নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। যোৱানিশা মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখা আৰু লাহৰীঘাট আৰক্ষীয়ে টেঙাগুৰি অঞ্চলত অভিযান চলায়। এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ৩টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে লালচান আলী, ছাদ্দাম হুছেইন আৰু নাজিৰুল ইছলাম। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে তিনিটাকৈ ড্ৰাগছভৰ্তি চাবোনৰ বাকচ। লাহৰীঘাট আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীকেইটাক জে’ল-হাজোতলৈ প্ৰেৰণ কৰে ।

প্ৰেৰক আবুল কালাম

You might also like