নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত বড়ো ভাষা প্ৰশিক্ষণ কেন্দ্ৰ উন্মোচন

🔴উচ্চতৰ মাধ্যমিকৰ ফলাফল শীঘ্ৰে ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

নিয়মীয়া বাৰ্তা, ২৮ মেঃ শোণিতপুৰৰ বালিপৰাত আজি উপস্থিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু । পেগুৱে দিনৰ প্ৰায় ১:৩০ বজাত ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ ঘোঁৰামাৰীৰ ঢেকীদল উহনি পথাৰত উপস্থিত হৈ গাঁওখনত নিৰ্মাণ হোৱা বড়ো ভাষা প্ৰশিক্ষণ আৰু ৰিক্ৰিয়েচন চেন্টাৰটোৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব । ফলাফল ঘোষণাৰ দিনা পুৱাই সকলোৱে খবৰ লাভ কৰিব । বৰ্তমান সময়ত শিক্ষকৰ ওপৰৰ বোজা বাঢ়িছে নেকি বুলি শিক্ষামন্ত্ৰীগৰাকীক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে শিক্ষকৰ ওপৰত বোজা বঢ়া নাই । শিক্ষাৰ অধিকাৰ আইন অনুসৰি শিক্ষকে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া কাম কৰিবই লাগিব। ৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ কাম শিক্ষকৰ লগতে আৰক্ষী আৰু অন্যান্য বিভাগৰ কৰ্মচাৰীসকলে কৰি আহিছে। ৰাজ্যৰ বহু ঠাইত শিক্ষাৰ বিস্তাৰৰ বাবে আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম অব্যাহত আছে । শিক্ষাই হৈছে ৰাষ্ট্ৰৰ প্ৰগতিৰ ভেটি। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে বালিপৰাৰ বামগাঁও চাহ বাগিচাত কেইবালক্ষ টকাৰে নিৰ্মীয়মাণ বালিপৰা চৰকাৰী স্নাতক মহাবিদ্যালয়খনতো উপস্থিত হৈ মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ অগ্ৰগতিৰ খতিয়ান লয় । দুয়োটা অনুষ্ঠানতে শিক্ষামন্ত্ৰীৰ সৈতে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, দলীয় কাৰ্যকৰ্তা, সমাজকৰ্মী ৰাজেন বসুমতাৰী, ৰাইজ উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like