মেষঃ শুভ ৰং নীলা, সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ ঘৰলৈ সুখ আহিব৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ প্রতিকাৰ– ঘিউৰ চাকি এগজ জ্বলাই তাত অলপ কর্পুৰ দিব আৰু শিৱৰ ধ্যান কৰিব৷
বৃষঃ শুভ ৰং হালধীয়া, সংখ্যা ৭৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ ব্যৱসায়ীৰ অর্থ হানি হ’ব পাৰে৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ– তুলশী গছৰ গুৰিত পানী ধালি ধূপ–চাকি জ্বলাব৷
মিথুনঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব৷ চাকৰিৰ ক্ষেত্রত সন্মান লাভ হ’ব৷ প্রতিকাৰ– ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷
কর্কটঃ শুভ ৰং বগা, সংখ্যা ৮, আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ– অগৰু চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷
সিংহঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– বেল গছৰ গুৰিত ধূপ–চাকি জ্বলাব৷
যুদ্ধলৈ সাজু হোৱাৰ নির্দেশ সেনাবাহিনীক
কন্যাঃ শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷
তুলাঃ শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ আনৰ কথা শুনি কোনো কাম নকৰিব৷ প্রতিকাৰ– পুৱা গা ধুই সূর্যক প্রণাম কৰিব আৰু তুলশীৰ গুৰিত পানী ঢ়ালি ধূপ জ্বলাব৷
বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ সন্তানৰ ভুলৰ কাৰণে অর্থ হানি হ’ব পাৰে৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ– পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷
ধনুঃ শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ ব্যৱসায়ত বেমেজালি আহিব পাৰে৷ চাকৰিৰ খবৰ আহিব পাৰে৷ প্রতিকাৰ– কপালত চন্দনৰ ফোট ল’ব৷
মকৰঃ শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ খং দমাই ৰাখক৷ চাকৰিৰ বাবে লাগি থকাসকলে ভাল খবৰ পাব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷
কুম্ভঃ শুভ ৰং নীলা, সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব বিপদ হ’ব পাৰে৷ মূৰত আঘাত পাব পাৰে৷ বিদেশলৈ যোৱাৰ সুবিধা পাব৷ প্রতিকাৰ– তিনিটা ৰঙা জবা ফুল লৈ শিৱ লিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷
মীনঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ চাকৰিৰ খবৰ আহিব পাৰে৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ– পানীত তিল দি পূব দিশলৈ চাই গা ধুব৷
গুৱাহাটীত নির্মাণ নহয় টুইন টাৱাৰ