নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তী অহা-যোৱা পথত খান্দিলে বৃহৎ নলা

🔹 চাহ বাগিচা কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ : গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি বন্যহস্তীৰ মুক্ত বিচৰণথলীত পৰিণত হৈছে আৰু হাতীৰ পৰা ৰক্ষা পাবলৈ কৃষক ৰাইজ, উদ্যোগী সকলোৱে নিজা নিজাকৈ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ৷ কিন্তু তাৰ মাজতে ৰাইজ, উদ্যোগীৰ কিছু হঠকাৰী কাৰ্যই হাতী-মানুহৰ সংঘাত আৰু ভয়ংকৰ কৰি তোলাতহে অৰিহণা যোগাইছে৷ সমৰ্থৱানসকলে নিজাকৈ বৈদ্যুতিক ফেঞ্চিঙেৰে হাতীৰ পথত বাধা দিয়াৰ লগতে কোনো কোনো চাহ বাগিচা কৰ্তৃপক্ষই হাতীৰ পৰম্পৰাগত পথত বৃহৎ খাল খান্দিছে৷ মৰঙিৰ নামবৰ-দৈগ্ৰোং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীক বাধা দিবলৈ অভয়জান চাহ বাগিচা কৰ্তৃপক্ষই খান্দিছে বৃহৎ নলা৷ প্ৰতিদিনে জনাঞ্চললৈ অহা পথত আহি পৰা নলাৰ বাবে বনৰীয়া হাতী দিশহাৰা হৈ পৰিছে৷ সদায় ওলোৱা-সোমোৱা কৰা পথৰ নলাত হাতী নামি পৰাত গোটেই নলাটো বোকাময় হৈ পৰিছে আৰু বনৰীয়া হাতীয়ে আঁঠু কাঢ়ি সেই নলা পাৰ হোৱা দেখা গৈছে৷ অভয়জান চাহ বাগিচাৰ এই অবিবেচকী কাণ্ডৰ বাবেই নলাৰ বোকাত আবদ্ধ হৈ হাতী পোৱালি মৃত্যুৰ সম্ভাৱনাও বৃদ্ধি পাইছে৷ নলা পাৰ হৈ অহা বন্যহস্তী পুনৰ সেই নলাৰে ওলটি যাবলৈ নিবিচৰা বাবে জনাঞ্চলৰ মাজতে সোমাই পৰি ত্ৰাসৰ সৃষ্টি কৰিছে৷ প্ৰকৃতি কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে অভয়জান চাহ বাগিচাৰ সেই কাণ্ডত চিন্তা ব্যক্ত কৰি শীঘ্ৰেই সেই নলা পুতি হাতীৰ পৰম্পৰাগত পথটো মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনক অনুৰোধ জনাইছে৷ ইফালে, প্ৰকৃতি কৰ্মী আৰু সাধাৰণ ৰাইজৰ চাপৰ বাবেই বৈদ্যুতিক ফেঞ্চিং আৰু হাতী অহা-যোৱা পথৰ বৃহৎ নলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে গোলাঘাটৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া ৷ ডিএফঅ’ ঠাকুৰীয়াই গোটেই বিষয়টো জিলা আয়ুক্তৰ সৈতে আলোচনা কৰি বৈদ্যুতিক ফেঞ্চিং দিয়া আৰু হাতীৰ পথত অবৈধভাৱে নলা খন্দাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷
প্ৰেৰক অৰ্ণৱ শইকীয়া
You might also like