নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত যুগ যুগ ধৰি বসবাস কৰাসকলেই খিলঞ্জীয়া

🔹 বিধানসভাত মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা

🔹 চৰৰ মাটি মাতব্বৰৰ পৰা মুকলি কৰাটো আমাৰ ডাঙৰ এজেণ্ডা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ফেব্রুৱাৰী : অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহেই খিলঞ্জীয়া৷ আমেৰিকাত যেনেদৰে ৰেড ইণ্ডিয়ানক খিলঞ্জীয়া বুলি কয়, অসমতো জনজাতীয় লোকসকলৰ লগতে মৰাণ, মটক, চুতীয়া আদিয়েই খিলঞ্জীয়া৷ কালি সদনত খিলঞ্জীয়াৰ সংজ্ঞা সন্দর্ভত এই ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ লগত সম্পর্কিত ২০২৩–২৪ বর্ষৰ পৰিপূৰক দাবী–মঞ্জুৰিৰ ‘ভূমি ৰাজহ’ সন্দর্ভত হোৱা আলোচনাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই নিজকো প্রব্রজিত বুলি উল্লেখ কৰি কয় যে আমি কনৌজৰ পৰা অহা৷ ৫০০ বছৰ পূর্বে আমাৰ পূর্বপুৰুষসকল কনৌজৰ পৰা আহিছিল৷ উক্ত কর্তন প্রস্তাৱক লৈ চলা আলোচনাত বিৰোধী সদস্যসকলে মিছন বসুন্ধৰাক লৈ চৰকাৰক কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মিছন বসুন্ধৰা প্রব্রজিত মুছলমানৰ বাবে নহয়৷ মাৰোৱাৰী, বিহাৰীকে ধৰি ভাৰতবর্ষৰ বিভিন্ন স্থানৰ পৰা অহা লোকসকলৰ বাবেও মিছন বসুন্ধৰা নহয়৷ মিছন বসুন্ধৰা হৈছে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচিৰ বাবে৷ মিছন বসুন্ধৰা হৈছে খিলঞ্জীয়া মানুহক এই চৰকাৰে দিয়া সুৰক্ষা, এটা উপহাৰহে৷ চৰ অঞ্চলকো মিছন বসুন্ধৰাত সামৰি ল’বলৈ বিৰোধীৰ বিধায়কসকলে কৰা মন্তব্যৰ প্রত্যুত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি কংগ্রেছে চৰৰ মানুহক মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ দিয়াৰ কথা কৈছে৷ কিন্তু কংগ্রেছ চৰকাৰৰ দিনত চৰৰ ভূমিক লৈ কোনো এছেছমেণ্ট নহয়৷ চৰৰ মাটিৰ কোনো ৰেকর্ড চৰকাৰৰ হাতত নাই৷ তদুপৰি মিছন বসুন্ধৰা অৰুণোদয়ৰ দৰে এখন আঁচনিও নহয়, য’ত যিমানে আবেদন কৰিব সিমানেই লাভ কৰিব৷ মিছন বসুন্ধৰাক লৈ জনজাতি, অনুসূচিত জাতি আৰু অ’বিচি সম্প্রদায়ৰ এজন বিধায়কক বাদ দি আন কাৰো আপত্তি নাই৷ কংগ্রেছকে ধৰি সংখ্যালঘু বিধায়কসকলেহে কেৱল আপত্তি কৰিছে৷ মিঞা, অভিভাষী মুছলমানৰ বাবে মিছন বসুন্ধৰা কৰা হোৱা নাই৷ তেওঁলোক নাগৰিক হয়, কিন্তু খিলঞ্জীয়া নহয়৷ মিছন বসুন্ধৰাৰ গাইড লাইন অনুসৰি তিনিটা প্রজন্মই বসবাস কৰা ভূমিতহে বন্দৱস্তি দিয়াৰ কথা উল্লেখ আছে৷ কিন্তু দেখা গৈছে তিনিটা প্রজন্ম বসবাস নকৰা বহুতেই দখলত নথকা মাটি বন্দৱস্তিৰ বাবে আবেদন কৰিছে৷ যিমান মাটিৰ দালাল আছে, সকলোৱে মিছন বসুন্ধৰাত আবেদন কৰিছে৷ ভাল মানুহেও বিচাৰিছে, দালালেও বিচাৰিছে৷ সেইদৰে প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মাটিত কংগ্রেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ বন্দৱস্তি দিবলৈ জনোৱা দাবী সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যদি প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মাটিত মিছন বসুন্ধৰা চলাব লাগে, তেতিয়াহ’লে এইখন দেশ হৈ নাথাকে৷ আজি সদনত বিৰোধীৰ বিধায়কসকলে মিছন বসুন্ধৰাক লৈ কৰা মন্তব্যই এটা বার্তা দিলে মিছন বসুন্ধৰাই অকল খিলঞ্জীয়া মানুহকহে সন্মান দিছে৷ মই যিটো ৰাজনৈতিক বার্তা দিব বিচাৰিছিলোঁ সেইটো বিৰোধীয়েই দি দিলে৷ ইয়াৰ বাবে বিৰোধীক ধন্যবাদ জনাওঁ৷ মিছন বসুন্ধৰাৰ প্রধান নর্মছক লৈ চৰকাৰে আপোচ নকৰে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিয়ে ইমানদিনে ভূমি পট্টা পোৱা নাছিল৷ অহা ১৬ ফেব্রুৱাৰীৰ পৰা দুই লাখৰো অধিক লোকক ভূমি পট্টা প্রদান কৰা হ’ব৷ ২,২৯,৬৬০জনক ভূমি বন্দৱস্তি দিয়া হ’ব৷ ইয়াৰে ১.৯৫ লাখ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সম্প্রদায়ৰ৷ সাধাৰণ শ্রেণীৰ ৩০ হাজাৰকহে ভূমি বন্দৱস্তি দিয়া হ’ব৷ তদুপৰি ৮৪৯খন এন চি ভিলেজৰ দ্রোণ জৰীপ হৈ গৈছে৷ ২৪৯খন এন চি ভিলেজৰ জৰীপ হৈ গৈছে৷ ২০২৫ চনৰ ফেব্রুৱাৰীৰ ভিতৰত নন–কেডেষ্ট’ৰেল গাঁও কেডেষ্ট’ৰেল গাঁৱলৈ পৰিৱর্তিত হ’ব৷ তেতিয়া আৰু এক লাখ মানুহে ভূমি বন্দৱস্তি পাব৷ পৰৱর্তী পর্যায়ত এজ্মালী পট্টা ভাঙি পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব যাতে ভূমিক লৈ ভাই–ককাইৰ মাজত কাজিয়া কমি যায়৷ ভিজিআৰ–পিজিআৰত বসবাস কৰা লোককো এটা নর্মছৰ ভিতৰত ভূমি বন্দৱস্তি কৰা হ’ব৷ মিছন বসুন্ধৰা আৰু ১০ বছৰলৈ চলি থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়া যিসকলে ভূমি বন্দৱস্তি লাভ কৰা নাই, তেওঁলোকে বসুন্ধৰা ৩, বসুন্ধৰা ৪, বসুন্ধৰা ৫ আদিত পাই থাকিব৷ বিটিআৰতো থলুৱাক ভূমি পট্টা দিয়াৰ কাম আৰম্ভ হৈছে৷ ৰাজ্যখনত ভূমি সংস্কাৰৰ বৃহৎ কাম আৰম্ভ হৈছে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ চৰকাৰে তিনি বছৰৰ ভিতৰত দুই লাখৰো অধিক লোকক ভূমি বন্দৱস্তি দিয়াৰ ব্যৱস্থা কৰিছে৷ অসমত কেতিয়া কোন চৰকাৰে ইমানসংখ্যক লোকক ভূমি পট্টন দিছে? তৰুণ গগৈ, প্রফুল্ল মহন্ত চৰকাৰেও ইমানসংখ্যক লোকক ভূমি পট্টন দিব পৰা নাছিল৷ মোৰ ৰাজনৈতিক গুৰু হিতেশ্বৰ শইকীয়ায়ো দিব পৰা নাছিল৷ কংগ্রেছে ১৫ বছৰীয়া শাসনকালত ১৫ হাজাৰ লোককো ভূমি পট্টন দিব পৰা নাছিল৷ আজি সদনত বিৰোধীয়ে কৈছে– মই দুই লাখক ভূমি পট্টন দিছোঁ৷ এয়া মোৰ ৰাজনৈতিক জীৱনৰ এক ডাঙৰ প্রাপ্তি৷ কাৰণ, তিনি বছৰত দুই লাখ মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰিছোঁ৷ ইমান ডাঙৰ নীৰৱ বিপ্লৱ কোনো দেশতে হোৱা নাই৷ বাঁওপন্থীয়েও কেৰালাত তিনি বছৰত কিমানক ভূমি পট্টন দিছে মই নাজানো৷ চৰ অঞ্চলৰ সংখ্যালঘুক ভূমি পট্টন দিয়া সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সংখ্যালঘুক মাটি নিদিওঁ বুলি মই কেতিয়াও কোৱা নাই৷ সেইটো ভুল বার্তা যাব নালাগে৷ এই সম্পর্কত বিৰোধীৰ বিধায়কসকলক তেওঁলোকৰ সমষ্টিত কোনোবা গৰিয়া, কোনোবা মৰিয়া মানুহে যদি ভূমি বন্দৱস্তি পাব লাগে, তেতিয়াহ’লে স্থানীয় ভূমি উপদেষ্টা পৰিষদত আবেদন কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্থানীয় বিধায়কসকল ভূমি উপদেষ্টা পৰিষদৰ সদস্য৷ চৰৰ মাটিক লৈ খুব উদ্বিগ্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেইদিনমান আগেয়ে ওৰাঙৰ পৰা কিছু মানুহ উচ্ছেদ কৰা হয়৷ তেওঁলোকক লাহৰীঘাটত সংস্থাপিত কৰিব বিচাৰোঁ আৰু এই সম্পর্কত আমছুৰ লগতো আলোচনা হ’ল৷ কিন্তু সেই সময়তে মৰিগাঁৱৰ উপায়ুক্তই জনালে লাহৰীঘাটৰ সেই মাটি মাতব্বৰে দখল কৰি ৰাখিছে৷ ২২জন মাতব্বৰে দুই হাজাৰ বিঘা মাটি দখল কৰি আছে৷ সেইসকল মাতব্বৰে ৰাজনৈতিক সংৰক্ষণো লাভ কৰি আহিছে৷ কংগ্রেছ চৰকাৰৰ দিনত চৰৰ ভূমিলেখনৰ কোনো কামেই নহ’ল৷ চৰৰ মাটিক মাতব্বৰৰ পৰা মুকলি কৰাটো আমাৰ এটা ডাঙৰ এজেণ্ডা৷ কাৰণ চৰত ভূমি পট্টা নিদিলে চৰৰ মাটি মাতব্বৰে খাই থাকিব৷ লাহৰীঘাটৰ সেই অভিজ্ঞতাই তেওঁৰ চকু মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই মাতব্বৰসকলেই দুই–তিনিজনীকৈ বিয়া কৰায়৷ অনুসন্ধান কৰি দেখা গ’ল সেই মাতব্বৰসকলে কাৰোবাক খেতি কৰিবলৈ দিয়াৰ বিনিময়ত সেই লোকজনৰ ছোৱালীক তেওঁলৈ বিয়া দিয়াৰ চর্ত আৰোপ কৰে৷ কংগ্রেছ দল আৰু মাতব্বৰৰ মাজত থকা সম্পর্কৰ বাবেই চৰত ইমানদিনে ভূমিলেখন হোৱা নাছিল৷ এতিয়া চৰৰ সাধাৰণ দুখীয়া লোকক সাত বিঘাকৈ মাটি দিলেও চৰৰ বহু মাটি চৰকাৰৰ হাতলৈ আহিব৷ এবছৰত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ ভূমি সমস্যা সমাধান কৰাৰ পাছত চৰৰ ভূমিলেখন প্রক্রিয়াত চৰকাৰ অগ্রসৰ হ’ব৷ লাহৰীঘাটৰ সাধাৰণ মানুহৰ মাটি মাতব্বৰে দখল কৰি লোৱাৰ বাবেই সেইসকল লোকে ওৰাঙত বনাঞ্চল দখল কৰিবলৈ বাধ্য হৈছে৷ সেই মাতব্বৰসকলৰ পৰা কংগ্রেছে ভোটৰ স্বার্থত মাটি কাঢ়ি আনিব নোৱাৰিলে৷ এতিয়া সেই কাম আমি কৰিম৷ আমাক সেইসকলৰ ভোট নালাগে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোক যিমান উদাৰ হ’ব, এইফালেও সিমান উদাৰ হ’ব৷ তেওঁলোকৰো যেতিয়া দুটা সন্তান থাকিব, বাল্যবিবাহ নাথাকিব, তেতিয়া এইফালেও তেওঁলোকক লৈ ভাবুকি অনুভৱ নকৰিব৷ এতিয়া শিৱসাগৰৰ মানুহ এজন বৰপেটালৈ গ’লে বেলেগ এখন দেশলৈ অহা বুলি ভাবে৷ এই পার্থক্যটো মছজিদ–মন্দিৰত যোৱাক লৈ নহয়৷ পার্থক্যটো হ’ল সমাজ ব্যৱস্থা নিমিলে৷ বৰপেটাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এজনী ২৫ বছৰীয়া ছোৱালীৰ পাঁচটাকৈ সন্তান থাকে৷ সেইখিনিৰ সংস্কাৰ আনিব লাগিব৷ বৰপেটা, ধুবুৰী, গোৱালপাৰাত যিমান প্রাদেশীকৃত বিদ্যালয় আছে ডিব্রুগড়, শিৱসাগৰত ইমান নাই৷ তাৰ কাৰণটো হৈছে বৰপেটা, ধুবুৰী, গোৱালপাৰাত তেওঁলোকৰ জনসংখ্যা বেছি৷ তাৰ বাবে বিদ্যালয়ৰ সংখ্যাও বেছি৷

You might also like