নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেবেজীয়াত প্লাষ্টিকমুক্ত বেগৰ উদ্যোগ স্থাপন তিনিগৰাকী উদ্যমী যুৱকৰ

🔹 যুৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা আনিব এনে উদ্যোগে : ৰূপক শৰ্মা
বিশেষ বাৰ্তা,  ২১ নৱেম্বৰ : প্ৰদুষণমুক্ত এখন সমাজ গঢ় দিয়াৰ উদ্দেশ্যে প্লাষ্টিকমুক্ত বেগ নিৰ্মাণৰ জৰিয়তে নগাঁৱত স্বাৱলম্বী হোৱাৰ প্ৰয়াস তিনিগৰাকী উদ্যমী যুৱকৰ। প্ৰদূষণমুক্ত এখন সমাজ গঢ়াৰ উদ্দেশ্যৰে নগাঁৱৰ বেবেজীয়াত প্লাষ্টিকমুক্ত নন অ’ভেন বেগৰ এটি অত্যাধুনিক উদ্যোগ স্থাপন কৰিছে তিনিগৰাকী উদীয়মান যুৱক ক্ৰমে অনুৰাগ শইকীয়া, পাৰ্থপ্ৰতীম বৰা আৰু বিবেকানন্দ কাকতিয়ে। তিনি উদ্যমী যুৱকে স্থাপন কৰা “বৃক্ষ” নামৰ উদ্যোগটিৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিধায়কগৰাকীয়ে উদ্যোগটিৰ শুভ উদ্ধোধন কৰি উদ্যোগটিৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।উদ্যোগটি উদ্ধোধন কৰি বিধায়ক শৰ্মাই কয়- যুৱককেইজনৰ কৰ্ম‌ই নতুন প্ৰজন্মৰ বাবে আশাৰ  বতৰা কঢ়িয়াই আনিব। সাধাৰণতে আমাৰ যুৱক-যুৱতীসকল চাকৰিৰ প্ৰতি বেছি আকৰ্ষিত হোৱা পৰিলক্ষিত হয়। কিন্তু আমাৰ নতুন প্ৰজন্মই এইদৰে যদি ব্যতিক্ৰমী উদ্যোগকে ধৰি আন ব্যৱসায়ৰ ক্ষেত্ৰত মনোনিৱেশ কৰে, নিশ্চিত ৰূপত আয় বৃদ্ধি হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধান হ’ব। বিধায়কগৰাকীয়ে উদ্যোগটো স্থাপন কৰা তিনিওগৰাকী যুৱকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি লগতে কয় যে আশা কৰোঁ ‘বৃক্ষ’ৰ জৰিয়তে অঞ্চলটোৰ বহু যুৱক-যুৱতী স্বাৱলম্বী হোৱাৰো সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে উদ্যোগটোৰ জৰিয়তে পোনপ্ৰথমে নগাঁও, মৰিগাঁও আৰু শোণিতপুৰ জিলাত প্লাষ্টিকবিহীন বেগৰ চাহিদা সহজেই পূৰণ হ’ব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ সকলোতে এই বেগ উপলব্ধ হ’ব বুলি উদ্যোগী যুৱককেইজনে জানিবলৈ দিয়ে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like