নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় ঘাইপথত শ শ গজাল পুতি ডকাইতিৰ অপচেষ্টা

🔹 শিৱসাগৰত মাজনিশা ভয়ংকৰ ঘটনা : পাংচাৰ হ’ল বহু বাহন

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেগুন চাৰিআলিৰ সমীপত যোৱানিশা ডকাইতৰ দলে ডকাইতিৰ উদ্দেশ্যে পথত গজাল পোতাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ শিৱসাগৰ আৰক্ষীৰ কঠোৰ নিৰাপত্তাক ভেঙুচালি কৰি কুখ্যাত ডকাইতৰ দলে মাজনিশা ঘাইপথত শ শ গজাল পুতি যান- বাহনত লুটপাতৰ উদ্দেশ্যে ৰচা ষড়যন্ত্ৰ সেই সময়ত যোৰহাটৰ কাকজানত অনুষ্ঠিত ইষ্টেমাত অংশগ্ৰহণ কৰিবলৈ অহা একাংশ যুৱকে সাহসেৰে ব্যৰ্থ কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেগুন চাৰিআলিৰ ডুন পাব্লিক স্কুলৰ সন্মুখৰ অতি নিৰ্জন অংশটোতেই যোৱানিশা প্ৰায় বাৰ বজাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, দুৰ্বৃত্তৰ দলে পথৰ মাজত কাঠত গজাল মাৰি ওপৰমুৱাকৈ পেলাই থৈছিল ৷ তদুপৰি শ শ গজাল বিভিন্ন কৌশলেৰে পথৰ ওপৰত সংস্থাপিত কৰি ৰাখিছিল৷ চালকৰ চকুত ধূলি দিবলৈ কাঠত গজাল মাৰি সেই কাঠৰ টুকুৰাৰ ওপৰত খালী চিমেন্টৰ বস্তা দি ঢাকি ৰাখিছিল ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় এশ মিটাৰ দৈৰ্ঘ্যৰ এলেকাত অনুৰূপ ধৰণে গজাল পুতি ৰখাৰ ফলত কেইবাখনো যাত্ৰীবাহী সৰু গাড়ীৰ চকা পাংচাৰ হৈ পথৰ ওপৰত বিকল হৈ পৰাৰ লগতে দুখনকৈ গাড়ীৰ চাৰিওটা চকাই গজালত লাগি সম্পূৰ্ণৰূপে ফুটি যায় ৷ ইফালে, কাকজানত আজি অনুষ্ঠিত হ’বলগীয়া ইষ্টেমাৰ আখেৰী দোৱাত অংশগ্ৰহণ কৰিবলৈ কালি নিশাৰে পৰা হাজাৰ হাজাৰ লোকে বিভিন্ন বাহনেৰে নিশা সেই পথেদি উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ থকাৰ সময়তে পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা৷ এয়া ডকাইতৰ দলৰ কৌশল বুলি জানিব পাৰি যুৱকসকলে সেই স্থানত গাড়ী ৰখাই ইতিমধ্যে বিকল হৈ পৰা গাড়ীসমূহ উদ্ধাৰ অভিযানত নামি পৰাৰ লগতে পথত পুতি থোৱা গজালসমূহ বিচাৰি পথ মুকলিৰ চেষ্টা চলায়৷ ঘটনাৰ খবৰ পাই মাজনিশা সংবাদ মাধ্যমৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ লগতে কেমেৰাত বন্দী কৰিবলৈ সক্ষম হয় ৷ শেহতীয়াকৈ ইষ্টেমালৈ যোৱা যুৱকসকলে নিশাই পথটোৰ বিভিন্ন স্থানত দুৰ্বৃত্তই সংস্থাপিত কৰা গজালসমূহ আঁতৰাই পথটোৰে বাহনৰ যাতায়াত সুৰক্ষিত কৰিবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজ তথা আন যাত্ৰীসকলে এয়া ডকাইতৰ দলৰ পুৰণি কৌশল বুলি সন্দেহ কৰাৰ লগতে পাংচাৰ হৈ বিকল হৈ পৰা বাহনসমূহত লুটপাত চলোৱাটোৱেই ডকাইতৰ দলৰ মূল উদ্দেশ্য আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ অৱশ্যে ইষ্টেমালৈ যোৱা যুৱকসকলে সাহসেৰে ডকাইতৰ দলৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হোৱাৰ লগতে নিশা বিকল হৈ পৰা বাহনসমূহৰ মহিলা, শিশুসকলৰ কাষত সাহসেৰে থিয় দিয়াৰ বাবেই এক ভয়ংকৰ দুৰ্য্যোগৰ পৰা ৰক্ষা পৰে বহু পৰিয়াল ৷ উল্লেখ্য যে দীৰ্ঘ সময় ধৰি গৰু পৰিবাহী তথা আন মূল্যৱান সামগ্ৰী পৰিবাহী বাহনসমূহক দৰিকাপাৰৰ পৰা গেমন দলংলৈকে প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত এটা কুখ্যাত ডকাইতৰ দলে বিভিন্ন প্ৰক্ৰিয়াৰে অস্ত্ৰৰ ভাবুকি দি লুটপাত চলাই আহিছে৷ স্থানীয় ৰাইজে কুখ্যাত ডকাইত দুৱৰী বাহিনীয়ে ৰচনা কৰা এয়া এক পৰিকল্পিত ষড়যন্ত্ৰৰ অংশবিশেষ বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে শিৱসাগৰ আৰক্ষীক শূন্য সহনশীল নীতিৰ ভিত্তিত এই চক্ৰটোক পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like