বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ এটা জাকে বৃহত্তৰ অঞ্চলত উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ অনিষ্ট কৰিছে। যোৱানিশা হাতীৰ জাকটো কেবাটাও ভাগত বিভক্ত হৈ কেবাঠাইটো একেলগে উপদ্ৰৱ চলায়। হাতীৰ জাকটোৰ এটা ভাগ কঁঠালগুৰি চাহ বাগিচাত সোমায়। হাতীৰ জাকটোৱে বাগিচাখনৰ ৮ নম্বৰ লাইনৰ শ্মশানৰ সমীপৰ চানিকা গোৱালাৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলায় । ঘৰটোৰ ভিতৰত থকা লোকসকল কোনোমতে পলাই সাৰে যদিও হাতীৰ জাকটোৱে ঘৰটোৰ বিস্তৰ ক্ষতি কৰে। জাকটোত প্ৰায় পোন্ধৰটা হাতী আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে । আনহাতে, আন এটা হাতীৰ জাকে দিহিঙীয়াপাৰ চাহ বাগিচাত প্ৰৱেশ কৰি পকা লাইনত অৱস্থিত দিহিঙীয়াপাৰ বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ ৰান্ধনী ঘৰৰ পকী ৱাল ভাঙে। তদুপৰি ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলৰ বস্তা ফালি কেবাবস্তাও চাউল নষ্ট কৰে। হাতীৰ জাকটো পিছত তিৰুৱাল চাহ বাগিচাত প্ৰৱেশ কৰি দেবেৰাপাৰ চাৰিআলিৰ সমীপত উপস্থিত হয়। দেবেৰাপাৰ চাৰি আলিৰ সমীপত বাগিচাৰ মাজত হাতীৰ বৃহৎ জাক প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে। অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত বন বিভাগৰ লোকে হাতীৰ জাকটোক তাৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, বিগত কেবাদিনো ধৰি হাতীৰ জাকটো কাটনিবাৰী আৰু চৈকটা চাহ বাগিচাত আশ্ৰয় লৈ আছিল যদিও বন বিভাগে জাকটো খেদি আনি হোলোঙাপাৰ গিবন অভয়াৰণ্যত সুমুৱায়। তাৰ পিছৰ পৰাই জাকটোৱে কঁঠালগুৰি, দিহিঙীয়াপাৰ, মেলেং, ফেচুৱাল, মধুপুৰ, ভোগপুৰ আদি অঞ্চলত উপদ্ৰৱ চলাই আহিছে। হাতীৰ জাকটোৰ উপদ্ৰৱৰ পৰা জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তি ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগৰ প্ৰতি আহ্বান জনাইছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া