নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰ : কাছাৰৰ আয়নাছড়া শিল কোৱেৰীৰ পৰা অপহৃত তিনি চালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পুৱতি নিশা আনুমানিক ৩ বজাত কাছাৰ-ডিমা হাছাও সীমান্তৰ ঘন জংঘলৰ পৰা অপহৃত তিনি চালকক অক্ষত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে । অপহৰণৰ প্ৰায় ৪৫ ঘণ্টাৰ পাছত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত তিনি চালক ৰাজু তান্তি, অমিত উৰাং আৰু বিশ্ব ধৰক । উল্লেখ্য যে শনিবাৰে পুৱাৰ ভাগত কাছাৰ-ডিমা হাছাও সীমান্তৱৰ্তী কাছাৰৰ আয়নাছড়া শিল কোৱেৰীত অস্ত্ৰধাৰী এটা দুৰ্বৃত্তৰ দলে হঠাৎ কোৱেৰীটোত উপস্থিত হৈ শূন্যলৈ কেইবাৰাউণ্ড গুলীচালনা কৰি কোৱেৰীৰ কামত নিয়োজিত দুই JCB চালক আৰু এজন ডাম্পাৰ চালকক অপহৰণ কৰি ঘন জংঘললৈ লৈ যায়। চাঞ্চল্যকৰ এই অপহৰণ কাণ্ডৰ পাছত তিনি অপহৃতৰ সন্ধানত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত অভিযানত নামিছিল আৰক্ষী, চিআৰপিএফসহ আছাম ৰাইফলছৰ দল। অপহৃত তিনি চালকৰ সন্ধানত অভিযানকাৰী দলে সীমান্তৰ ঘন জংঘলত ইমূৰৰ পৰা সিমূৰলৈ চলাইছিল তীব্ৰ অভিযান। অৱশেষত প্ৰায় ৪৫ ঘণ্টাৰ অন্তত আজি পুৱতি নিশা কাছাৰ-ডিমা হাছাও সীমান্তৱৰ্তী ঘন জংঘলৰ পৰা অপহৃত তিনি চালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । পিছে অপহৃত তিনি চালকক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও কৰায়ত্ত কৰিব পৰা নাই অপহৰণকাৰীসকলক । ইপিনে, কোনে কি কাৰণত এই অপহৰণ কাণ্ডটো সংঘটিত কৰিলে, এয়া এতিয়াও সদৰী কৰা নাই আৰক্ষীয়ে ৷
প্ৰেৰক গৌতম তালুকদাৰ