নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৩০ জুন : জানক দিনটোৰ ৰাশিফল

আহাৰ মাহৰ ১৫ তাৰিখ
দেওবাৰঃ তিথি– কৃষ্ণা নৱমী, নক্ষত্রঃ ৰেৱতী, যাত্রাঃ নাই

মেষঃ মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২–৫ৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷

বৃষঃ পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ মনৰ দৃঢ়তা ৰাখক সকলো নিয়ন্ত্রণক্ষম হ’ব৷ শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

মিথুনঃ কোনো সম্পদৰ প্রতি নজৰ ৰাখক৷ হাতৰ পৰা যাতে সুযোগ সৰকি নাযায় সাৱধান হওক৷ দাম্পত্যতো তদ্রূপ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷

কর্কটঃ বল প্রয়োগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে৷ কিন্তু তাতো বৰ সফল নহ’ব৷ গতানুগতিক কামত বেছি বাধা নাই৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ২৷

সিংহঃ দৃঢ়মত পোষণ কৰিব, সুখী হ’ব৷ বিৰক্তি আৰু কিছুমান বাঞ্ছিত কর্ম কৰিবলগীয়া সংযোগ পিছুৱাই পৰাত উদ্বিগ্ণতা থাকিব৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ১৷

কন্যাঃ এটাৰ পাছত এটা আহুকাল এৰাব পৰা টান৷ তাৰ ভিতৰত আগৰ আহুকালেও দায়ী হ’ব৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৮৷

তুলাঃ মধ্যম ফল৷ কোনো বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব৷ লগতে আপোনাৰ দক্ষতাৰ প্রতি কোনো আনুষ্ঠানিক আহ্বান আহিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷

বৃশ্চিকঃ কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব৷ দিনৰ ১১.৩০ বজাৰ পৰা এনে সংযোগ দেখা যায়৷ দাম্পত্যত আনন্দ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷

ধনুঃ শাৰীৰিক অথন্তৰ অনুভৱ কৰিবও পাৰে৷ বিশেষকৈ দুর্বল আৰু বয়সস্থসকল৷ আর্থিকত উন্নতিত বাধা৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

মকৰঃ আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ শৰীৰ সম্পর্কীয় দুশ্চিন্তাৰ প্রয়োজন নাথাকিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷

কুম্ভঃ মনত অত্যন্ত কুটিল প্রশ্ণই তোলাপাৰ লগাব পাৰে৷ মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব৷ শুভ ৰং বগা৷ সংখ্যা ৩৷

মীনঃ মজলীয়া হ’লেও শুভ প্রভাৱৰ সংখ্যা বৃদ্ধি৷ বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ দুপৰীয়াৰ পৰা সাৱধান হওক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷

You might also like