ৰাজ্যত ১১ মে’ৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ
নিয়মীয়া বাৰ্তা, ৭ মে’: ৰাজ্যৰ প্রাথমিক স্তৰৰ শিক্ষার্থীসকলৰ শিক্ষাৰ গুণগত মান নিৰূপণৰ বাবে অহা ১১ মে’ৰ পৰা আৰম্ভ হ’ব গুণোৎসৱ৷ ২০২২ বর্ষৰ গুণোৎসৱ এইবাৰ তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব৷ অহা ১১ মে’ৰ পৰা ১৪ মে’লৈ প্রথম পর্যায়ত মুঠ ১১খন জিলাত গুণোৎসৱৰ আয়োজন কৰিছে৷ প্রথম পর্যায়ত গুণোৎসৱ হ’বলগীয়া জিলাকেইখন হৈছে– বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্রুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কার্বি আংলং, নগাঁও আৰু নলবাৰী৷ ইয়াৰ পাছত অহা ২৩ মে’ৰ পৰা ২৬ মে’লৈ ১২খন জিলাত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ গুণোৎসৱ৷ দ্বিতীয় পর্যায়ত গুণোৎসৱ হ’বলগীয়া জিলাকেইখন হৈছে– বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা–মানকাচৰ, তিনিচুকীয়া আৰু ওদালগুৰি৷ আনহাতে, অহা ১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷ তৃতীয় পর্যায়ত গুণোৎসৱ হ’বলগীয়া জিলাকেইখন হৈছে– বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কার্বি আলং৷