নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ ৰাজ্যত তুংগত উঠিছে নির্বাচনী প্রচাৰ অভিযান৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চাবুৱা আৰু বোকাখাতত একেৰাহে দুদিন বিশাল গণ সমাৱেশ সম্বোধন কৰাৰ পাছত আজি অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ মাজুলী, জোনাই আৰু ওদালগুৰিত তিনিখনকৈ নির্বাচনী প্রচাৰ সমাৱেশত অংশগ্রহণ কৰিব৷ ওদালগুৰিত অনুষ্ঠিত হ’বলগীয়া সমাৱেশত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সংগ দিব ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷ এই তিনিখন বিশাল সমাৱেশৰ পাছতেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দলীয় কার্যকর্তাসকলৰ সৈতে গুৱাহাটীত এখন সাংগঠনিক সভাতো অংশগ্রহণ কৰাৰ কথা৷ তিনিখনকৈ সমাৱেশৰ জৰিয়তে কেন্দ্রীয় গৃহমন্ত্রীজনে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপৰি ভুবন পেগু, গোবিন্দ বসুমতাৰী, বিশ্বজিৎ দৈমাৰী জিতু কিষাণ আৰু অশোক সিংঘলৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ সেইদৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই কাইলৈ টিংখাঙৰ প্রার্থী বিমল বৰা, তিতাবৰৰ প্রার্থী হেমন্ত কলিতা আৰু বিহালীৰ প্রার্থী ৰঞ্জিত দত্তৰ হৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ ইফালে বিজেপিৰ অন্যতম ৰাষ্ট্রীয় নেতা তথা বিহাৰৰ উদ্যোগমন্ত্রী শ্বাহনৱাজ হুছেইনে কাইলৈ অসমত তিনিখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব৷ তেওঁ ৰূপহীহাট সমষ্টিৰ প্রার্থী নাজিৰ হুছেইন, ধিঙৰ প্রার্থী সঞ্জীৱ বৰা আৰু লাহৰীঘাটৰ প্রার্থী মহম্মদ কাদিৰুজামান জিন্নাহৰ হৈ নির্বাচনী প্রচাৰ চলাব৷
আজি চিলাপথাৰত নির্বাচনী প্রচাৰ চলাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে
প্রথম পর্যায়ৰ বিধানসভা নির্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ মুহূর্তত বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনকেন্দ্রিক তৎপৰতা ক্রমাৎ তুংগত উঠিছে৷ ৰাজ্যখনৰ আন আন প্রান্তৰ সমান্তৰালকৈ ধেমাজি জিলাৰ ১১৪নং জোনাই জনজাতীয় বিধানসভা সমষ্টিটোত অতিকৈ লক্ষণীয় হৈ পৰিছে নির্বাচনী বতাহ৷ ঘনে ঘনে পৰিৱর্তন হৈছে সমষ্টিটোৰ ৰাজনৈতিক দৃশ্যপট৷ এইবাৰ সমষ্টিটোত সাতগৰাকী প্রার্থীয়ে নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে যদিও মূল যুঁজখন বিজেপি প্রার্থী ভুবন পেগু আৰু কংগ্রেছ প্রার্থী ডাঃ হেম হৰিপ্রসন্ন পেগুৰ মাজতে হ’ব বুলি বিভিন্ন ৰাজনৈতিক বিশ্লেষকে মত প্রকাশ কৰিছে৷ অৱশ্যে এইক্ষেত্রত বাকী পাঁচগৰাকী প্রার্থীয়েও তীব্র নির্বাচনী ৰণত নামি পৰা পৰিলক্ষিত হৈছে৷ আনহাতে, আজি ভুবন পেগুক জয়ী কৰাৰ উদ্দেশ্যে চিলাপথাৰ ৰাজীৱ গান্ধী ক্রীডা প্রকল্পৰ প্রাংগণত আয়োজিত নির্বাচনী সভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত হৈ জোনাই সমষ্টিৰ বিজেপি প্রার্থী ভুবন পেগুৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ ইতিমধ্যে ভুবন পেগুৱে কেন্দ্রীয় গৃহমন্ত্রীজনৰ আজিৰ সভাত প্রায় আশী হাজাৰ লোকৰ সমাগম হ’ব বুলি জানিবলৈ দিছে৷ সম্প্রতি কেন্দ্রীয় গৃহমন্ত্রীৰ আগমনৰ সভাৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ আৰক্ষীৰ বৃহৎ বাহিনীয়ে সমগ্র অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ আজি শীর্ষ পর্যায়ৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷
আজি বৰহোলালৈ আহিব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা
নির্বাচনলৈ মাত্র ছয়টা দিন বাকী থকা অৱস্থাত তিতাবৰ সমষ্টিত বিজেপি আৰু কংগ্রেছৰ নির্বাচনী প্রচাৰ তুংগত উঠিছে৷ আজি মৰিয়নি আৰু যোৰহাটত দুখনকৈ নির্বাচনী সভাত ক্রমে ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীৰ প্রচাৰে ৰাজনৈতিক বতাহ গৰম কৰি তোলাৰ পাছত তিতাবৰ সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী হেমন্ত কলিতাৰ হৈ কাইলৈ ২২ মার্চত বৰহোলাত আয়োজিত নির্বাচনী সভাত অংশগ্রহণ কৰিব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ আজি দুপৰীয়া ১২ বজাত বৰহোলা বাগিচাৰ খেলপথাৰত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই প্রায় বিশ হাজাৰ লোকক সম্বোধন কৰিব বুলি জানিব পৰা গৈছে৷ সভাপতি নাড্ডাই পুৱা বিশেষ বিমানেৰে দিল্লীৰ পৰা পোনে পোনে আহি যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত হেলিকেপ্ঢাৰেৰে বৰহোলাৰ নির্বাচনী প্রচাৰ সভাত উপস্থিত হ’ব৷ ইফালে জে পি নাড্ডাক আদৰিবলৈ যোৰহাট আৰু তিতাবৰ বিজেপিৰ নেতা–কর্মীসকলে যাৱতীয় সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ বৰহোলা বাগান খেলপথাৰত বিশাল মণ্ডপ নির্মাণ কৰা হৈছে৷ য’ত প্রায় দহ হাজাৰ লোক বহিব পৰাকৈ আসনৰ সুব্যৱস্থা কৰা হৈছে৷ যোৰহাট জিলাৰ আৰক্ষী প্রশাসনে ইতিমধ্যে অর্ধসামৰিক বাহিনীৰ মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