নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি লোহাৰ বীমেৰে যাতায়াত…

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : যি সময়ত দেশত অমৃতকাল চলি আছে, সেই সময়তে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী গাঁও পঞ্চায়তৰ অঞ্চলৰ জনসাধাৰণে চৰকাৰী অভিলাসী আঁচনিৰ পৰা বঞ্চিত হৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ।পৰিৱৰ্তনৰ শ্ল’গানেৰে দুবাৰকৈ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ দিনতে ৰাজ্যখনৰ বাট-পথৰ দুৰৱস্থাৰ ছবিখন দুখ লগাকৈ উন্মোচিত হৈছে। বছৰ বছৰ ধৰি গ্ৰামাঞ্চলটোৰ ৰাইজে ভগা বাঁহৰ দলঙেৰে যাতায়াত অব্যাহত ৰাখিছে যদিও এইবোৰলৈ চকু দিবলৈ আহৰি নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ । চৰকাৰৰ প্ৰৱঞ্চনাৰ স্বাক্ষৰ বহন কৰি ফুলবাৰী গাঁও পঞ্চায়তৰ হাতীয়েমৰা ৰংপুৰীয়া অঞ্চলৰ ৰাইজক  তিনিডাল লোহাৰ বীমে সুদীৰ্ঘ ১০  বছৰে যমৰ যাতনা ভোগ কৰাইছে। তিনিডাল লোহাৰ বীমে উদঙাইছে চৰকাৰী উন্নয়নৰ প্ৰকৃত ছবি।স্থানীয় ৰাইজে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভৰত নৰহ, উন্নয়ন খণ্ড বিষয়া তথা গাঁও পঞ্চায়তত বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো এখন নতুন দলং নিৰ্মাণ কৰা নহ’ল সেই স্থানত । ভৰ বাৰিষাৰ কথা কল্পনাই কৰিব নোৱাৰি, খৰালিতো যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক অঞ্চলটোৰ উন্নয়নৰ বাবে ৰাইজে বহুবাৰ অনুনয়-বিনয় কৰিলে যদিও অঞ্চলটোলৈ কেৰাহিকৈও নোচোৱাৰ অভিযোগ সাংসদজনৰ বিৰুদ্ধে ৷ কেৱল নিৰ্বাচনৰ সময়ত চলাহী কথাৰে অঞ্চলটোৰ লোকসকলৰ পৰা ভোট আদায় কৰি নিৰ্বাচনৰ পিছত এবাৰলৈ হ’লেও সেইসকল লোকৰ কথা সাংসদজনে নাভাবিলে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷ উল্লেখযোগ্য যে দহ বছৰৰ পূৰ্বে বোকানদীৰ বানে পথটো ছিঙি নিয়াৰ পিছত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে  তিনিডাল লোহাৰ বীম স্থাপন কৰি আজিও  বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে ৷ সেয়েহে সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি পথছোৱাৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ দাবী জনাইছে ৷
প্ৰেৰক নিতুল বৰা
You might also like