গোলকগঞ্জৰ সন্ধানহীন তিনি ছাত্ৰীক গৌৰীপুৰত উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ ধুবুৰীৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত বিষখোৱা গাঁৱৰ সন্ধানহীন তিনি ছাত্ৰী আজি গৌৰীপুৰ বজাৰত উদ্ধাৰ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে কিশোৰীকেইজনীৰ পৰিয়ালে। যোৱা তিনি দিন ধৰি সন্ধানহীন হৈ আছিল কিশোৰী তিনিগৰাকী। উল্লেখ যে যোৱা শনিবাৰৰ আবেলিৰ ৪ বজাত তিনিওগৰাকী কিশোৰী ঘৰৰ পৰা ওলাই বিষখোৱা বজাৰলৈ আহিছিল। তিনিওজনী একেলগে ওলাই গৈ সিহঁত সন্ধিয়া ঘৰলৈ উভতি নোযোৱাত ঘৰত হুৱাদুৱা লাগে। আনকি আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোঁচাৰ কৰিও কোনোধৰণৰ সন্ধান পোৱা নাই কিশোৰীকেইজনীৰ। তিনিগৰাকীৰ এগৰাকী কিশোৰী বিষখোৱা হাইস্কুলৰ ছাত্ৰীৰ বিপৰীতে আন দুগৰাকী বিছখোৱা এম ভি স্কুলৰ ছাত্ৰী। গাঁওখনৰ একেলগে ঘৰ থকা তিনিজনী ছাত্ৰী ক্ৰমে নোৱাজ উদ্দিনৰ জীয়েক নাৰ্জিনা খাতুন (১৬), ওবাজ উদ্দিনৰ জীয়েক মঞ্জুমা খাতুন (১৪) আৰু মইনুল হকৰ জীয়েক মৰমী বেগম (১৩)। আনহাতে কিশোৰী তিনিগৰাকীয়ে নিখোজ হোৱাত কালিয়েই গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে যদিও আজি দুপৰীয়ালৈকে উক্ত ঘটনা তদন্ত কৰা নাই। ইফাল একেলগে ঘৰ থকা আত্মীয়ৰ তিনিজনী নাবালিকাৰ সন্ধান নোপোৱাত পৰিয়ালকেইটাই হতাশাত ভুগি আছিল। তেনেতে কন্যা সন্ধানহীন হোৱাৰ খবৰ পাই অৰুণাচলত থকা মৰমী বেগমৰ পিতৃ মইনুল হকে অৰুণাচলৰ পৰা ঘৰলৈ আহোঁতে গৌৰীপুৰ বজাৰত কিশোৰী তিনিগৰাকীক দেখা পাই ঘৰত লৈ আহে। গোলকগঞ্জ আৰক্ষীয়ে কিশোৰীকেইজনীক থানাত নি সোধ পোচ অব্যাহত ৰাখিছে। ইপিনে ঘৰত খং কৰি ঘৰৰ পৰা ওলাই যোৱা বুলি কিশোৰী তিনিগৰাকীয়ে সাংবাদিকক জানিবলৈ দিছে। আনকি এই তিনি দিন ধৰি গৌৰীপুৰৰ এগৰাকী অটো চালকৰ ঘৰত আশ্ৰয় লোৱা বুলিও জানিব দিছে।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰায়