ৰাজ্যৰ ৩ বিশ্ববিদ্যালয়ত হ’ব উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ বৰপেটা জিলাৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়, হোজাইস্থিত ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত চলিত বৰ্ষত বিশেষ ব্যৱস্থা হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ নিৰ্দেশ দিয়া হৈছে ৷
উল্লেখ্য যে, কোভিড-১৯ ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই বিশেষ ব্যৱস্থা কৰা হৈছে ৷
এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ত চলিত বৰ্ষত বিশেষ ব্যৱস্থা হিচাপে উ.মা. শ্ৰেণীত নামভৰ্তিৰ নিৰ্দেশ দিয়া হৈছে ৷ কোভিড-১৯ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই বিশেষ ব্যৱস্থা কৰা হৈছে ৷
— Himanta Biswa Sarma (@himantabiswa) June 16, 2020