নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই এজেপিঃ ৩৫ বছৰ পাছত আছুৰ ঔৰসত দ্বিতীয়টো ৰাজনৈতিক দল

‘ঘৰে ঘৰে আমি’ শ্লোগানেৰে ৰাজ্যৰ ৰাজনীতিত বহুপ্রত্যাশিত ‘অসম জাতীয় পৰিষদ’ৰ আত্মপ্রকাশ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  ৰাজ্যৰ ৰাজনীতিত ৰাষ্ট্রীয় শক্তিৰ দপদপনিৰ যৱনিকা পেলোৱাৰ উদ্দেশ্যে অসমত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই সোমবাৰে অংকুৰণ হ’ল এটা নৱতম ৰাজনৈতিক দলৰ৷ ৰাজ্যৰ ৰাজনৈতিক পৰিক্রমাত নতুনকৈ সংযোজিত দলটোৰ নাম– অসম জাতীয় পৰিষদ৷ মূলমন্ত্র অসম প্রথম, সদায় আৰু চিৰদিন৷ সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত জন্মলাভ কৰা দলটোৰ সামাজিক দর্শন হ’ব– ঘৰে ঘৰে আমি, ঘৰে ঘৰে অসম জাতীয় পৰিষদ৷ এই শ্লোগান লৈয়ে গঢ়ি তোলা হ’ব নতুন আঞ্চলিক দলটোৰ বৰভেটি৷ সোমবাৰে এখন সংবাদ মেলযোগে নতুন আঞ্চলিক দলটোৰ নাম আৰু মূল দর্শনৰ বিষয়ে ঘোষণা কৰে দলটোৰ মুখ্য আহ্বায়কদ্বয় বসন্ত ডেকা আৰু কৃষ্ণগোপাল ভট্টাচার্যই৷ মহানগৰীৰ হোটেল প্রাগ কণ্টিনেণ্টেলত আয়োজিত সংবাদ মেলত বসন্ত ডেকাই কয় যে নতুন দলটোৰ নামৰ ক্ষেত্রত বহুতেই পৰামর্শ আগবঢ়াইছিল৷ বিভিন্ন পৰামর্শৰ মাজৰ পৰা ‘অসম জাতীয় পৰিষদ’ নামটো চূডান্ত কৰা হৈছে৷ এই দলটো কেৱল এটা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দল নহ’ব৷ দলটোৰ মূল সামাজিক আৰু স্থায়ী দর্শন হ’ব ঘৰে ঘৰে আমি৷ দলটোৱে প্রতিটো মুহূর্ততে মানুহৰ বন্ধু হৈ থিয় দিব৷ প্রতিটো পৰিয়ালৰ লগত সুখে–দুখে থাকিব৷ সকলো সময়তে যোগাযোগ ৰক্ষা কৰিব আৰু সম্পর্ক গঢ়ি তুলিব৷ সংবাদ মেলত ডেকাই কয় যে কালি অসম জাতীয় পৰিষদৰ আহ্বায়ক সমিতিৰ প্রাৰম্ভিক সভা এখন অনুষ্ঠিত হৈ যায় আৰু এই সভাতে অসমৰ ২৫খন জিলাত সাংগঠনিক কাম–কাজ আৰম্ভ কৰিবৰ বাবে আহ্বায়কসকলক দায়িত্ব অর্পণ কৰা হয়৷ সোমবাৰে আত্মপ্রকাশৰ লগে লগে দলটোৰ সাংগঠনিক কাম–কাজবোৰ আৰম্ভ হৈছে৷ সংগঠনৰ স্তৰসমূহ হ’ব বুথ কমিটী, আঞ্চলিক সমিতি, সমষ্টি সমিতি আৰু ৰাজ্যিক সমিতি৷ অহা ৩০ অক্টোবৰৰ ভিতৰত এই সমিতিসমূহ গঠন কৰা হ’ব আৰু নৱেম্বৰৰ প্রথম ভাগত এখন বিশাল ৰাজনৈতিক অভিৱর্তনৰ জৰিয়তে পূর্ণাংগ ৰাজ্যিক সমিতিখন গঠন কৰা হ’ব৷ জিলা অনুযায়ী সংগঠন গঢ়ি তুলিবৰ বাবে কেইবাগৰাকীও অভিজ্ঞ ব্যক্তিক দায়িত্ব অর্পণ কৰা হৈছে৷ সর্বোপৰি আহ্বায়ক সমিতিৰ ৰাজ্যিক সমন্বয়ক হিচাপে থাকিব জগদীশ ভূঞা৷ সকলো জনগোষ্ঠীৰ নিকা ভাবমূর্তিসম্পন্ন ব্যক্তি আৰু যুৱ প্রজন্মৰ প্রতিনিধিক প্রাধান্য দি দলৰ ভেটি গঢ়ি তোলা হ’ব বুলিও তেওঁ সংবাদ মেলত ঘোষণা কৰে৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ক’ভিড প্রট’কল মানি আৰু সময়ানুৱর্তিতা ৰক্ষা কৰি সভা–সমিতি অনুষ্ঠিত কৰাৰ ওপৰত দলটোৱে গুৰুত্ব আৰোপ কৰিব৷ আনহাতে, কৃষক মুক্তি সংগ্রাম সমিতিৰ লগত আলোচনা প্রসংগত অন্যতম মুখ্য আহ্বায়কগৰাকীয়ে কয় যে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে গঠন কৰা অসম পৰামর্শদাতা সমিতিৰ প্রস্তাৱৰ আধাৰত এই আহ্বায়ক সমিতিখন গঠন কৰা হৈছে৷ একেখন পৰামর্শদাতা সমিতিয়ে এক ঐক্যবদ্ধ ৰাজনৈতিক সংগ্রামৰো পোষকতা কৰিছে৷ গতিকে আহ্বায়ক সমিতিয়ে ৰাজনৈতিক দলটো গঠন হোৱালৈ নিজৰ দায়িত্ব পালন কৰি যাব৷ ইয়াৰ পাছৰ দলে কাৰ লগত আলোচনা কৰে, সেয়া দলৰ নেতৃত্বই সিদ্ধান্ত ল’ব৷ একেদৰে অগপৰ বিশ্বসঘাতকতাৰ পুনৰাবৃত্তি নহ’বলৈ পৰামর্শদাতা সমিতিৰ প্রতিনিধিসকলৰ লগতে আন নতুন কিছু প্রতিনিধি লৈ দলটোৰ এখন নিৰীক্ষণ সমিতি গঠন কৰাৰো পোষকতা কৰিছে আহ্বায়ক সমিতিয়ে৷ এই নিৰীক্ষণ সমিতি সাংবিধানৰ মর্যাদাপ্রাপ্ত এখন সমিতি হ’ব৷ যাতে কোনোবাই ইচ্ছা কৰিলেও জাতীয়তাবাদৰ পৰা আঁতৰি যাব নোৱাৰে আৰু পুনৰ বিশ্বাসঘাতকতা কৰাৰ সুযোগ নাপায়৷ তদুপৰি আন দলত থকা জাতীয়তাবাদী ব্যক্তিৰ বাবেও দলৰ দুৱাৰ মুকলি থাকিব যদিও তেওঁলোকক আঁকোৱালি লোৱাৰ ক্ষেত্রত অত্যন্ত সতর্কতা অৱলম্বন কৰা হ’ব বুলি আজি বসন্ত ডেকাই সদৰী কৰে৷ সংবাদ মেলত অন্যতম মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচার্যই কয় যে দলৰ সাংগঠনিক কাম–কাজ আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সংবিধানৰ খচৰা প্রস্তুতৰ কামো আগবাঢ়িছে৷ সংবিধানত সর্বভাৰতীয় আৰু সাম্প্রদায়িক দলৰ পৰা সমদূৰত্ব বজাই ৰখাৰ বিষয়টো স্পষ্টভাৱে উল্লেখ কৰা হ’ব৷ একে সময়তে