি বৃদ্ধি পোৱাটো সমষ্টি পুনৰ নির্ধাৰণৰ খচৰা প্রস্তাৱে নিশ্চিত কৰিছে ৷ সেইদৰে সাংসদ তপন কুমাৰ গগৈয়েও চাওলুং চ্যুকাফাৰ আদর্শৰে বিজেপি দলে সকলোকে লগত লৈ বৰ অসম গঢ়িব বিচাৰিছে বুলি উল্লেখ কৰে ৷ সেইদৰে বিধায়ক সুশান্ত বৰগোহাঁয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মিছা কথাৰে মানুহক ভুল পথে পৰিচালিত কৰিবলৈ বিচৰাৰ অভিযোগ কৰি কয় যে অখিল গগৈয়ে ৰংঘৰ, কাৰেংঘৰ শিৱসাগৰ সমষ্টিত নাই বুলি কৈছে ৷ কিন্তু ৰংঘৰ, কাৰেংঘৰ শিৱসাগৰ সমষ্টিতে আছে ৷ অখিল গগৈয়ে অঞ্চলসমূহ ভালদৰে নজনাৰ বাবেই তেনেদৰে কৈছে ৷ আনহাতে, সংবাদ মেলখনত সাংসদ পৱিত্র মার্ঘেৰিটাই গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক তীব্র কটাক্ষ কৰি কয় যে গৌৰৱ গগৈ শংকিত হৈছে ৷ পূর্বতে কলিয়াবৰ লোকসভা সমষ্টিৰ বোকাখাত, দেৰগাঁও, গোলাঘাট, সৰুপথাৰ সমষ্টিত পৰাজিত হোৱাৰ পাছতো ৰূপহী, ধিং সমষ্টিত ডেৰ–দুই লাখকৈ ভোট লাভ কৰি জয়লাভ কৰি আহিছিল ৷ এইবাৰ কাজিৰঙা লোকসভা সমষ্টিত ৰূপহী, ধিং বিধানসভা সমষ্টি নথকাৰ বাবেই তেওঁ শংকিত হৈ পৰিছে ৷ সেইদৰে লুৰিণজ্যোতি গগৈৰ কোনো গণভিত্তি নাই ৷ তেওঁৰ দল এতিয়া এনজিঅ’ত পৰিণত হৈছে ৷ নির্দিষ্ট জনগোষ্ঠীৰ পৰিৱর্তে সমষ্টিসমূহ অসমীয়া অধ্যুষিত হৈ গ’ল ৷ সেয়ে লুৰিণজ্যোতি গগৈও শংকিত হৈছে ৷ অখিল গগৈয়েও এতিয়া শিৱসাগৰৰ পৰিৱর্তে বেলেগ সমষ্টি বিচাৰিছে ৷ তাৰ বাবেই তেওঁলোকে মিছা কথাৰে মানুহক ভুলকৈ পৰিচালিত কৰাৰ চেষ্টা চলাইছে ৷ সংবাদ মেলখনত বিধায়ক তৰংগ গগৈ, ধর্মেশ্বৰ কোঁৱৰো উপস্থিত থাকে ৷ উল্লেখ্য যে সমষ্টি পুনৰ নির্ধাৰণৰ খচৰা প্রস্তাৱ প্রকাশৰ পাছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই খচৰাখনে অহা ২৫ বছৰলৈ অসমীয়া জাতিক সুৰক্ষিত কৰি ৰাখিব বুলি মন্তব্য কৰাৰ লগতে আহোম জনগোষ্ঠীৰ আসনৰ সংখ্যা বৃদ্ধি পাব বুলি প্রকাশ কৰিছে ৷ আজি জনগোষ্ঠীটোৰ বিজেপি দলৰ সাংসদ, মন্ত্রী, বিধায়কসকলৰ ভাষ্যতো সেই প্রতিচ্ছবি প্রকাশ পোৱাই নহয়, সমষ্টি অনুসৰি ক’ত ক’ত আহোম জনগোষ্ঠীয়ে আধিপত্য বিস্তাৰ কৰি বিধানসভাত প্রতিনিধিত্ব কৰিব, তাৰো তালিকা দাঙি ধৰে ৷ ইয়াৰ পাছত এতিয়া বিৰোধী দলৰ আহোম জনগোষ্ঠীৰ নেতাসকলৰ স্থিতি কেনেধৰণৰ হয়, সেয়াহে লক্ষণীয় হ’ব ৷