নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেদিনাই তিনিগৰাকীকৈ কিশোৰ-কিশোৰী সন্ধানহীন

🔹 এসপ্তাহে মানকাচৰৰ কাকৰীপাৰাত তীব্ৰ চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত কাকৰীপাৰা গাঁৱৰ পৰা তিনিগৰাকী নাবালক কিশোৰ-কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । যোৱা বৃহস্পতিবাৰৰ দিনা মানকাচৰৰ কাকৰীপাৰা ২য় খণ্ড গাঁৱৰ আনাৰুল আলীৰ ১১ বছৰীয়া পুত্ৰ মুনোজ বাবু আৰু একে গাঁৱৰে আজ্জুম আলীৰ ১৪ বছৰীয়া নাবালিকা কন্যা আৰজিনা বেগম আৰু ১২ বছৰীয়া নাবালক পুত্ৰ আৰিফ মিঞাই আবেলি নিজ গৃহৰ পৰা তিনিআলিলৈ ওলাই যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে।

দুয়োটা পৰিয়ালে আত্মীয়-স্বজনৰ ঘৰত তথা জিলাখনৰ বিভিন্ন প্ৰান্তত বিচাৰ-খোঁচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ পোৱা নাই । ইতিমধ্যে উক্ত পৰিয়াল দুটাই মানকাচৰ থানাত সন্ধানহীন সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে আৰক্ষীয়েও নাবালক-নাবালিকাত্ৰয়ৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। উপায়হীন হৈ ভুক্তভোগী পৰিয়াল তথা একাংশ সচেতন লোকে সংবাদ মাধ্যমৰ কাষ চাপে। এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকা উক্ত নাবালক-নাবালিকাত্ৰয়ৰ যদি কোনো সদাশয় ব্যক্তিয়ে সন্ধান পায়, তেন্তে 9957643245 নম্বৰ নাইবা মানকাচৰ থানাৰ লগত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে।

প্ৰেৰক ফাৰহাদ আহমেদ

 

 

You might also like