নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেটত একাংশ শিক্ষাৰ্থী

🔹 বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীৰ ফটো সংগ্ৰহ কৰি বিকৃত ৰূপত উপস্থাপন

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : মহানগৰীত চাইবাৰ অপৰাধীৰ দৌৰাত্ম্য অবাধ গতিত বৃদ্ধি পাইছে। চাইবাৰ অপৰাধীৰ অতপালিত বিভিন্নজন সৰ্বস্বান্ত হ’বলগীয়া হৈছে। মহানগৰীত এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেটত একাংশ শিক্ষাৰ্থী । চাইবাৰ অপৰাধীয়ে বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীক লক্ষ্য হিচাপে লৈছে। জানিব পৰা মতে, মহাবিদ্যালয়খনৰ ৫০গৰাকীতকৈও অধিক ছাত্রীৰ ফটো অশ্লীল ৰূপত সম্পাদনা কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে চাইবাৰ অপৰাধীয়ে । কোনো দুষ্টচক্ৰই কেইবাগৰাকী ছাত্ৰীৰ ফটো সম্পাদনা কৰি বিকৃত ৰূপ দি ভাইৰেল কৰিছে সামাজিক মাধ্যমত। মহাবিদ্যালয়খনৰ ছাত্ৰীৰ ফটো সংগ্ৰহ কৰি বিকৃত ৰূপত উপস্থাপন কৰি বিভিন্ন ভাবুকি দি আহিছে চাইবাৰ অপৰাধীয়ে। বিগত ২৩ ছেপ্টেম্বৰৰ পৰা সংঘটিত হৈ আহিছে এই ঘটনা। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বশিষ্ঠৰ সহকাৰী আৰক্ষী আয়ুক্ত প্ৰাঞ্জল বৰুৱাক সাক্ষাৎ কৰি উক্ত ঘটনা সন্দৰ্ভত এক সুবিচাৰ দাবী কৰে।

You might also like