নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা টিহুৰ মন্দিৰে মন্দিৰে লুৰিণজ্যোতি গগৈ

🔹 অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

নিয়মীয়া বাৰ্তা,  ২৬ ছেপ্টেম্বৰ : অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ দল কালি নিশা টিহুত উপস্হিত হয় । টিহুৰ নাথকুছিৰ শিৱ মন্দিৰত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত দলটোৱে উপস্হিত হৈ মন্দিৰত সেৱা জনায় । দলটোৰ নেতা পবিন্দ্ৰ ডেকা, দুলু আহমেদ আদিয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰে । স্হানীয় দলীয় নেতা-কৰ্মীৰ সহযোগত নাথকুছিৰ পিছত দলটোৱে টিহু নগৰৰ হালধিবাৰীস্হিত কালী মন্দিৰত কিছু সময় কটায় । সেই অনুসৰি নিশা টিহুৰ মন্দিৰে মন্দিৰে লুৰিণজ্যোতি গগৈসহ দেখা যায় দলটোক । এই সময়ছোৱাত দলটোৱে স্হানীয় নাগৰিকৰ মাজত এক অসম ঐক্যবদ্ধ অসমৰ শ্লোগানেৰে ৰাইজক উদ্ধুদ্ধ কৰাৰ চেষ্টা কৰে । লুৰিণজ্যোতি গগৈয়ে এই যাত্ৰা অৰাজনৈতিক হিচাপে মন্তব্য কৰি মূল্যবৃদ্ধি আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ সমস্যা বুলি কয় আৰু ভিন্ন বিষয়ত চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ছাত্ৰ সন্থাক মা বুলি কৈ ছাত্ৰ সন্থাৰ নেতৃত্বক জাতীয় জীৱনত সৰৱ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তেওঁ সমাজত ভাঙোনমুখী পৰিৱেশৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰি আছুকে ধৰি ভিন্ন জাতীয় সংগঠনক নিজ চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে জাতি গঢ়াৰ লক্ষ্যৰে তেওঁলোকৰ এই যাত্ৰা বুলি কৈ সাতামপুৰুষীয়া বৰভেটি ভঙাৰ প্ৰয়াস কৰা হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অসমতা-সাম্প্ৰদায়িকতা দূৰ কৰি সকলোৱে আগুৱাই যোৱাৰ পোষকতা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে।

প্ৰেৰক গুণজিৎ কলিতা

You might also like