নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ মালীবাৰীত কাঠফলা মিল উৎখাত

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ শেহতীয়াকৈ চোৰাং কাঠ-বালিৰ ছিণ্ডিকেট উৎখাতৰ বাবে টঙালি বান্ধিছে পশ্চিম কামৰূপৰ নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়। বনাঞ্চলিক বিষয়া শিৱাশীষ শাণ্ডিল্যৰ নেতৃত্বত যোৱা এদল বনকৰ্মীয়ে আজি সন্ধিয়া মালীবাৰী অঞ্চলত এক অতৰ্কিত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল উৎখাত কৰাৰ উপৰি একেই স্থানত ফালিবলৈ সাজু কৰি ৰখা বুজন পৰিমাণৰ কুণ্ডাও জব্দ কৰিবলৈ সক্ষম হয়। স্মৰ্তৱ্য যে বনাঞ্চলিক কাৰ্যালয়ৰ ভিন্ন স্থানত কাঠ-বালি আদিৰ চোৰাং কাৰবাৰ ৰোধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়। দুদিনৰ পূৰ্বে জামলাই অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল এখন বালিভৰ্ত্তি ট্ৰেক্টৰো। বনাঞ্চলিক কাৰ্যালয়ৰ এই তৎপৰতা আৰু সফলতাৰ শলাগ লৈছে প্ৰকৃতিপ্ৰেমী ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like