আহ্বায়ক সমিতিয়ে অগপৰ ব্যর্থতাৰ দিশবোৰ বিশ্লেষণ কৰি চাইছে আৰু একে ভুলৰ পুনৰাবৃত্তি যাতে নহয়, তাৰ বাবে সর্বতোপ্রকাৰৰ চেষ্টা চলাব৷ নতুন দলটো পথ বিচ্যুত নহ’বলৈ আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ লগত কেনেদৰে সম্পর্ক ৰক্ষা কৰি চলিব, তাৰ বাবেও এক দিক নির্দেশনা দিয়া হ’ব বুলি ভট্টাচার্যই জানিবলৈ দিয়ে৷ অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্রহণ কৰি প্রাক্তন মন্ত্রী জগদীশ ভূঞাই কয় যে অসমৰ ‘কা’বিৰোধী আন্দোলনৰ সময়ছোৱাত জনসাধাৰণৰ আৱেগ–নুভূতি আৰু জাতীয় চিন্তা–চেতনাক সাৰোগত কৰি আছু আৰু যুৱ–ছাত্র পৰিষদে এখন অসম পৰামর্শদাতা সমিতি গঠন কৰি দিছিল৷ পৰামর্শদাতা সমিতিয়ে এটা আপোচবিহীন আঞ্চলিক দলৰ পোষকতা কৰি দলৰ বুনিয়াদ গঢ়াৰ বাবে তাৎক্ষণিকভাৱে এখন আহ্বায়ক সমিতি গঠনৰ প্রস্তাৱ আগবঢ়াইছিল৷ তাৰ পাছত ছাত্র সন্থাই কৃষ্ণগোপাল ভট্টাচার্য আৰু বসন্ত ডেকাক মুখ্য আহ্বায়ক হিচাপে লৈ এখন আহ্বায়ক সমিতি গঠন কৰি দিছিল আৰু সেই সমিতিৰ আজি তেওঁলোকে পূর্ণাংগ ৰূপ ঘোষণা কৰিছে৷ এতিয়া মূল কথাটো হ’ল এই আহ্বায়ক সমিতিখনে দলটোৰ নেতৃত্ব প্রদান কৰা নাই৷ দলৰ নেতৃত্বও লোৱা নাই৷ দলৰ সাংগঠনিক বুনিয়াদ গঢ়াৰ দায়িত্ব আহ্বায়কসকলক দিছে আৰু সমগ্র অসমত আহ্বায়ক সমিতিয়ে সাংগঠনিক বুনিয়াদ গঢ়ি ৰাজনৈতিক অভিৱর্তনৰ দিশে দলটোক আগবঢ়াই নিয়াৰ পৰিৱেশহে ৰচনা কৰিব৷ অভিৱর্তনতহে দলটোৰ পূর্ণাংগ স্থায়ী সমিতি গঠন হ’ব৷ দ্বিতীয়তে, পৰামর্শদাতা সমিতিয়ে খুব স্পষ্টভাৱে কৈছে যে এখন ঐক্যবদ্ধ ৰাজনৈতিক সংগ্রামৰ প্রয়োজনীয়তা আছে আৰু সেই কামটো খুব সোনকালে কৰিব লাগে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদেও বিভিন্ন মাধ্যমৰ জৰিয়তে বাৰাম্বাৰ কৈ আছে যে এক ঐক্যবদ্ধ ৰাজনৈতিক প্রক্রিয়া আৰম্ভ কৰা হ’ব৷ ইমান যোগাত্মকভাৱে কথাবোৰ আগবাঢ়ি যোৱাৰ পাছত ঋণাত্মক দৃষ্টিৰে কিয় চোৱা হৈছে, সেই কথাটো বুজি পোৱাত অসুবিধা আছে৷ এটা কথা আজিৰ দিনটোত স্পষ্টভাৱে ক’ব পাৰি যে অসম জাতীয় পৰিষদৰ যিদিনা পূর্ণাংগ সমিতি গঠন হ’ব, সিদিনাৰ পৰাই ঐক্যবদ্ধ ৰাজনৈতিক প্রক্রিয়া ইতিবাচকভাৱে আগবঢ়াই নিবৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিব৷ ভূঞাই নতুন দলৰ কাম–কাজ অহর্নিশে পর্যালোচনা কৰিবলৈ সংবিধানৰ আধাৰত এখন গণ নিৰীক্ষণ সমিতি গঠনৰো পোষকতা কৰে৷ তেওঁ লগতে অসমৰ ৰাইজক মুক্ত মনেৰে দলটোৰ প্রতি পৰামর্শ আগবঢ়াবলৈও আহ্বান জনায়৷ উল্লেখ্য যে ইতিমধ্যে বিভিন্ন দলৰ জাতীয়তাবাদী ব্যক্তিসকলে নতুন দলটোৰ লগত যোগাযোগ আৰম্ভ কৰিছে৷ অগপৰ মৰিগাঁও জিলাৰ সভাপতি বীৰেশ্বৰ মেধিয়ে অগপ ত্যাগ কৰি নতুন দলটোৰ আহ্বায়ক সমিতিত যোগ দিছে৷ তেওঁক মৰিগাঁৱত অসম জাতীয় পৰিষদৰ সংগঠন গঢ়াৰ দায়িত্ব দিয়া হৈছে৷ আন আন জিলাৰ দায়িত্বপ্রাপ্ত আহ্বায়কসকল হ’ল– চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, হৰেন চুতীয়া, মিৰণ দেৱী, ইজৰাইল নন্দ, জামান ৱাহেদুৰ খণ্ডকৰ, জান বৰা, দীপক হাজৰিকা, আনিছুৰ ৰহমান, অমল ডেকা, ডেটাং নাইডিং, ইমদাদ হুছেইন, ৰাজীৱ ভট্টাচার্য, অনন্ত নাৰায়ণ ভট্টাচার্য, চাজিল জামাল, বিশ্বজিৎ টিপমীয়া, পলাশৰঞ্জন বৰুৱা, চন্দন সন্দিকৈ, বন্তি হাজৰিকা, লাকীমণি বৰুৱা, শিৱৰাম মৰাং, বীৰেন বৰুৱা, এছ এছ হুদাচৌধুৰী, ফকৰুল ইছলাম মজুমদাৰ, এছ এছ সাগৰ গৌড়, বিজয় কুমাৰ দাস আৰু দেৱজিৎ গোস্বামী৷ প্রয়োজনত আহ্বায়ক সমিতিত অধিক লোকক অন্তর্ভুক্ত কৰা হ’ব৷ ইফালে, এম এইচ বৰভূঞাক হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰৰ ৰাজু ফুকনক গোলাঘাট, যোৰহাট, শিৱসাগৰৰ হৰেন চুতীয়াক লখিমপুৰৰ আৰু চিত্তৰঞ্জন বসুমতাৰীক জোনাই, ধেমাজি, ডিব্রুগড় আৰু লখিমপুৰৰ দায়িত্ব প্রদান কৰা হৈছে৷ উল্লেখ্য যে আজিৰ পৰা ঠিক ৩৫ বছৰ পূর্বে ৬ বছৰীয়া অসম আন্দোলনৰ পাছত ১৯৮৫ চনৰ ১৪ অক্টোবৰত আছুৰ উদ্যোগতে জন্ম হৈছিল আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ৷ দুটাকৈ কার্যকালৰ বাবে ৰাজ্যৰ শাসনভাৰ দখল কৰা অগপৰ সৈতে আছুৰ সম্পর্ক বিগত সময়ছোৱাত তিক্ততাপূর্ণ হৈ পৰে৷ অগপ–আছুৰ বিচ্ছেদৰ পাছত এইবাৰ সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ঔৰসত জন্ম হ’ল আকৌ এটা ৰাজনৈতিক দল– ‘অসম জাতীয় পৰিষদ’ৰ৷ অগপৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এই দলটোৱে ৰাজ্যৰ ৰাজনীতিত কিমানদূৰ প্রভাৱ বিস্তাৰ কৰিব পাৰে, সেয়া অহা সময়ছোৱাত লক্ষণীয় হ’ব৷
পৱিত্র ক্ষণ আখ্যা লুৰিণজ্যোতিৰ, ঐক্যবদ্ধ হোৱাৰ আহ্বান পলাশ চাংমাইৰ
অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদী দল ‘অসম জাতীয় পৰিষদ’ৰ সংযোজনৰ মুহূর্তক পৱিত্র ক্ষণ আখ্যা দিছে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ ব্যাপক জল্পনা–কল্পনাৰ সামৰণিত নতুন দলটোৰ নাম ঘোষণা হোৱাৰ পাছতে আজি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এয়া অসমৰ জনসাধাৰণৰ বাবে এক পৱিত্র ক্ষণ৷ অসমীয়া জাতিলৈ নামি অহা সংকট নোহোৱা কৰিবলৈ সকলোৱে সামূহিকভাৱে চিন্তা–চর্চা কৰিব লাগিব৷ শুভ উত্তৰণৰ বাবে সকলোৱে হাতত হাত ধৰি আগবঢ়াৰ কথা চিন্তা কৰিব লাগিব৷ কাৰণ সংকটৰ মাজতে সম্ভাৱনা থাকে৷ নিষ্ঠা আৰু সততা থাকিলে সকলো সময়ে অসমবাসীৰ বাবে ভাল সময় হ’ব৷ কিন্তু সংকটৰ মাজত সকলোৱে ঐক্যবদ্ধভাৱে যুঁজাৰ সংকল্প ল’ব লাগিব৷ ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত ল’ব লাগিব৷ কিন্তু লক্ষ্য সকলোৰে এটাই হোৱা উচিত– বিজেপিক উৎখাত কৰা আৰু কংগ্রেছ–এ আই ইউ ডি এফক প্রতিহত কৰা৷ ইয়াৰ বাবে জাতীয়তাবাদী ভোট একত্রিত হ’ব লাগিব৷ এই সন্দর্ভত ৰাজনৈতিক সিদ্ধান্ত ৰাজনৈতিকভাৱে হ’ব লাগিব৷ গণতান্ত্রিকভাৱে আলোচনা–সমালোচনাৰ্ এক উমৈহতীয়া সিদ্ধান্ত ল’ব লাগিব৷ এক পূর্বনির্ধাৰিত সিদ্ধান্ত জাপি দিয়াটো গণতান্ত্রিক চেতনাৰ পৰিপন্থী৷ আনহাতে, নতুন দলটোৰ লগত কেনেদৰে জড়িত হ’ব, সেই সিদ্ধান্ত আছুৰ অধিৱেশনৰ পাছতহে লোৱা হ’ব বুলি লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰি দিয়ে৷ ইফালে, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে নৱগঠিত অসম জাতীয় পৰিষদৰ আহ্বায়ক মণ্ডলী আৰু অসম পৰামর্শদাতা সমিতিৰ সদস্যসকললৈ শুভেচ্ছা জ্ঞাপন কৰি আশা প্রকাশ কৰে যে অসম আৰু অসমীয়া জাতিবিৰোধী সকলো শক্তি প্রতিহত কৰাৰ বাবে অনাগত সময়ত অসমত থকা একে মতাদর্শ আৰু আঞ্চলিক ৰাজনীতি বিশ্বাসী সকলো দল–সংগঠন ঐক্যবদ্ধ হ’ব৷ তেওঁ লগতে জাতিৰ অস্তিত্ব ৰক্ষাৰ বৃহত্তৰ স্বার্থত সকলোকে ঐক্যবদ্ধ হ’বৰ বাবে আহ্বান জনায়৷

You might also like