মহানগৰ বাৰ্তা, ১৯ ডিচেম্বৰ : মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত মালিগাঁও পাণ্ডুৰ বিবিচি কলনীত বাহৰ পাতি থকা আলফা (স্বা)ৰ তিনি সদস্যক আটক কৰে আৰক্ষীয়ে । গোপন সূত্ৰে পোৱা খবৰৰ ভিত্তিত আৰক্ষীয়ে বিবিচি কলনীৰ ৰে’ল কোৱাৰ্টাৰত অভিযান চলাই আটক কৰে আলফা সদস্য তিনিজনক। ধৃত সদস্য তিনিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অত্যাধুনিক মাৰণাস্ত্ৰ । ধৃত সদস্য তিনিজন হ’ল ক্ৰমে ৰূপজ্যোতি ডেকা, মুন দেৱনাথ আৰু অসীম অধিকাৰী । কি উদ্দেশ্য লৈ আলফা সদস্য তিনিজনে মালিগাঁৱত বাহৰ পাতিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । মন কৰিবলগীয়া যে কিছুদিন ধৰি পৰেশ বৰুৱা আৰু ডিজিপি জি পি সিঙৰ মাজত চলি আছিল বাকযুদ্ধ । আনকি পৰেশ বৰুৱাই জি পি সিঙক অকলশৰে এসপ্তাহ গুৱাহাটীত ঘূৰিবলৈ প্ৰত্যাহ্বান জনাইছিল। তাৰ পিছতে অত্যাধুনিক মাৰণাস্ত্ৰসহ তিনি আলফা সদস্য গুৱাহাটীত আটক হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ।
প্ৰেৰক অমল কলিতা