নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰি সামগ্ৰী পিন্ধি যুৱতীয়ে প্ৰস্তুত কৰিছিল টিকটক ভিডিঅ’, অৱশেষত টিকটকৰ ফলতে উদ্ধাৰ হ’ল চুৰি হোৱা অলংকাৰ

নিয়মীয়া বার্তা, ৩১ মে’: যোৰহাটৰ এটা পৰিয়ালৰ বাসগৃহৰ পৰা সোণৰ গহনাকে ধৰি বিভিন্ন অলংকাৰ চুৰি কৰি অৱশেষত গহপুৰৰ ঘাঁহিগাঁও আৰক্ষীৰ জালত পৰিল এগৰাকী যুৱতী৷ গোপন সূত্রৰ পম খেদি ঘাঁহিগাঁও আৰক্ষীয়ে আটক কৰা যুৱতীগৰাকী হ’ল বিশ্বনাথ জিলাৰ বিহালী থানাৰ অন্তর্গত বেদেতীৰ বৰালীমৰাৰ বিপুল লাহনৰ জীয়ৰী অনামিকা লাহন৷

গহপুৰৰ ঘাঁহিগাঁও আৰক্ষীয়ে যোৱানিশা ১১.৩০ বজাত বিশেষ সূত্রৰ পম খেদি ধোপাবৰ মৰমী চেণ্টাৰৰ পৰা যুৱতীগৰাকীক আটক কৰি গহপুৰ থানালৈ লৈ আহে৷ ধোপাবৰ চেণ্টাৰৰ বৰা উপাধিৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী৷

উল্লেখ্য যে নৱজ্যোতি পায়েং নামৰ এগৰাকী ব্যক্তিয়ে চলিত বর্ষৰ ফেব্রুৱাৰী মাহত এটা এন জি অ’ৰ পৰা যুৱতীগৰাকীক তেওঁৰ শাহুৰ পৰিচর্যাকাৰী হিচাপে নিয়োগ কৰিছিল৷ প্রথমে গুৱাহাটী আৰু পিছত যোৰহাটৰ বাসগৃহলৈ যুৱতীগৰাকীক অনা হয়৷ কিন্তু যোৰহাটৰ বাসগৃহৰ পৰা প্রায় চাৰি লাখ টকাৰ সোণৰ গহনা চুৰি কৰি উধাও হৈছিল যুৱতীগৰাকী৷ ইয়াৰ পিছতে পায়েঙৰ পৰিয়ালটোৱে ম’বাইলত যুৱতীগৰাকীৰ সৈতে যোগাযোগ কৰি ব্যর্থ হয় যদিও এটা টিকটক ভিডিঅ’ই চুৰিকাণ্ডৰ সৈতে যুৱতীগৰাকী জডিত হৈ থকাটো স্পষ্ট হৈ পৰে৷

চুৰি হোৱা অলংকাৰ পিন্ধিয়েই যুৱতীগৰাকীয়ে টিকটক ভিডিঅ’ নির্মাণ কৰিছিল৷ উক্ত ভিডিঅ’ চোৱাৰ পিছতে পৰিয়ালটো আৰক্ষীৰ কাষ চাপিছিল আৰু যুৱতীগৰাকীৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল৷

উল্লেখ্য যে অনামিকা লাহন, পপী লাহন, চুমী বৰুৱা আদি বিভিন্ন নাম আছিল যুৱতীগৰাকীৰ৷

ইপিনে যুৱতীগৰাকী আৰক্ষীৰ জালত পৰাৰ পিছতে নৱজ্যোতি পায়েঙে টিকটক কৰা যুৱতীগৰাকী বিবাহিত বুলি জানিব দিয়াৰ লগতে এটি কন্যা সন্তান থকা বুলি প্রকাশ কৰিছে৷ ধৃত যুৱতীগৰাকীৰ পৰা চুৰি কৰি অনা এডাল চেইন, এটা আঙঠি পোৱা গৈছে বুলি আৰক্ষী সূত্রত প্রকাশ৷

You might also like