নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাভা হাছং এলেকাৰ অন্তৰ্গত লোহাৰঘাটত আজি তিনিগৰাকীকৈ আঞ্চলিক ৰাভা জাতীয় শ্বহীদক সশ্ৰদ্ধ স্মৰণ কৰা হয়। বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই আয়োজন কৰা আঞ্চলিক ৰাভা জাতীয় শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা সুভাষ চিনালকে ধৰি কেইবাগৰাকীও নেতাই পতাকা উত্তোলন কৰে ৷ ইফালে, ৰাভা জাতীয় শ্বহীদ ক্ৰমে ইশ্বৰ ৰাভা, মোহন ৰাভা আৰু জয়ন্ত ৰাভাৰ মেমবস্তিস্থিত সমাধিক্ষেত্ৰত শ্বহীদকেইগৰাকীৰ পৰিয়ালৰ উপৰি ৰাভা জাতীয় সংগঠনৰ নেতা-কৰ্মীসকলে বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি প্ৰদান কৰে । আনহাতে, আঞ্চলিক আৰছুৰ সম্পাদক সত্যজিত ৰাভাই পৰিচালনা কৰা স্মৃতিচাৰণ অনুষ্ঠানটিত শ্বহীদকেইগৰাকীৰ প্ৰতিচ্ছবিত কেন্দ্ৰীয় আৰছু নেতা দেৱজিত নাফাই পুষ্পাঞ্জলি প্রদান কৰে ৷ আনহাতে, স্মৃতিচাৰণ অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে প্ৰাচীৰ পত্ৰিকা “কুঁহিপাত“ উন্মোচন কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভাৰ উপৰি স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভাই ৷ ইফালে, স্মৃতিচাৰণ অনুষ্ঠানটিত অৰুণ দিয়া, অশোক নংবাগ, বিচিত্ৰ ৰাভা, পূৰ্ণকান্ত ৰাভা, কমলেশ্বৰ ৰাভা, ৰবিৰাম ৰাভাকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা-কর্মীসকল উপস্থিত আছিল। উল্লেখ্য যে ২০১১ বৰ্ষত গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত সংঘৰ্ষপীড়িত হৈ আশ্ৰয় শিবিৰত থকা দুৰ্ভগীয়া লোকসকলক সাহায্য প্ৰদান কৰি উভতি অহাৰ সময়ত কৃষ্ণাইৰ কুকুৰকাটা অঞ্চলত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত উক্ত যুৱককেইগৰাকীয়ে অকালতে প্ৰাণ হেৰুৱাইছিল ৷
প্ৰেৰক নুৰুল ইছলাম