নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীৰ মাজকুছি-দৎকুছিৰ পৰা তিনি যুৱক নিৰুদ্দেশ

🔹 পুৱা ৪.৩০ বজাত মাজকুছি খেলপথাৰলৈ ওলাই গৈছিল দৌৰিবলৈ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজকুছি-দৎকুছি নিৱাসী ধৃতিশ কলিতা (১৪), ৰঞ্জন মালী (১৫) আৰু বকো থানাৰ অন্তৰ্গত দুই নং বৰুৱা গাঁৱৰ প্ৰসেনজিত বিশ্বাস (১৫, বৰ্তমান মাজকুছি/দৎকুছি) আজি পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে। এনে ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। ইতিমধ্যে এই সন্দৰ্ভত ধৃতিশ কলিতাৰ পিতৃ কৰুণা কলিতাই আজি দুপৰীয়া পলাশবাৰী থানাত এখন এজাহাৰ দাখিল কৰি তিনিওজন ল’ৰাৰ সম্ভেদ উলিয়াই দিবলৈ আৰক্ষীক অনুৰোধ জনায়। তেওঁ এজাহাৰত উল্লেখ কৰে যে আজি পুৱা ৪.৩০ বজাত তেওঁৰ ল’ৰা ধৃতিশ কলিতাই ওচৰৰে দুজন ল’ৰা ৰঞ্জন মালী আৰু প্ৰসেনজিত বিশ্বাসৰ লগত মাজকুছি খেলপথাৰলৈ দৌৰিম বুলি ওলাই যায়। কিন্তু প্ৰায় ৭.৩০ বজালৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোঁচাৰ কৰাত ল’ৰা তিনিজনৰ কোনো সম্ভেদ নাপাই পলাশবাৰী আৰক্ষী থানাত এই এজাহাৰ দাখিল কৰে। ইয়াৰ মাজতে প্ৰসেনজিতৰ মোবাইল নম্বৰ ৭০৯৯৪৬৮০৬১ পৰা ৰঞ্জনে তাৰ মাকক ফোন কৰি জনায় যে সিহঁত বহু দূৰলৈ গৈ আছে। আৰু ঘূৰি নাহে। পিছত তেওঁ গম পায় যে তেওঁৰ ল’ৰাজনে ঘৰৰ পৰা প্ৰায় ৮ হাজাৰ টকা লৈ যায়। এই নিৰুদ্দেশৰ ঘটনাৰ আঁৰত কোনো দুষ্ট চক্ৰই ল’ৰা তিনিজনক কিবা প্ৰলোভন দি ফুচুলাই ক’ৰবালৈ লৈ যায় বুলি তেওঁলোকে সন্দেহ কৰে। কোনো ব্যক্তিয়ে যদি এই ল’ৰা তিনিজনক প্ৰত্যক্ষ কৰে তেন্তে পৰিয়ালৰ লোক অথবা পলাশবাৰী আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে এজন যুৱকৰ কিছু বস্ত্ৰ আমৰাংগা বৰিহাট অঞ্চলৰ মেধিপাৰাত ঘাঁহ-বনৰ মাজত ৰাইজে প্ৰত্যক্ষ কৰে বুলি খবৰ পোৱা গৈছে। লগতে কেইবাঘণ্টা পূৰ্বে তেওঁলোকৰ মোবাইলৰ নেটৱৰ্কৰ স্থান বিজয় নগৰ আৰক্ষী চকীৰ সমীপত পোৱা গৈছিল বুলি কৰুণা কলিতাই জানিবলৈ দিয়ে।  কিবা সম্ভেদ পালে ৯৬৭৮২৬৪৭৩৯, ৮০১১৪৮৩০৬৭, ৮১৩৫০৮৭৪৩৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে ।

প্ৰেৰক ভগৱান দাস

You might also like