নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত আলি আয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি

🔹 গুমৰাগ-ঐনিতমৰ ছন্দত মুখৰ মিচিং অধ্যুষিত অঞ্চল

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : ৰং সলাইছে প্ৰকৃতিয়ে৷ চৌদিশে ফুলিছে পলাশ, মদাৰ, শিমলু।ৰাঙলী হৈছে ৰাজ্যৰ আকাশ । ফাগুনৰ আগমনে কঢ়িয়াই আনিছে উৎসৱৰ বতৰা। ফাগুন মানেই যেন ঐনিতম, গুমৰাগৰ সময়। ফাগুন মানেই যেন আলি আয়ে লৃগাং। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। প্ৰাণোচ্ছল হৈ উঠিছে মিচিং জনবসতি অঞ্চলসমূহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মিচিং জনবসতিপ্ৰধান ঢকুৱাখনাতো চলিছে এতিয়া আলি আয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি। ঐনিতমৰ সুৰত আৰু গুমৰাগৰ ছন্দত মুখৰিত হৈ পৰিছে ঢকুৱাখনাৰ মিচিং অধ্যুষিত অঞ্চলসমূহ । চোতাল-পথাৰ সকলোতে অবিৰাম নিগৰিছে কেৱল ঐনিতম। উল্লেখ্য যে ফাগুন মাহৰ প্ৰথম বুধবাৰে উদ্‌যাপন কৰা হয় ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং। অসমৰ দ্বিতীয় বৃহৎ ভূমিপুত্ৰ জনগোষ্ঠী মিচিং সম্প্ৰদায়ৰ মাজত লৃগাঙক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙৰ উছাহত মতলীয়া সকলোৰে মন। জনগোষ্ঠীটোৰ প্ৰাণৰ উৎসৱ আলি আয়ে লৃগাং পালনৰ বাবে এতিয়া আনন্দ মতলীয়া হৈছে ঢকুৱাখনাৰ মিচিং সমাজ। ঢোল, তাল আদি বাদ্য যন্ত্ৰসমূহৰো পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিছত গাঁৱে গাঁৱে গুমৰাগ নৃত্যৰ আখৰা, ঢোলৰ শব্দ, ঐনিতমৰ সুৰৰ লহৰ বাজি উঠিছে। ঢকুৱাখনাৰ মাতমৰাৰ মিচিং জনগোষ্ঠীৰ ডেকা-গাভৰুসকল একলগ হৈ গুমৰাগৰ আখৰাত ব্যস্ত হৈ পৰিছে।

নানাৰঙী সাজপাৰ পিন্ধি মিচিং ডেকা-গাভৰুসকলে ব্ৰহ্মপুত্ৰৰ পাৰত সৃষ্টি কৰিছে বৰ্ণিল পৰিৱেশ। ঐনিতমৰ সুৰত জীপাল হৈ পৰিছে সমগ্ৰ অঞ্চল। গুমৰাগৰ ছন্দত কঁকাল ভাঙি নাচি আনন্দত আত্মহাৰা সকলো। মনৰ আনন্দতে সকলো নাচি-বাগি সকলো সাজু হৈছে প্ৰাণৰ উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ বাবে।অঞ্চলটোৰ ২০খনৰো অধিক গাঁও একলগ হৈ আঞ্চলিক ভিত্তিত উদযাপন কৰিব আলি আয়ে লৃগাং। ইফালে, বৃহত্তৰ অঞ্চলটোৰ জীয়ৰী-বোৱাৰীসকল ব্যস্ত জনগোষ্ঠীটোৰ পৰম্পৰাগত পানীয় প:ৰ আপং, ন:গিন আপঙকে ধৰি আলি আয়ে লৃগাঙৰ প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। একেদৰেই ব্যস্ততাৰ অন্ত নাই জীয়ৰীসকলৰো। এটা মিঠা হাঁহি বিয়পাই তাঁতৰ শালত বহিছে জীয়ৰীসকল। তাঁতৰ শালত বাৰে বাৰে লাগিছে আউল। মিবু গালোক, মচাং এগে-গাচৰ, পেঃৰ, বিবি, গাচেং, এৰকংক, গনঃৰ উগন, মিবু গালুক, টঙালি আদি বিভিন্ন সাজপাৰ প্ৰস্তুত কাৰ্য ইতিমধ্যে সম্পন্ন কৰি তুলিছে মিচিং গাভৰুসকলে। আকাশে-বতাহে সুৰীয়া ঐনিতমৰ সুৰ বিয়পাই পৰম্পৰা ৰক্ষা কৰি হেঁপাহৰ লৃগাঙক আদৰিবলৈ সাজু হৈছে সকলো।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like