নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বাঘজান ক্ষেত্ৰ পৰিদৰ্শন কৰিব অ’এনজিচিৰ চিএমডি শশীশংকৰে

বাঘজান কাণ্ডৰ প্ৰকৃত দোষীসকলক বহিষ্কাৰ কৰি কোম্পানীক বদনামমুক্ত কৰক -- অইল মেনেজমেন্টৰ প্ৰতি আহ্বান অইল এক্সিকিউটিভ এছ'চিয়েচনৰ

নিয়মীয়া বাৰ্তা, ১৫ছেপ্টেম্বৰঃ বাঘজান বিজিএন ৫ ৰ কৰ্মস্থলীত অইল ইণ্ডিয়াৰ যুৱ জ‍্যেষ্ঠ অভিযন্তা (ইলেক্টিকেল) অৰ্ণৱ কিশোৰ বৰদলৈৰ মৃত্যুৰ বাতৰিয়ে বহু সন্দেহজনক প্ৰশ্নই ছ’চিয়েল মিডিয়াত তীব্ৰ আলোড়নৰ সৃষ্টি কৰি থকাৰ সময়তে শেহতীয়াকৈ অৰ্ণৱৰ দেউতাক বিজিত কুমাৰ বৰদলৈয়ে অইল ইণ্ডিয়াৰ চি এম ডিলৈ ঘটনাৰে সংপৃক্ত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপনেৰে পত্ৰ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি অইল ইণ্ডিয়াৰ মেনেজমেন্টক চিন্তিত কৰি তুলিছে। বৰ্তমান অইল ইণ্ডিয়াৰ জনপৰিক্ৰমা বিভাগৰ মুখ‍্যমহাপ্ৰৱন্ধক দিলীপ ভূঞাক সমন্বয়ক হিচাপে লৈ খনন বিভাগৰ মহাপ্ৰৱন্ধক জয়ন্ত কলিতা, ইলেক্টিকেল বিভাগৰ উপমহাপ্ৰৱন্ধক দীপক কুমাৰ দাস আৰু ছেফটি বিভাগৰ উপমহাপ্ৰৱন্ধক ৰূপম ঠাকৰে সহ চাৰিজনীয়া তদন্ত কমিটিয়ে অৰ্ণৱৰ মৃত্যুৰ ঘটনাক পৰ্য‍্যবেক্ষণ কৰি থকাৰ সময়তে উত্থাপিত বিস্ফোৰক অভিযোগসমূহে অৰ্ণৱৰ মৃত্যুৰ প্ৰকৃত ঘটনাক ৰহস্যঘন কৰি তুলিছে। ইফালে বাঘজানত তিনিগৰাকীকৈ অইল ইণ্ডিয়ানৰ মৃত্যুৰ ঘটনাৰ পাছতেই অইল ইণ্ডিয়াৰ যুৱ অভিযন্তাসকলৰ লগতে বাঘজানত কৰ্মৰত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীয়ে ক্ৰমশঃ মানসিক অস্হিৰতাত ভূগিব ধৰিছে । উচ্চস্তৰীয় এক সূত্ৰৰ অনুসৰি যোৱা ৯ ছেপ্টেম্বৰৰ ঘটনা দিনা কোনো কাৰণত পলমকৈ কৰ্মস্হলীত ( বিজিএন#৫) উপস্হিত হোৱাৰ হেতু এগৰাকী জ‍্যোষ্ঠ বিষয়াৰ পৰা কটু কথা শুনিবলগীয়া হৈছিল যুৱ অভিযন্তা অৰ্ণৱ কিশোৰে। তাৰপাছত কৰ্মস্হলীত নিয়োজিত হৈ ঘটনাস্হলীৰ অতিমাত্ৰা শব্দ প্ৰাবল‍্যৰ বাবে ম’বাইলৰ হোৱাটছ এপৰ যোগে সহযোগীৰ ম’বাইললৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল অৰ্ণৱে। অৰ্ণৱৰ হোৱাটছ এপৰ স্ক্ৰীণত শেষৰটো মেছেজ “চুইটচ অফ” বুলি উল্লেখ হোৱাৰ পাছতেই অৰ্ণৱে ৱেলহেডৰ মেৰামতি কাৰ্য‍ত হাত লগাইছিল। এনে অৱস্হাতে বিদ‍্যুৎ সঞ্চাৰিত সৰঞ্জামত হাত লাগি অৰ্ণৱ মাটিত ঢলি পৰি । জানিব পৰামতে প্ৰথম দুবাৰলৈ অৰ্ণৱৰ নিৰ্দেশমতে ঠিকমতেই কাম চলিছিল যদিও তৃতীয় প্ৰচেষ্টাতে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ইয়াকে লৈ বিভাগীয় লোকৰ মাজতো বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে। ইফালে আত্মীয় লোকে অৰ্ণৱৰ ফোনটো যিদৰে নষ্ট হ’ল সেই অনুপাতে অৰ্ণৱৰ শৰীৰত তেনেধৰণৰ বিশেষ আঘাতৰ লক্ষণ দেখা নোপোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে যুৱ অইল অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ মৃত্যু সন্দৰ্ভত অইল এক্সিকিউটিভ এচ’ছিয়েছনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে । ঘটনা সংক্ৰান্তত এক্সিকিউটিভ এছ’চিয়েচনৰ সভাপতি এছ এছ দাসে দুখ প্ৰকাশ কৰি কয়- বাঘজান ক্ষেত্ৰত ইতিপূৰ্বে দুগৰাকীকৈ অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক কৰ্মচাৰীৰ মৃত্যু হৈছে। পুনৰ যুৱ অভিযন্তাগৰাকীৰ মৃত্যুৱে কোম্পানীক শোকসাগৰত পেলোৱাৰ লগতে এইধৰণৰ দুৰ্ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে অইল মেনেজমেন্টৰ সৈতে এচ’ছিয়েছনে আলোচনা কৰা বুলি জানিবলৈ দিছে । এক্সকিউটিভ এচ’ছিয়েছনে অৰ্ণৱৰ পৰিয়ালৰ উপযুক্ত সদস‍্যক চাকৰি প্ৰদান কৰিবলৈও আহ্বান জনাইছে মেনেজমেন্টক। আনহাতে অভিযন্তাগৰাকীৰ মৃত্যুৰ ঘটনা অইল ইণ্ডিয়াৰ বাবে এটা বৃহৎ লোকচান বুলি তেখেতে মন্তব্য কৰিছে। লক্ষণীয়ভাৱে বাঘজানত এতিয়ালৈকে তিনিজনকৈ অইল ইণ্ডিয়ানৰ মৃত্যুৰ প্ৰকৃত কাৰণ তদন্ত কমিটিয়ে নিজ নিজ ভাগে চলাই আছে যদিও প্ৰকৃত দোষীক কোম্পানীৰ পৰা বহিষ্কাৰ কৰি কোম্পানীক বদনামৰ পৰা ৰক্ষা কৰিব লাগে বুলি অইল মেনেজমেন্টক আহ্বান জনাইছে অইল এক্সকিউটিভ এছ’চিয়েচনৰ সভাপতি এছ এছ দাসে । প্ৰথমবাৰলৈ অইল ইণ্ডিয়াৰ ভিতৰচ’ৰাত এক্সিকিউটিভ এচ’ছিয়েচনৰ তৰফৰ পৰা এনে সৎসাহসী আহ্বানক অইল মেনেজমেন্টে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। ইফালে আজি বাঘজান বিজিএন#৫ ৰ কাৰ্য‍্যাৱলী পৰিদৰ্শন কৰিবৰ বাবে দিল্লীৰ পৰা কালি বিয়লি অসমত উপস্হিত হয় অ’এনজিচিৰ অধ‍্যক্ষ তথা পৰিচালন সঞ্চালক শশীশংকৰ। অ’এন জি চিৰ চি এম ডিক সহযোগ কৰিব পেট্ৰ’লিয়াম এণ্ড গেছ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব অমৰ নাথ আৰু ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ’কাৰ্বনছৰ ডাইৰেক্টৰ জেনেৰেল এছ চি এল দাসে । অৱশ্যে জানিব পৰামতে বাঘজান পৰিদৰ্শনৰ সময়ছোৱাত তেওঁক সংগ দিবলৈ অথবা তৈল চহৰখনলৈ আদৰণি জনাবলৈ বৰ্তমান দুলীয়াজানত উপস্হিত নাই অইল ইণ্ডিয়াৰ অধ‍্যক্ষ তথা পৰিচালক সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰ। উল্লেখযোগ্য যে যোৱা ৯ ছেপ্টেম্বৰতে বিজিএন#৫ ৰ জটিল পৰিস্হিতিৰ বুজ ল’বলৈ বাঘজানত উপস্হিত হোৱাৰ কথা আছিল অ’ এন জি চিৰ চিএমডি গৰাকী। কিন্তু উক্ত দিনাই যুৱ অভিযন্তাগৰাকীৰ মৃত্যুৰ ঘটনাটোৰ কাৰণে পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচী বাতিল কৰিবলগা হয়। একেদৰে অ’ এন জি চিৰ চিএমডি গৰাকীৰ পৰিদৰ্শনে বাঘজান কাণ্ড নিষ্পত্তিৰ ক্ষেত্ৰত কেনে ফলপ্ৰসূ বিধি ব্যৱস্থা গ্ৰহণ কৰে তাকে লৈ বাঘজানবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে।ইফালে অৰ্ণৱৰ পিতৃৰ অভিযোগ- অইল কৰ্তৃপক্ষ কিম্বা অইলৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠনে প্ৰয়াত অৰ্ণৱৰ পৰিয়ালৰ সতে কোনোধৰণৰ আনুষ্ঠানিকতা অব্যাহত ৰখা নাই। এয়া এগৰাকী অইল বিষয়াৰ প্ৰতি প্ৰদৰ্শন কৰা কোম্পানীৰ চূড়ান্ত অমানৱীয়তা। এই সন্দৰ্ভত ইণ্ডিয়ান অইল ৱৰ্কাছ ইউনিয়নৰ সম্পাদক ভাস্কৰ বৰাই কয় যে তেওঁলোকে নিজৰ সীমাবদ্ধতাৰ ভিতৰত প্ৰতিটো ঘটনাৰ সন্দৰ্ভত অইলৰ বিৰুদ্ধে মাত মাতি আহিছে। তেওঁ জনোৱা মতে অইলৰ সামৰ্থ্যৰ ভিতৰত থকা ৱৰ্কঅভাৰৰ কাম ব্যক্তিগত কোম্পানীৰ হাতত এৰি দিয়াৰ বাবেই অপ্ৰীতিকৰ ঘটনাটো ঘটিবলৈ পালে। উক্ত ঘটনাটো মুহূৰ্ততে ঘটা ঘটনা নহয় তাৰ বাবে নিশ্চয় ঘণ্টাচেৰেক সময়ৰ ব্যৱধান আছিল। সেইখিনি সময়ত অইলৰ সংশ্লিষ্ট বিষয়াই ঘটনাটো নিয়ন্ত্ৰণ কৰিব পাৰিলে হয় । তেওঁৰ মতে জ’ন এনাৰ্জীৰ দৰে ব্যক্তিগত কোম্পানীৰ ড্ৰিলিং ইনচাৰ্জতকৈ অইল কৰ্মচাৰীৰ অভিজ্ঞতা অধিক।

You might also like