🔹 ৫০ লক্ষাধিক টকা লৈ উধাও এ পি এম
বিশেষ বাৰ্তা, ৬ অক্টোবৰ : অতি সম্প্ৰতি অসমত চাইবাৰ ফ্ৰড আদিকে ধৰি কোনো পৰিচয় নথকা একাংশ অনলাইন ব্যৱসায়ৰ নামত বিভিন্ন বহিৰাগত ব্যৱসায়িক গোষ্ঠীয়ে কোটি কোটি টকা আত্মসাত কৰি থকাৰ খবৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাই অহাৰ পিছতো যেন সহজ ধন ঘটাৰ মোহ এৰিব পৰা নাই একাংশ ব্যক্তিয়ে। এনে কাণ্ডত যদি মাত্ৰ সহজ-সৰল জনসাধাৰণ ভুক্তভোগী হ’লহেঁতেন তেন্তে ইয়াক অভিজ্ঞতা বা সচেতনতাৰ অভাৱ বুলি ক’ব পৰা গ’লহেঁতেন, কিন্তু ইয়াৰ বিপৰীতে এইবাৰ এনে ঠগ-প্ৰৱঞ্চনাৰ বলি হোৱা লোকৰ সূচীত ৰিক্সাৱালা, ঠেলাৱালা, শ্ৰমিক, ব্যৱসায়ীৰ পৰা আছে অভিযন্তা, সাংবাদিক আৰু শিক্ষকতাৰ বৃত্তিত জড়িত বিভিন্ন উচ্চ পদবীধাৰী লোকলৈকে । এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ, টিংখাং, টেঙাখাত, নাহৰকটীয়া, নামৰূপ আৰু দুলীয়াজানৰ বিভিন্ন অঞ্চলত। উল্লেখযোগ্য যে এই অঞ্চলকেইটাত বিগত প্ৰায় ৪ মাহ ধৰি APM Terminal নামৰ এটা Online Appত অতি কম দিনৰ ভিতৰতে খটুৱা ধন দুগুণ অথবা দৈনিক লাভাংশ পোৱাৰ লোভ দেখুৱাই ইয়াৰ লগত জড়িত একাংশ লোকে নিজৰ তলত বহু ব্যক্তিক নিয়োগ কৰিছিল। মন কৰিবলগীয়া যে টেলিগ্ৰাম নামৰ এটা appৰ জৰিয়তে গ্রুপ খুলি সমগ্ৰ ব্যৱসায় চলোৱা এই APM নামৰ কোম্পানীটোৱে ইয়াৰ উপভোক্তাসকলক প্ৰথমাৱস্থাত ৬০০ টকা দি যোগদান কৰাই দৈনিক ১৮ টকাকৈ লাভাংশ প্ৰদান কৰাইছিল। ইয়াৰ মোহত পৰা মানুহৰ সংখ্যা যেতিয়াই বৃদ্ধি পাবলৈ ধৰিলে, তেতিয়াই কোম্পানীটোৱে ইয়াৰ আঁচনিৰ পৰিমাণ বৃদ্ধি কৰি ১৫০০ টকাত যোগদান কৰিলে দৈনিক ৭৫ টকা, ৬০০০ টকাত যোগদান কৰিলে দৈনিক ৩০০ টকা, ১৫০০০ টকাত যোগদান কৰিলে দৈনিক ৭৫০ টকা, ৩৫০০০ টকাত যোগদান কৰিলে দৈনিক ১২০০ টকা, ৯৮০০০ টকাত যোগদান কৰিলে দৈনিক ৪৫০০ টকা লাভ কৰাৰ আন কেইবাটাও অতি অবিশ্বাস্য লোভনীয় অফাৰ আগবঢ়ায়। যাৰ ফলত অতি সহজে এই লোভনীয় আঁচনিত ভোল গৈ এই অঞ্চলকেইটাৰ সাধাৰণ শ্ৰমিক, ৰিক্সাৱালাৰ পৰা চৰকাৰী কৰ্মচাৰী, অভিযন্তা, শিক্ষক, ৰাজনৈতিক নেতা-কৰ্মী আদিয়েই এই appত লাখ লাখ ধন বিনিয়োগ কৰিবলৈ ধৰে। কিন্তু বিগত কেইদিনমানৰ পৰা এই appটোৱে ভালদৰে কাম নকৰাত একাংশ লোকে সন্দেহ প্ৰকাশ কৰোঁতেই অৱশেষত যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা ই সম্পূৰ্ণৰূপে অন্তৰ্ধান হৈ পৰাত সকলোৰে মূৰত সৰগ ভাগি পৰে। মন কৰিবলগীয়া যে কোম্পানীটোৰ প্ৰফাইলত প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিৰ ফটো-ভিডিঅ’ আদি upload কৰি কোম্পানীটোৱে উপভোক্তাসকলক কোম্পানীটোৰ প্ৰতি অধিক বিশ্বাসযোগ্য কৰি তুলিবলৈ সক্ষম হোৱাৰ ফলত সহজ ধন ঘটাৰ মানসিকতা থকা হাজাৰ হাজাৰ লোকে ইয়াৰ ফান্দত পৰি অকল নাহৰকটীয়া অঞ্চলতে ৫০ লক্ষাধিক টকা হেৰুৱাব লগা হ’ল বুলি তথ্য লাভ কৰা হৈছে। উল্লেখযোগ্য যে নিজৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধনেৰে অচিন কাঠৰ থোৰা লগাবলৈ গৈ মূলধনো হেৰুওৱাৰ ফলত এতিয়া দিকবিদিক হেৰুৱাই ভুক্তভোগীসকলে এই কোম্পানীটোৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমত গোচৰ দিয়াৰ যো-জা চলাইছে যদিও এনে প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে নিতৌ বাতৰি ওলাই থকাৰ পিছতো সহজ ধন ঘটাৰ ধান্দাত নিজৰ ভৰিত নিজে কুঠাৰ মৰা এইসকল লোকে যে নিজৰ সাঁচতীয়া ধন ঘূৰাই পাবলৈ সক্ষম হ’ব, সেয়া পৰ্বতত কাছ কণী বিচৰাৰ দৰেহে হ’ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা