নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত এন এইচ এমত বৃহৎ দুৰ্নীতি

🔹 স্বাস্থ্য উপ-কেন্দ্ৰ মেৰামতিৰ নামত ৫৬ লাখ সৰকোৱাৰ কৌশল ঠিকাদাৰৰ
🔹 চূণ-তেল সানিয়েই মেৰামতি সম্পূৰ্ণ
বিশেষ বাৰ্তা, ৪ ডিচেম্বৰ : ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন তথা এন এইচ এমত এতিয়া বৃহৎ দুৰ্নীতি সংঘটিত হৈছে৷ বিশেষকৈ লখিমপুৰ জিলাত এন এইচ এমৰ অধীনত বিভিন্ন এলেকাl থকা  স্বাস্থ্য উপ-কেন্দ্ৰ মেৰামতিৰ নামত ভয়ানক দুৰ্নীতি সংঘটিত হৈছে৷ শেহতীয়াকৈ লখিমপুৰ জিলা স্বাস্থ্য মিছনৰ অধীনত জিলাখনৰ কেইবাখনো বি পি এইচ চিৰ অধীনত ৫৬ লাখ ২১ হাজাৰ ৭০৬ টকাৰে স্বাস্থ্য উপ-কেন্দ্ৰ মেৰামতিৰ বাবে কামৰ নিৰ্দেশ লাভ কৰা ঠিকাদাৰজনে এতিয়া একাংশ স্বাস্থ্য উপ-কেন্দ্ৰত কেৱল মেৰামতিৰ নামত চূণ-তেল সানিয়েই আবন্টিত ধন সৰকোৱাৰ কৌশল ৰচনা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ তেনে এটা স্বাস্থ্য উপ-কেন্দ্ৰ হৈছে নাওবৈচা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ ৰামপুৰ ডাম্বোকিয়াল স্বাস্থ্য উপ-কেন্দ্ৰ ৷ ৬ লাখ ৩৫ হাজাৰ ২৫৯ টকা মেৰামতিৰ নামত আবন্টিত হোৱা কেন্দ্ৰটো এতিয়া দায়িত্বপ্ৰাপ্ত ঠিকাদাৰজনে সামান্য মেৰামতি কৰি বাহিৰে-ভিতৰে কেৱল চূণ-তেল সানি কাম সম্পূৰ্ণ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি, উক্ত স্বাস্থ্য উপ-কেন্দ্ৰটো মেৰামতিৰ নামত ঠিকাদাৰজনে এক লাখ টকাও খৰচ কৰা নাই৷ স্বাস্থ্য উপ-কেন্দ্ৰটোৰ বেৰসমূহ খহি যোৱাৰ পিছত সেই বেৰসমূহত প্লাষ্টাৰ নকৰাকৈ কেৱল ৰং-তেল সনা কাৰ্যই স্থানীয় লোকক ক্ষোভিত কৰি তুলিছে৷ একাংশ লোকে ঠিকাদাৰজনৰ এনে নিম্নমানৰ কামৰ বিৰুদ্ধে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ দাখিল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ লক্ষণীয় কথা যে উক্ত কেন্দ্ৰটোৰ পৰা দুৰ্গম অঞ্চলটোৰ ভালেসংখ্যক গঞা ৰাইজ উপকৃত হৈ আহিছে আৰু তেনে এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য উপ-কেন্দ্ৰ মেৰামতিৰ নামত ঠিকাদাৰৰ পালমৰা কামে স্থানীয় লোকক অসন্তুষ্ট কৰি তুলিছে৷ সাংবাদিকে স্বাস্থ্য উপ-কেন্দ্ৰটো প্ৰত্যক্ষ কৰাৰ সময়তো ৰং-তেল সানি সম্পূৰ্ণ কৰি তোলা গৃহটোৰ বাজবৰ্ড ভাগি থকা, পিছফালৰ দুৱাৰ ভাগি থকা, শৌচাগাৰ ভাগি থকাৰ লগতে পকী বেৰত ফাট মেলা আৰু খহি পৰা বেৰত চূণ-তেল সানি থোৱা পৰিলক্ষিত হয়৷ একেদৰে এইজন ঠিকাদাৰে জিলাখনৰ বিহপুৰীয়া ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত আৰু নাওবৈচা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত প্ৰায় ৮টাৰো অধিক স্বাস্থ্য উপ-কেন্দ্ৰ মেৰামতিৰ দায়িত্ব লাভ কৰিছে যদিও ইয়াৰে একাধিক স্বাস্থ্য উপ-কেন্দ্ৰত মেৰামতিৰ নামত পালমৰা কাম কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইফালে, এই গৃহ মেৰামতিৰ তদাৰক কৰা লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অভিযন্তাজনৰ ভূমিকাও সন্দেহজনক৷ এন এইচ এমৰ লখিমপুৰৰ অভিযন্তাৰ পৰা দুদিনমানৰ পূৰ্বে এই সন্দৰ্ভত কাৰ্যালয়ত জানিবলৈ যোৱাৰ সময়ত তেওঁক কাৰ্যালয়ত লগ নোপোৱাৰ লগতে তেওঁ ফোনো ৰিচিভ কৰাৰ পৰা বিৰত থাকে৷ একপ্ৰকাৰে অভিযন্তাজনৰ সঠিক পৰিদৰ্শন আৰু তদাৰকীৰ অভাৱতে জিলাখনত এন এইচ এমত চলি থকা বিভিন্ন গৃহ নিৰ্মাণ-মেৰামতিৰ কাৰ্যত ঠিকাদাৰে গাফিলতি কৰাৰ সুযোগ লাভ কৰিছে বুলি চৰ্চিত হৈছে৷

 

প্ৰেৰক নিতুল বৰা

You might also like