নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুৰ পৰা দুই পৰিয়ালৰ তিনি যুৱতী নিৰুদ্দেশ

🔹 কৰ্মৰত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ওলাই যোৱাৰে পৰা সন্ধানহীন তিনিও
নিয়মীয়া  বাৰ্তা, ২৪  ফেব্ৰুৱাৰী : মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত লিডুৰ পৰা দুই পৰিয়ালৰ তিনিগৰাকী যুৱতী ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটিত । যোৱা শনিবাৰৰ পৰা সন্ধানহীন হৈ থকা যুৱতীকেইগৰাকী যথাক্ৰমে লিডু বজাৰবস্তি নিৱাসী নন্দিতা আচাৰ্যী ( ২২), পুস্পিতা আচাৰ্যী ( ১৯) আৰু লিডু মিলন মন্দিৰৰ সঞ্চিতা দেৱ (২১) । জানিব পৰা মতে, তিনিও যুৱতীয়ে লিডু বজাৰৰ মাজমজিয়াত থকা এখন কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল । প্ৰত্যেক দিনাৰ দৰে যুৱতীকেইগৰাকীয়ে সিদিনাও ওলাই গৈছিল নিজ কৰ্তব্যস্থলীলৈ। উক্ত দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যুৱতীকেইগৰাকী নিজ গৃহলৈ আহে যদিও পুনৰ কৰ্তব্যস্থানলৈ বুলি ওলাই যায় । পৰিতাপৰ কথা যে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা সময়ৰে পৰা সন্ধানহীন হৈ আছে যুৱতীকেইগৰাকী । পৰিয়ালৰ লোকে যুৱতীকেইগৰাকী কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰা বুলি সন্দেহ কৰিছে । অতি অমায়িক স্বভাৱৰ যুৱতীকেইগৰাকী হঠাৎ নিৰুদ্দেশ হৈ পৰাত পৰিয়ালৰ লোকৰ মাজত উঠিছে কান্দোনৰ ৰোল । এক অজান আশংকাই পৰিয়াল দুটিক ভাৰাক্ৰান্ত কৰি তুলিছে । কোনে বুজাব, কোনে সান্ত্বনা দিব তেওঁলোকক ? বৰ্তমান পৰিয়ালৰ লোকে স্থানীয় লিডু আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । এতিয়া আৰক্ষীৰ ওপৰতে পৰিয়ালকেইটাৰ অন্তিম ভৰসা ! পৰিয়ালৰ লোকে কোনো ‌সদাশয় ব্যক্তিয়ে যুৱতীকেইগৰাকীৰ কিবা সম্ভেদ পালে ৬০০২০-৭২৭২২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।
প্ৰেৰক হেমন্ত গগৈ
You might also like