নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে দান কৰিলে কাঠেৰে নিৰ্মিত গঁড়

🔹 ৰূপহী উ: মা: বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ ৷ ২০১০ আৰু ২০১১ বৰ্ষৰ প্ৰাক্তন ছাত্ৰকেইজনে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে দান কৰিলে কাঠেৰে নিৰ্মাণ কৰা এটা অসম বিখ্যাত এশিঙীয়া গঁড় ৷ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰাক্তন ছাত্ৰ তথা ছয় বন্ধুৱে মিলি বিদ্যালয়খনত নিজৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ দান কৰিলে অসম বিখ্যাত এই এশিঙীয়া গঁড়ৰ প্ৰতিমূৰ্তি ৷ বিদ্যালয়খনৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কাঠেৰে নিৰ্মাণ কৰা এশিঙীয়া গঁড় দান কৰা প্ৰাক্তন ছাত্ৰকেইজন হ’ল- আলবিন হুছেইন, মঞ্জুৰ আহম্মেদ, মোশ্বাহীদ আহম্মেদ, খাইৰুল ইছলাম, মোস্তাক আহম্মেদ, পিয়াৰ মোহাম্মদ হাদাদ ৷ বিদ্যালয় তথা শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি থকা মৰম আৰু ভালপোৱাই পুনৰ প্ৰমাণ কৰি দেখুৱালে এইসকল প্ৰাক্তন ছাত্ৰ তথা ছয় বন্ধুৱে ৷ প্ৰাক্তন ছাত্ৰসকলৰ এনে কামক লৈ উৎফুল্লিত ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল ৷ প্ৰাক্তন ছাত্ৰকেইজনৰ এনে প্ৰশংসনীয় পদক্ষেপক সকলোৱে একমুখে শলাগ লৈছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like