নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া সাংবাদিক চ’ৰাৰ দশম অধিৱেশন সম্পন্ন

বিশেষ বাৰ্তা, ২৮ মেঃ  তিনিচুকীয়াৰ সংবাদকৰ্মীসকলৰ মূল সংগঠন তিনিচুকীয়া সাংবাদিক চ’ৰাৰ আজি পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়া চহৰত অৱস্থিত নিজা কাৰ্যালয়ত দশম অধিৱেশন অনুষ্ঠিত হয় ৷ তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সম্পাদক প্ৰণৱ ফুকনে আঁত ধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি কমল তালুকদাৰে আৰু শ্বহীদ তৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে ৷ জ্যেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ঋষি দাস আৰু জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে সাংবাদিকসকলক উদ্দেশ্যি সংবাদ পৰিৱেশনৰ লগতে দায়বদ্ধতাৰ ওপৰত কিছু আলোকপাত কৰে ৷ তদুপৰি তিনিচুকীয়াৰ দুগৰাকী সংবাদকৰ্মীৰ সন্তানৰ অধ্যয়নত সফলতাৰ কাৰণে দুই সুযোগ্য সন্তানক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তাৰ পাছতে দুপৰীয়া আহাৰ গ্ৰহণ কৰি তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সম্পাদক প্ৰণৱ ফুকনে আঁত ধৰা, সভাপতি কমল তালুকদাৰৰ সভাপতিত্বত চ’ৰাৰ অন্তিমখনি সাধাৰণ সভা অনুষ্ঠিত কৰে ৷ সাধাৰণ সভাখনত বিগত কাৰ্যকালৰ সম্পাদকীয় প্ৰতিবেদন সম্পাদক প্ৰণৱ ফুকন আৰু বিত্ত প্ৰতিবেদন বিত্ত সম্পাদক উমেশ সিঙে পাঠ কৰে ৷ তাৰ পাছতে চ’ৰাৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণভাৱে সাংবাদিক চ’ৰাৰ ১৯গৰাকী সদস্যই আলোচনা কৰে আৰু পুৰণা কমিটী ভংগ কৰে ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া সাংবাদিক চ’ৰাৰ আমন্ত্ৰণমৰ্মে অৱসৰপ্ৰাপ্ত সাংবাদিক হিমেন ভট্টাচাৰ্য আৰু তিনিচুকীয়া সাংবাদিক চ’ৰাৰ প্ৰাক্তন সভাপতি সৰোজ গোঁহায়ে নিৰ্বাচনী বিষয়া হিচাপে উপস্থিত থাকি আগন্তুক কাৰ্যকালৰ বাবে নতুন সমিতিৰ গঠন প্ৰক্ৰিয়ালৈ আগবাঢ়ে ৷ নতুন সমিতিৰ সভাপতি পদৰ বাবে ৰঞ্জিত দত্ত আৰু কমল তালুকদাৰ, উপ-সভাপতি পদৰ কৃষ্ণা উপাধ্যায় আৰু উমেশ সিং, সম্পাদক পদৰ বাবে বিকাশ বৰুৱা আৰু চিন্ময় শৰ্মা, সহকাৰী সম্পাদক পদৰ বাবে বিপ্লৱ চেতিয়া আৰু প্ৰমোদ সিং, বিত্ত সম্পাদক পদৰ বাবে অৰ্জুন মিশ্ৰ, কাৰ্যনিৰ্বাহক পদৰ বাবে সুৰজ দাস, বিজয় শৰ্মা আৰু হীৰালাল শৰ্মাই মনোনয়ন-পত্ৰ দাখিল কৰে। তাৰ পাছতে ১৯টা ভোটৰ বিপৰীতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে সভাপতি পদত কমল তালুকদাৰে ১২টা ভোট, উপ-সভাপতি উমেশ সিঙে ১১টা আৰু সম্পাদক চিন্ময় শৰ্মাই ১৪টা ভোট লাভ কৰি জয়যুক্ত হয় ৷

প্ৰেৰক বিবেক বড়া

You might also like