নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি উৰুকা : ভোজলৈ উছাহেৰে প্রস্তুতি অসমীয়াৰ

🔹 আটকধুনীয়া মেজি–ভেলাঘৰ নির্মাণেৰে ভোগালীক অধিক আকর্ষণীয় কৰাৰ চেষ্টা ৰাইজৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জানুৱাৰী : ভোগসমৃদ্ধ ভোগালীক আনন্দ–উৎসৱৰ মাজেৰে হেঁপাহেৰে আদৰিবলৈ সাজু হৈছে অসমীয়াই৷ অসমীয়া জাতীয় জীৱনৰ আৱেগ মাঘৰ ভোগালী বিহু৷ পদূলিমুখত উপস্থিত হোৱা ভোগালীক ভোগসর্বস্ব কৰি বছৰটোলৈকে ভোগমুখী হোৱাৰ আশা বুকুত বান্ধিছে জাতিটোৱে৷ আজি উৰুকাৰ দিনাৰ পৰাই আৰম্ভ হ’ব ভোগালীৰ ভোগমুখী যাত্রা৷ আগন্তুক কেইবাদিনলৈ চলিবলগীয়া ভোগৰ এই আয়োজনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমীয়া৷ বন্ধু–বান্ধৱ, আত্মীয়–স্বজনৰ সৈতে উৰুকাৰ নিশাটো আনন্দ–স্ফূর্তিৰে কটাবলৈ বহুদিনৰ পৰাই ৰাইজে আশা পালি আছিল৷ এতিয়া সেই আশা ভোগালীৰ মাধ্যমেৰে বাস্তৱায়িত হোৱাৰ পথত৷ উৰুকাৰ নিশাটোৰ বাবে বাৰীৰ খালৰ পৰা আৰম্ভ কৰি নদী–বিললৈকে সমূহীয়া মৎস্য চিকাৰত নামি পৰিছে ৰাইজ৷ সমান্তৰালভাৱে গঞা ৰাইজৰ চোতাল গুমগুমাই উচ্চাৰিত হৈছে ঢেঁকীৰ শব্দ৷ পিঠা–পনা, মাহ–কঢ়াইৰ মহমহীয়া লোভনীয় গোন্ধই চৌদিশ যেন ছানি ধৰিছে৷ ৰাজ্যৰ গ্রামাঞ্চলৰ লগতে চহৰাঞ্চলৰ অসমীয়া ৰাইজো ব্যস্ত হৈ পৰিছে আজি উৰুকাৰ আয়োজনক লৈ৷ আজি পুৱাৰ ভাগৰ পৰাই যেন কঁকালত টঙালি বান্ধিছে অসমীয়াই৷ মূল্যবৃদ্ধিয়ে এফালে কেঁকোৰা চেপা দিছে, কিন্তু আপোন বিহুটি নেপাতি কেনেকৈ থাকোঁ মনোভাবেৰে ৰাইজে ভোগালীৰ ভোগ সফল কৰাত ব্রতী হৈ পৰিছে৷ ৰাইজৰ উছাহত আজি মূল্যবৃদ্ধিও হৈ পৰিছে গৌণ৷ ভোগালীৰ উৰুকাৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্রান্তৰ বজাৰ–সমাৰবোৰ উভৈনদী হৈ পৰিছে ভোগালীৰ ভোগেৰে৷ বিভিন্ন প্রকাৰৰ চিতল, ইলিচ, আৰি, বৰালি, ভকুৱাকে ধৰি মাছ বজাৰত উভৈনদী হৈ পৰিছে৷ চতুৰ ব্যৱসায়ীয়ে ৰাইজৰ মনোভাবৰ উমান লৈ বহিঃৰাজ্যৰ পৰা অহা চালানী মাছকেই লোকেল মাছ বুলি অধিক দামত বিক্রী কৰাৰ চেষ্টা চলাইছে৷ ৰাজ্য চৰকাৰৰ মীন বিভাগৰ অন্যতম সংস্থা ফিছফেডেও উৰুকাৰ বাবে ৰাজ্যজুৰি লোকেল মাছৰ যোগান নিয়মীয়া কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছে৷ ফিছফেডৰ ৰূপনগৰৰ দুখন বিপণীত সম্প্রতি উপলব্ধ হৈ পৰিছে চিতল, আৰি, বৰালিকে ধৰি বিভিন্ন প্রকাৰৰ মাছ৷ মীন বিভাগৰ শীর্ষ বিষয়া ধ্রুৱজ্যোতি শর্মাই সদৰী কৰা মতে, গুৱাহাটী মহানগৰীত এইবাৰ উৰুকাত মুঠ ৫,০০০ কিলোগ্রাম বিভিন্ন প্রকাৰৰ মাছ বিক্রী কৰাৰ পৰিকল্পনা হাতত লৈছে ফিছফেডে৷ অকল মহানগৰীতে নহয়, ৰাজ্যৰ প্রত্যেক জিলাতে আজিৰ দিনটোত ন্যূনতম ৩ হাজাৰ কিলোগ্রাম বিভিন্ন প্রকাৰৰ মাছ বিক্রীৰ পৰিকল্পনা হাতত লোৱা হৈছে৷ অৱশ্যে সাধাৰণ বিক্রেতাৰ তুলনাত ফিছফেডত ৰাইজে মাছ কিছু সুলভ মূল্যত পাবলৈ সক্ষম হ’ব বুলিও তেওঁ লগতে কয়৷ একেদৰে উপলব্ধ হৈ পৰিছে হাঁহ, পাৰ, মুর্গী, ছাগলীকে ধৰি মঙহ৷ পিছপৰি থকা নাই ক্রীম, দৈ আৰু চিৰাও৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বহিছে ভোগালী মেলা৷ ৰামদিয়া আৰু সৰভোগৰ দৈ, ক্রীম বুলি একাংশ ব্যৱসায়ীয়ে সহজ–সৰল ৰাইজক আভুৱা–ভাঁৰাৰ চেষ্টা কৰিছে৷ দৈ প্রতি কিলোগ্রামত ১৫০ টকা আৰু ক্রীম প্রতি কিলোগ্রামত ৩০০ৰ পৰা ৫০০ টকাপর্যন্ত ব্যৱসায়ীয়ে বিক্রী কৰি আছে৷ ব্যৱসায়ীৰ চতুৰালি বুজিব নোৱাৰা ৰাইজে সেয়াই আচল বুলি ক্রয় কৰিছে যদিও বহুসংখ্যক ব্যৱসায়ীয়ে চাহিদা অনুপাতে যোগান দিব নোৱাৰি দৈ, ক্রীমত ভেজাল কৰাও পৰিলক্ষিত হ’ল৷ কিন্তু বিহুৰ বতৰত ৰাইজৰ অভিযোগ শুনিবলৈ যেন অপাৰগ হৈছে ব্যৱসায়ীমহল৷ সকলোকে মাথোঁ লাগে বিহুৰ বতৰত দুপইচা সৰহকৈ অর্জন কৰাৰ সুবিধা৷ একেদৰে মহানগৰীৰ বজাৰত উপলব্ধ হ’ল পিঠা–পনা–সান্দহ–লাড়ু, চাউল আৰু জহা চাউল৷ যান্ত্রিকতাই গুৱাহাটী মহানগৰবাসীক সম্প্রতি আৱৰি ধৰিছে৷ ঘৰত বনোৱা পিঠা–লাড়ু ৰাইজৰ বাবে এতিয়া স্বাদহীন হৈ পৰিছে৷ গতিকে বজাৰত সহজতে পোৱা পিঠা–লাড়ুৰ প্রতি মহানগৰবাসী আকৃষ্ট হৈ পৰিছে৷ মহানগৰবাসী অসমীয়াৰ দুর্বলতাৰ এই সুযোগ ভালদৰে গ্রহণ কৰিছে চতুৰ ব্যৱসায়ীয়ে৷ তিল, নাৰিকল, সান্দহগুড়ি যিয়েই নহওক ১০টা লাড়ু ৮০ টকাকৈ মহানগৰীৰ বজাৰত বিক্রী হৈ থকাৰ লগতে ১০খন পিঠাযুক্ত প্রতিটো পেকেট ৬০–৮০ টকাকৈ বিক্রী হৈ আছে৷ ভোগৰ উৎসৱ হ’লেও সাধাৰণ অর্থত ৮০ টকাৰে ১০খন পিঠা কিনাতকৈ সমপৰিমাণৰ ধনেৰে চাউল–নাৰিকল কিনি অধিক পিঠা–লাড়ু হয়তো ৰাইজে প্রস্তুত কৰিব পাৰিলেহেঁতেন৷ কিন্তু এইখিনি কৰাৰ বাবে সদিচ্ছাৰ যেন অভাৱ হৈছে ৰাইজৰ৷ আনহাতে, ভোগালীৰ অন্যতম পর্ব মেজি আৰু ভেলাঘৰ নির্মাণ এতিয়া আকর্ষণীয় বিষয় হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তত নানান আর্হিৰে ৰাইজে মেজি–ভেলাঘৰ নির্মাণ কৰি ভোগালীক অধিক আকর্ষিত কৰাৰ চেষ্টাত ব্রতী হৈছে৷ কোনোবাই যদি মৃত্যুঞ্জয় মন্দিৰৰ আর্হিত ভেলাঘৰ নির্মাণ কৰিছে, তেন্তে আন কোনোবাই চন্দ্রযানক ভেলাঘৰৰ আর্হি হিচাপে লৈছে৷ মুঠৰ ওপৰত এক বহুৰঙী পৰিৱেশ ৰাজ্যৰ বিভিন্ন গ্রামাঞ্চলত পৰিলক্ষিত হ’ল৷ উৰুকাৰ পিছতে পুহৰ সংক্রান্তিৰ দিনা অগ্ণি দেৱতাক প্রণাম জনাই মেজিত অগ্ণিসংযোগ কৰি অগ্ণি দেৱতাক প্রার্থনা জনাব ৰাইজে৷ অগ্ণিং প্রজ্বলিতং বন্দে চতুৰ্বেদম হুতাশনম… শীর্ষক মন্ত্রোচ্চাৰণেৰে বছৰটোৰ বাবে সকলোকে কুশলে ৰাখিবলৈ অসমীয়াই প্রার্থনা জনাব৷ ভোগালী বিহুৰ সময়ছোৱাত আপোন ঘৰখনত সময় কটাবলৈ কালিৰে পৰা গৃহমুখী যাত্রা আৰম্ভ হৈছে বহুসংখ্যক লোকৰ৷ গুৱাহাটী মহানগৰীৰ খানাপাৰা, বেলতলা, আদাবাৰী আৰু জালুকবাৰীত কালি দিনজুৰি তীব্র যান–জঁটৰ সৃষ্টি হয়৷ আজি উৰুকাৰ পৰাই যিহেতু ভোগালী বিহু আৰম্ভ হ’ব, গতিকে উৰুকাৰ পূর্বেই আপোন ঘৰখনলৈ যোৱাৰ ইচ্ছাৰে বহুসংখ্যক লোকে ৰাজ্যৰ বিভিন্ন বাছ আস্থানৰ লগতে ৰে’ল আস্থানতো ভিৰ কৰা পৰিলক্ষিত হ’ল৷ গৃহাভিমুখী ৰাইজৰ এই তৎপৰতাৰ বাবে মহানগৰীৰ বিভিন্ন প্রান্তত কালি ভয়ংকৰ যান–জঁটৰ সৃষ্টি হয়৷ দিনৰ ভাগৰ পৰা আৰম্ভ হোৱা এই যান–জঁট ইমানেই তীব্র আছিল যে নিশাৰ ভাগলৈকে মহানগৰীৰ বহুকেইটা মূল পথ তীব্র যান–জঁটত আক্রান্ত হয়৷ অৱশ্যে হেঁপাহৰ ভোগালী বিহুৰ স্বার্থত নীৰৱেই ৰাইজে মানি ল’লে যান–জঁটৰ যন্ত্রণাকো৷ ভোগালী বিহু উপলক্ষে শুভেচ্ছা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্রী অতুল বৰা, কার্যকৰী সভাপতি, মন্ত্রী কেশৱ মহন্ত আৰু অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই৷ এক বিবৃতিযোগে অগপৰ নেতৃবৃন্দই ভোগালীৰ আনন্দ–উলাহৰ মাজেৰে সকলোৰে জীৱনলৈ সুখ–সমৃদ্ধি কঢ়িয়াই আনিব৷ পঞ্চায়ত–গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে ভোগালী বিহুৱে সমাজৰ সাতামপুৰুষীয়া ঐক্য–সংহতিক অধিক সুদৃঢ় কৰি তুলিব বুলি মন্তব্য কৰি অসমৰ ৰাইজলৈ ভোগালীৰ শুভেচ্ছা জনাইছে৷ ভোগালী বিহু উপলক্ষে অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে৷

You might also like