নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসী বাহনেৰে ছাগলী চুৰি : বিশ্বনাথত চোৰক গণপ্ৰহাৰ

বিশেষ বাৰ্তা, ১০ জুলাইঃ এশ গৰু মাৰিলে বাঘৰো মৰণ। এই আপ্তবাক্যশাৰী যেন সঁ‌চা প্ৰমাণিত হ’ল বিশ্বনাথৰ বৰঝাৰণিত। কাৰ্যতঃ বিলাসী বাহন লৈ ছাগলী চোৰ কৰিবলৈ গৈ এইবাৰ গণ ৰোষত পৰিল চাৰিজনকৈ চোৰ। আনকি চোৰে ছাগলী চোৰ কৰিবলৈ ব্যবহাৰ কৰা বিলাসী বাহনত ৰাইজে উজাৰিলে নিজৰ ক্ষোভ। শিল লাঠি, কাঠ যিয়ে যি পাইছে তাৰেই গাড়ীত চলালে আক্ৰমণ। উল্লেখ্য যে দীৰ্ঘ দিনধৰি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ তিনিসুঁ‌তি আৰক্ষী চাউনিৰ অন্তৰ্গত বৰঝাৰণি অঞ্চলত ছাগলী চোৰে সন্ত্ৰাস অব্যাহত ৰাখিছিল। এৰাল দিয়া ছাগলীৰ পৰা আৰম্ভ কৰি ছাগলী গৰালৰ পৰাও চোৰে লৈ গৈছিল বহু ছাগলী। আজিও আন দিনৰ দৰে বৰঝাৰণি অঞ্চলত চাৰিজনীয়া চোৰৰ দল এটাই এ এছ ০২টি ৩৯৪৫ নম্বৰৰ এখন বিলাসী গাড়ী লৈ ছাগলী চুৰিৰ বাবে অঞ্চলটোত উপস্থিত হয়। কিন্তু চোৰৰ দলটোৰ আজি কপাল বেয়া। ফলত চোৰৰ দলটোৱে অঞ্চলটোৰ পৰা ছাগলী চুৰ কৰি বিলাসী বাহনত ভৰাই থকা সময়তে প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। লগে লগে ৰাইজে চোৰকেইটাক উত্তম-মধ্যম শোধাই যদিও সুযোগ বুজি পলায়ন কৰে। ইয়াৰ  পিছতে তিনিসুঁ‌তি আৰক্ষী শিৱিৰত খবৰ দিয়াত আৰক্ষীৰ সহায়ত ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে চোৰৰ দলটোক। ইফালে চোৰৰ দলটোয়ে ব্যবহাৰ কৰা বিলাসী বহনখনতো ৰাইজে আক্ৰমণ চলায়।বাহন খনত আক্ৰমণ চলাই ৰাইজে সম্পূৰ্ণ ধংস কৰে। এই গাড়ীখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ দুটাকৈ ছাগলী উদ্ধাৰ কৰিছে। আনহাতে ছাগলী চোৰকেইজন চতিয়াৰ চৰাইজনীয়া গাঁৱৰ সোণটি আলি, আনোৱাৰ, বাবু আৰু নুৰুল বুলি জানিব পৰা গৈছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like