নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱৰ বতৰত উৎসাহ নাই ৰাজ্যবাসীৰ

আজি মহালয়া বিশ্বকর্মা পূজা

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   প্রকৃতিৰ চিৰাচৰিত নিয়ম মানি ভুমুকি মাৰিছে শৰতে৷ আৰম্ভ হৈছে কঁহুৱা ফুলাৰ বতৰ৷ তলভৰি সৰিছে শেৱালি ফুল৷ সজাল ধাননিত এতিয়া কুঁৱলীৰ আস্বাদন৷ ফৰকাল আকাশত ভাহিছে শুকুলা মেঘ৷ এয়া উৎসৱৰ বতৰ৷ মন–প্রাণ হৰি নিয়া শৰৎ আহিলেও পিছে মন ফৰকাল নহয় ৰাজ্যবাসীৰ৷ বিশ্বজুৰি বিভীষিকা সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিৱেশে আশাহত কৰি তুলিছে ৰাজ্যবাসীক৷ শাৰদীয় উৎসৱৰ বতৰত নাই কোনো আনন্দ৷ দ্রুত গতিৰে সংক্রমিত হোৱা ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত আনন্দ–হর্ষোল্লাসক একাষৰীয়া কৰি কেৱল পৰম্পৰাগত আৰু ধর্মীয় নিয়মেৰে শাৰদীয় উৎসৱ পালন কৰিবলৈ সাজু হৈছে ৰাইজ৷ কাইলৈ বিশ্ব খনিকৰ বিশ্বকর্মা পূজা৷ তদুপৰি কাইলৈ মহালয়া৷ ধৰাৰ বুকুলৈ আগমন ঘটিব দুর্গতিনাশিনী দেৱী দুর্গাৰ৷ পৰম্পৰাগত আৰু ধর্মীয়ভাৱে যথেষ্ট গুৰুত্ব থকা এই উৎসৱক লৈ ভক্তসকলৰ মাজত ব্যাপক উৎসাহ–উদ্দীপনা পৰিলক্ষিত হয়৷ অৱশ্যে এইবাৰ ক’ৰোনাৰ সংক্রমণৰ বাবে নাই পূর্বৰ দৰে উৎসাহ–উদ্দীপনা৷ সমান্তৰালভাৱে মহালয়া পালন কৰাৰ ক্ষেত্রতো কেতবোৰ নীতি–নির্দেশনা জাৰি কৰা হৈছে জিলা প্রশাসনৰ ফালৰ পৰা৷ ইপিনে, ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণৰ বাবে স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰা স্বাস্থ্য বিধি অনুকৰণ কৰি কাইলৈ বিশ্ব খনিকৰৰ পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ভক্তসকল৷ অৱশ্যে পূর্বৰ দৰে এইবাৰ বিভিন্ন ধর্মীয় অনুষ্ঠান তথা চৰকাৰী–বেচৰকাৰী কার্যালয়, উদ্যোগ–প্রতিষ্ঠান আদিত দেখা নাযাব বিশ্বকর্মা পূজা৷ ক’ভিডৰ সংক্রমণৰ বাবে জাৰি কৰা স্বাস্থ্য বিধিৰ লগতে জিলা প্রশাসনসমূহে দিয়া নীতি–নির্দেশনা মানিহে অনুষ্ঠিত কৰিব লাগিব পূজা৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে বিশ্বকর্মা পূজাৰ লগতে কাইলৈ অনুষ্ঠিত হ’বলগীয়া মহালয়াৰ বাবে দিয়া এক নির্দেশনা অনুসৰি ৰাজহুৱা স্থানত ৰাইজ সমৱেত হ’ব নোৱাৰিব৷ পূজা অনুষ্ঠিত কৰা স্থানসমূহত সামাজিক দূৰত্ব মানি চলাৰ লগতে এবাৰত সর্বোচ্চ ১৫গৰাকী লোকহে সমৱেত হ’ব পাৰিব৷ অৱশ্যে লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে জাৰি কৰা নির্দেশনাত এই সংখ্যা ৩০জন বুলিহে উল্লেখ কৰিছে৷সেইদৰে ৰাজহুৱা স্থান, পথ আদিত নির্মাণ কৰিব নোৱাৰিব পেণ্ডেল তথা বাণিজ্যিক বিপণী৷ দর্শনার্থীক আকর্ষণৰ বাবে পূজা পেণ্ডেলসমূহত আলোকসজ্জা আৰু শব্দৰ ব্যৱস্থা কৰিব নোৱাৰিব৷ আনহাতে, পূজাস্থলীসমূহত ৰন্ধা খাদ্যৰ পৰিৱর্তে শুকান প্রসাদ বিতৰণ কৰাৰো পৰামর্শ দিছে জিলা প্রশাসনে৷ পূজাৰ অন্তত মূর্তি বিসর্জনৰ বাবে শোভাযাত্রা উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্রশাসনে৷ কাইলৈ কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি প্রদান কৰা নহ’ব৷ সেইদৰে ভক্তসকলে মাস্ক পৰিধান কৰাৰ লগতে সঘনাই ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব৷ উল্লেখ্য যে ৰাজ্যৰ কেইবাখনো জিলা প্রশাসনে অনুৰূপ ধৰণে মহালয়া আৰু বিশ্বকর্মা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্রত নীতি–নির্দেশনা জাৰি কৰিছে৷ ইফালে, শাৰদীয় দুর্গোৎসৱৰ প্রাকক্ষণত অনুষ্ঠিত বিভিন্ন পূজাৰ বাবে মূর্তি–প্রতিমা নির্মাণত ব্যস্ত হৈ পৰে ৰাজ্যৰ মৃৎ শিল্পীসকল৷ দুর্গাপূজাৰ পূর্বে গণেশ পূজা, বিশ্বকর্মা পূজা আদিতো মৃণ্ময় মূর্তিৰ যথেষ্ট চাহিদা পৰিলক্ষিত হয়৷ কিন্তু এইবেলি সাম্প্রতিক পৰিস্থিতিৰ বাবে বিশাল পৰিসৰত পূজা অনুষ্ঠিত কৰিব নোৱাৰাত মৃণ্ময় মূর্তিৰ চাহিদা হ্রাস পাইছে৷ এই শাৰদীয় বতৰতে অনুষ্ঠিত বিভিন্ন পূজাৰ সময়ত মৃণ্ময় মূর্তি প্রস্তুত কৰি জীৱন নির্বাহ কৰা মৃণ্ময় শিল্পীসকলৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা৷ দুর্গাপূজা, বিশ্বকর্মা পূজা আদিৰ সময়তো পূর্বৰ দৰে লাভ কৰা নাই প্রতিমূর্তি নির্মাণৰ অর্ডাৰ৷ যাক লৈ জীৱন নির্বাহ কৰাৰ ক্ষেত্রত বিমোৰত পৰিছে এই শিল্পীসকল৷ সমান্তৰালভাৱে মহালয়াৰ লগে লগে ৰাজ্যজুৰি দুর্গোৎসৱৰ আনন্দও আৰম্ভ হয়৷ বিশাল পূজা মণ্ডপেৰে তথা আকর্ষণীয় আলোকসজ্জাৰে দর্শনার্থী আৰু ভক্তসকলক আকর্ষণ কৰিবলৈ পূজা কমিটীসমূহৰ মাজত আৰম্ভ হয় অঘোষিত প্রতিযোগিতা৷ নতুন ডিজাইনৰ কাপোৰ, অলংকাৰ, জোতা–চেণ্ডেল আদিৰে ভৰি পৰে বজাৰ৷ নিজৰ পছন্দৰ পোছাক পৰিধান কৰি পূজা উপভোগৰ বাবে বজাৰ–সমাৰত ব্যস্ত হৈ পৰে ৰাজ্যবাসী৷ এইবাৰ এনে কোনো পৰিৱেশ পৰিলক্ষিত হোৱা নাই৷ বজাৰ–সমাৰত নাই গ্রাহকৰ ভিৰ৷ একেদৰে দুর্গোৎসৱৰ সময়ত কি ধৰণৰ পৰিস্থিতি সৃষ্টি হ’ব, সেয়া এতিয়াও অনিশ্চয়তাৰ মাজত থকাৰ বাবে ব্যৱসায়ীসকলে নতুন কাপোৰৰ ষ্টক আনিবলৈ সাহস কৰা নাই৷ একেদৰে পূজা কমিটীসমূহেও সাধাৰণভাৱেই এইবাৰ দুর্গাপূজা অনুষ্ঠিত কৰিবলৈ একপ্রকাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
দুর্গাপূজা–বিশ্বকর্মা পূজাক লৈ ৰাজ্য চৰকাৰৰ নির্দেশনা
ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বিশ্বকর্মা আৰু দুর্গাপূজা উদ্যাপনৰ ক্ষেত্রত কেতবোৰ বিশেষ নীতি–নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ক’ভিডৰ সংক্রমণ ৰোধ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা নির্দেশ অনুসৰি পূজা পেণ্ডেলসমূহত কোনোধৰণৰ মেলা অনুষ্ঠিত কৰিব নোৱাৰিব৷ পথৰ ওপৰত অথবা কাষত কোনোধৰণৰ অস্থায়ী পেণ্ডেল নির্মাণৰ অনুমতিও প্রদান কৰা নহ’ব৷ তদুপৰি পূজা পেণ্ডেলসমূহত পুৰোহিত আৰু আয়োজককে ধৰি ৩০জনতকৈ অধিক লোক গোট খাব নোৱাৰিব৷ যিকোনো পূজাস্থলীত সর্বাধিক ২০গৰাকী ভক্তকহে অনুমতি প্রদান কৰিব পাৰিব পূজা কমিটীসমূহে৷ এইক্ষেত্রত সামাজিক দূৰত্বৰ নিয়ম কঠোৰভাৱে মানি চলিব লাগিব৷ মাস্ক পৰিধান নকৰা ব্যক্তি আৰু হাত নোধোৱাকৈ কোনো লোকক পূজাস্থলীত প্রৱেশ কৰাৰ বাবে সংশ্লিষ্ট কমিটীসমূহে অনুমতি প্রদান কৰিব নোৱাৰিব৷ পূজা পেণ্ডেলসমূহত হাত ধোৱা আৰু ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব কমিটীসমূহে৷ তদুপৰি এইবাৰ প্রতিমা বিসর্জনৰ বাবে কোনোধৰণৰ শোভাযাত্রাৰ অনুমতি প্রদান কৰা নহ’ব বুলি উল্লেখ কৰা হৈছে ৰাজ্য চৰকাৰৰ নির্দেশনাত৷ সর্বাধিক ৫গৰাকী ব্যক্তিহে প্রতিমা বিসর্জনৰ পৰম্পৰা সম্পন্ন কৰিব পাৰিব৷ পূজাস্থলীসমূহলৈ আগমন ঘটা ভক্তসকলক থার্মেল স্ক্রীনিঙৰ ব্যৱস্থা কৰিব লাগিব আয়োজকসকলে৷ ক’ৰোনাৰ লক্ষণযুক্ত লোকক পূজাস্থলীসমূহত প্রৱেশৰ অনুমতি প্রদান কৰিব নোৱাৰিব৷ সেইদৰে যিকোনো সন্দেহজনক লক্ষণযুক্ত লোকৰ ক্ষেত্রত চৰকাৰী চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰাৰ দায়বদ্ধতা ন্যস্ত থাকিব পূজা কমিটীসমূহৰ ওপৰত৷ এই নির্দেশনাসমূহ বলৱৎ কৰাৰ ক্ষেত্রত জিলা উপায়ুক্তসকলে ব্যৱস্থা গ্রহণ কৰিব লাগিব৷

You might also like