তিনিচুকীয়া মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰী : আজি তিনিচুকীয়াৰ মাকুমৰ শুকানপুখুৰীত নিৰ্মাণ কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰি চিকিৎসা মহাবিদ্যালয়খনৰ চৌপাশ তথা কাৰিকৰী দিশসমূহ পৰিদৰ্শন কৰাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সতে মিলিত হয় এক বৈঠকত৷ বৈঠকত মিলিত হৈ ইতিমধ্যে চিকিৎসালয়খন মুকলি কৰা হৈছে আৰু অতি কম সময়তে অপাৰেচন কৰাৰো সকলো সুবিধা উপলব্ধ হ’ব বুলি সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ সমান্তৰালভাৱে ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে আবেদন কৰা হৈছে আৰু যিকোনো সময়তে স্বীকৃতি আহিব পাৰে৷ গতিকে আশা কৰা হৈছে ছেপ্টেম্বৰৰ পৰা ১০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিব পাৰিব বুলি উল্লেখ কৰে৷
প্ৰেৰক বিবেক বড়া