নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ জিলাৰ ৪২ সমষ্টিৰ ৩১টাতে নির্ণায়ক ভূমিকা ল’ব চাহ বাগানৰ ভোটাৰে

চাহ জনগোষ্ঠীৰ নিয়ন্ত্রণত উজনি উত্তৰ অসমৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ  আগন্তুক বিধানসভা নির্বাচনত উজনি অসমৰ ৰাজনীতিত নির্ণায়ক ভূমিকা গ্রহণ কৰিব চাহ জনগোষ্ঠীয়ে৷ ৰাজ্যৰ এই বৃহৎ জনগোষ্ঠীটোৱে পূর্বৰে পৰা উজনি অসমৰ নির্বাচনী ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে যদিও এইবাৰৰ নির্বাচনত চাহ জনগোষ্ঠীৰ সমর্থন হ’ব সবাতোকৈ গুৰুত্বপূর্ণ৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত শাসনাধিষ্ঠিত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি উজনি অসমৰ প্রায়সমূহ সমষ্টিতে বিজয় সাব্যস্ত কৰিছিল যদিও বিগত সময়ৰ ‘কা’বিৰোধী আন্দোলনে দলটোৰ নির্বাচনী সমীকৰণত আউল লগোৱা পৰিলক্ষিত হৈছিল৷ কিন্তু শেহতীয়াকৈ আছুৰ নেতৃত্বত অসম জাতীয় পৰিষদ নামেৰে দ্বিতীয়টো ৰাজনৈতিক দল গঠনৰ পাছত এতিয়া ‘কা’বিৰোধী ভোট বিভাজন স্পষ্ট হৈ পৰিছে৷ স্বাভাৱিকতেই ‘কা’বিৰোধী ভোটৰ বিভাজনে শাসনাধিষ্ঠিত বিজেপিক লাভান্বিত কৰাটো নিশ্চিত৷ বিগত সময়ত ‘কা’ৰ বিৰুদ্ধে উজনি অসমত গঢ়ি উঠা তীব্র গণ আন্দোলনৰ পৰিপ্রেক্ষিতত গঢ়ি উঠা প্রতিষ্ঠানবিৰোধী ঢ়ৌ কংগ্রেছ দলে নিজৰ সমর্থনলৈ পর্যবসিত কৰাৰ চেষ্টা চলোৱাৰ সময়তে নৱগঠিত অসম জাতীয় পৰিষদ এতিয়া বিজেপিৰ বাবে কার্যতঃ নির্বাচনী অংকত আশীর্বাদস্বৰূপ হৈ পৰাটো নিশ্চিত৷ এনে নির্বাচনী সমীকৰণত বিজেপিয়ে একমাত্র চাহ জনগোষ্ঠীৰ সমর্থনেৰেই উত্তৰ অসম আৰু উজনি অসমত বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা প্রবল৷ উত্তৰ অসম আৰু উজনি অসমৰ ৯খন জিলাৰ ৪২টা সমষ্টিৰ ভিতৰত ২৪টা সমষ্টিতেই চাহ জনগোষ্ঠীয়ে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ আনহাতে, সাতটা সমষ্টিত চাহ জনগোষ্ঠীৰ এক বৃহৎ সংখ্যাৰ ভোটাৰ থকাৰ ফলত এইকেইটা সমষ্টিতো চাহ জনগোষ্ঠীৰ সমর্থন গুৰুত্বপূর্ণ বিবেচিত হৈ আহিছে৷ উত্তৰ অসমৰ শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ ঢ়েকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা, চতিয়া, বিশ্বনাথ চাৰিআলি, বিহালী, গহপুৰ, বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ, ঢ়কুৱাখনা, ধেমাজি আৰু জোনাই সমষ্টিৰ ভিতৰত ঢ়েকীয়াজুলি, বৰছলা, ৰঙাপৰা, বিশ্বনাথ চাৰিআলি, বিহালী আৰু গহপুৰ সমষ্টিত ৩০ৰ পৰা ৪০ শতাংশ ভোটাৰ চাহ জনগোষ্ঠীৰ৷ আনহাতে, বিহপুৰীয়া আৰু লখিমপুৰ সমষ্টিতো চাহ জনগোষ্ঠীৰ ভোটাৰ থকাৰ ফলত উত্তৰ অসমৰ সাতটা আৰু বাকী দুটা সমষ্টিত এই ভোটাৰসকলে নির্বাচনী অংকত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ একেদৰে উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ডিব্রুগড় আৰু তিনিচুকীয়া জিলাৰ ১৮টা সমষ্টিত চাহ জনগোষ্ঠীয়ে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ বিশেষকৈ বোকাখাত, সৰুপথাৰ, খুমটাই, তিতাবৰ, মৰিয়নি, টীয়ক, আমগুৰি, নাজিৰা, সোণাৰি, থাওৰা, মৰাণ, ডিব্রুগড়, লাহোৱাল, দুলীয়াজান, টিংখাং, তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা সমষ্টিৰ ভৱিষ্যৎ চাহ জনগোষ্ঠীৰ ওপৰতে নির্ভৰশীল৷ এই ১৮টা সমষ্টিৰ ৩০ৰ পৰা ৪৫ শতাংশ ভোটাৰেই চাহ জনগোষ্ঠীৰ হোৱা বাবে বিগত লোকসভা নির্বাচনত বিজেপিয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, ১৮টা সমষ্টিৰ তিতাবৰ, মৰিয়নি, সৰুপথাৰ, নাজিৰা আৰু ডুমডুমা সমষ্টিহে বর্তমান কংগ্রেছৰ দখলত আছে৷ ২০১৯ চনৰ লোকসভা নির্বাচনত এই বিধানসভা সমষ্টিকেইটাতো কিন্তু বিজেপিয়ে অগ্রগতি লাভ কৰাটো গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ একেদৰে এই ৬খন জিলাৰ গোলাঘাট, দেৰগাঁও, মাহমৰা, নাহৰকটীয়া আৰু চাবুৱা সমষ্টিতো চাহ জনগোষ্ঠীৰ ভূমিকা গুৰুত্বপূর্ণ৷ এনে ভোটাৰৰ পৰিসংখ্যাই এতিয়া আগন্তুক নির্বাচনৰ সমীকৰণত চাহ জনগোষ্ঠীৰ ভূমিকা সবাতোকৈ গুৰুত্বপূর্ণ বুলি স্পষ্ট কৰি তুলিছে৷ চাহ জনগোষ্ঠীৰ সমর্থনৰ ক্ষেত্রত বিজেপিৰ বাবে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা আৰু সাংসদ পল্লৱলোচন দাস ট্রাম্প কার্ড ৰূপে বিবেচিত হৈ পৰিছে৷ স্বাধীনতাৰ পৰৱর্তী সময়ত অসমৰ এই বৃহৎ জনগোষ্ঠীটোৰ পৰা একে সময়তে সংসদৰ মজিয়াত তিনিজনকৈ সাংসদ থকাটো যথেষ্ট গুৰুত্বপূর্ণ আৰু এই বিষয়টোৱে নির্বাচনী ৰাজনীতিত প্রভাৱ বিস্তাৰ কৰাটো নিশ্চিত৷ ইয়াৰ উপৰি চাহ জনগোষ্ঠীৰ প্রতিনিধি সঞ্জয় কিষাণক সর্বানন্দ সোণোৱাল মন্ত্রীসভাত স্থান দিয়াৰ লগতে ৰামেশ্বৰ তেলীক কেন্দ্রীয় মন্ত্রীসভাত ৰাজ্যিক মন্ত্রী ৰূপে নির্বাচিত কৰাটো বিজেপিৰ বাবে উজনি অসমত আশীর্বাদ স্বৰূপ হৈ পৰিছে৷ এজন কেন্দ্রীয় মন্ত্রী, এজন ৰাজ্যিক মন্ত্রী, তিনি সাংসদ আৰু বিধায়কে কার্যতঃ উজনি অসমৰ লগতে উত্তৰ অসমৰ নির্বাচনী ৰাজনীতিত প্রভাৱান্বিত কৰাটো প্রায় নিশ্চিত৷ ইয়াৰ উপৰি ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিভিন্ন কল্যাণমুখী আঁচনি গ্রহণ কৰি আহিছে৷ বিশেষকৈ এই চৰকাৰৰ সময়ছোৱাত চাহ বাগানৰ স্বাস্থ্য, শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্রত গ্রহণ কৰা আঁচনিসমূহে বিজেপিৰ প্রতি জনগোষ্ঠীটোৰ সমর্থন অটুট ৰখাটো বিশেষভাৱে উল্লেখযোগ্য৷ ইফালে, বিৰোধী দল কংগ্রেছৰ চাহ জনগোষ্ঠীৰ প্রভাৱশালী নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰৰ নিষ্ক্রিয়তা আৰু বিৰোধী দলটোত বৃহৎ জনগোষ্ঠীটোৰ জনপ্রিয় নেতাৰ অভাৱে পৰোক্ষভাৱে বিজেপিক সহায় কৰি আহিছে৷ আনহাতে, আছুৰ নেতৃত্বত নতুনকৈ গঠন হোৱা দলটোতো চাহ জনগোষ্ঠীৰ কোনো প্রভাৱশালী নেতাৰ প্রৱেশ ঘটা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত এতিয়া আগন্তুক নির্বাচনত চাহ জনগোষ্ঠীৰ একচেতিয়া সমর্থনে শাসনাধিষ্ঠিত বিজেপিক উজনি আৰু উত্তৰ অসমত বৃহৎ বিজয়ত সহায় কৰাৰ সম্ভাৱনা প্রবল৷

You might also like