নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ধুবুৰীত অব্যাহত আছে চোৰৰ সন্ত্ৰাস। এইবাৰ চোখে লুটি নিলে ধুবুৰীৰ ঐতিহ্যমণ্ডিত মন্দিৰ এটাৰ দান ভাণ্ডাৰৰ বাকচ। ধুবুৰী চহৰৰ কালীবাৰী ৰোডস্থিত শ্ৰীসীতাৰাম ঠাকুৰবাৰী মন্দিৰৰ চিচি কেমেৰাত আজি পুৱতিনিশা আনুমানিক ৩-১০ মান বজাত দান ভাণ্ডাৰৰ বাকচটো চুৰি হোৱা বুলি লিপিবদ্ধ হোৱা বুলি জনাইছে মন্দিৰটোৰ কৰ্তৃপক্ষ। আনুমানিক ২০/২৫ হাজাৰ মান টকা বাকচটোত থকা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে বিগত ১০ ডিচেম্বৰ তাৰিখে ঘৰত কোনো নথকাৰ সুযোগলৈ ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ এগৰাকী প্ৰতিষ্ঠিত চাৰ্টাৰ্ড একাউন্টেণ্ট অনুপ চান্দ সেঠীয়াৰ গৃহৰ পৰা আনুমানিক প্ৰায় ২০ লাখ টকাৰ সামগ্ৰী চুৰি হৈছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী