নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহমৰীয়া থানাৰ লকআপ-ৰ পৰা পলাল চোৰ, বাগিচাই বাগিচাই চোৰ বিচাৰি হাবাথুৰি স্মাৰ্ট আৰক্ষী

স্মাৰ্ট আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাত থানাৰ লকআপ-ৰ পৰাই পলাবলৈ সক্ষম হয় এটা চোৰ। পুৱা প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ ছলেৰে ৰহমৰীয়া থানাৰ পৰা‌ই পলায়ন চোৰৰ। পলায়ন কৰা চোৰক বিচাৰি বাগানে বাগানে স্মাৰ্ট আৰক্ষীৰ অভিযান। ৰহমৰীয়া আৰক্ষী থানা ঘেৰাও স্থানীয় লোকৰ।

উল্লেখযোগ্য যে চাবুৱাৰ ৰহমৰীয়াত দীৰ্ঘদিন ধৰি বিভিন্ন দোকানত চুৰি কৰি পৰাগ দাস (২৫) নামৰ এটা চোৰে সন্ত্ৰাস চলাই আহিছিল। যোৱা ৪ দিন পূৰ্বে স্থানীয় লোকে কৰায়ত্ত কৰি গতাই দিছিল স্থানীয় ৰহমৰীয়া আৰক্ষীক।

এইকেইদিন আৰক্ষীৰ জিম্মাতেই ৰাখিছিল পৰাগ দাস নামৰ চোৰটোক। কিন্তু কালি নিশা প্ৰস্ৰাৱ কৰাৰ ছলেৰে লকআপৰ পৰাই পলাল চোৰটো। এটা সাধাৰণ চোৰক ধৰি ৰাখিব নোৱাৰা ৰহমৰীয়া আৰক্ষীৰ বিৰুদ্ধে ৰহমৰীয়া থানা ঘেৰাও কৰিছে স্থানীয় লোকে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ

You might also like