নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ সেৰফানগুৰিৰ কলবাৰীত কোচ ৰাভা জনগোষ্ঠীয় লোকসকলে ২৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ছংবায় উৎসৱৰ ৩১ জানুৱাৰীত সফল সামৰণি পৰে। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, কোচ ৰাভা জনগোষ্ঠীৰ বিভিন্ন খেল-ধেমালি, ফেশ্বন শ্বো আদি অনুষ্ঠিত কৰে । অনুষ্ঠানৰ অন্তিম দিনা দুপৰীয়াৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত হয় । ছংবায় উৎসৱৰ মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিটিচি পৰিষদৰ বিৰোধী দলপতি তথা ছালাকাটি সমষ্টিৰ এমচিএলএ দেৰহাসাৎ বসুমতাৰীৰ লগতে বিশিষ্ট ব্যক্তিসকল। জেছিএলকেৰ সভাপতি মণিলাল কোচে সভাপতিত্ব কৰা মুকলি সভাখনত দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জীৱেশ্বৰ কোচে উদ্বোধনী ভাষণ আগবঢ়ায় । কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত কয় যে কোচ ৰাভা জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে সকলো ধৰণৰ সহায়-সহযোগ কৰিম । ইয়াৰ লগতে বিধায়ক নাৰ্জাৰীয়ে আৰু কয়- মোৰ কাৰ্যকালত আৰছুৰ কাৰ্যালয় নিৰ্মাণ কৰি দিছোঁ আৰু বিভিন্ন ধৰণৰ আঁচনি অসম চৰকাৰৰ পৰা আনি দিবলৈ চেষ্টা কৰিম । ইপিনে, ছংবায় উৎসৱটো বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰো দাবী জনায় আয়োজকসকলে ।
প্ৰেৰক কৃষ্ণ বৰ্মন