নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“ব্যক্তিগত বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক শোষণ কৰে, গতিকে সকলোৱে চৰকাৰী বিদ্যালয়লৈ আহক” -ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ  “মানুহে নাৰ্চিং হোমবোৰক ভাল বুলি ভাবি আছিলে, কিন্তু চৰকাৰী চিকিৎসালয়সমূহ কিমান ভাল সেয়া ক’ৰোনাই প্ৰমাণ কৰি দিলে । গতিকে বহু লোকে চৰকাৰী বিদ্যালয়লৈ নোযোৱাকৈয়ে চৰকাৰী বিদ্যালয়সমূহ বেয়া বুলি ভাবি লয় । আচলতে ভাল অভিভাৱক নোযোৱাৰ বাবেহে চৰকাৰী বিদ্যালয়সমূহ বেয়া হৈছে”– এই মন্তব্য স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

ইপিনে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে আচলতে ভাল অভিভাৱক নোযোৱাৰ বাবেহে চৰকাৰী বিদ্যালয়সমূহ বেয়া হৈছে । যদি কোনো উপায়ুক্তই নিজৰ ল’ৰা-ছোৱালীক চৰকাৰী বিদ্যালয়ত দিয়ে, এজন মন্ত্ৰী বা বিধায়কে যদি নিজৰ ল’ৰা-ছোৱালীক চৰকাৰী বিদ্যালয়লৈ পঠিয়ায়, তেন্তে আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা সুন্দৰভাৱে গঢ় লৈ উঠিব । আগত আমি ভবা নাছিলো কিন্তু ক’ৰোনাই এয়া যে সম্ভৱ সেয়া প্ৰমাণ কৰি দেখুৱালে ।

ইয়াৰোপৰি তেওঁ কয়- যদি অনলাইন ক্লাছ কৰিয়ে পৰীক্ষাত পাছ কৰিব পাৰি, তেন্তে বিদ্যালয়লৈ গৈ হাজাৰ হাজাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাই । গতিকে ব্যক্তিগত বিদ্যালয়ত ল’ৰা-ছোৱালী নিদিলেও হয় । তাৰ বিপৰীতে চৰকাৰী বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তি কৰাই ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডক উন্নত কৰাৰো আহ্বান জনায় শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like