নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত অব্যাহত ডাম্পাৰ চালকৰ দৌৰাত্ম্যঃ ট্রাকত খুন্দিয়াই আহত চালক

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ নিশাৰ মহানগৰীত অব্যাহত আছে ডাম্পাৰ চালকৰ দৌৰাত্ম্য৷ যান–বাহন আইন উলংঘা কৰি একাংশ ডাম্পাৰ চালকে নিশাৰ মহানগৰীত চলাই অহা অতপালিৰ বাবে ইতিমধ্যে বহু লোকে প্রাণ হেৰুৱাৰ লগতে আন একাংশ দুর্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে ঘুণীয়া হৈ দুর্বিষহ জীৱন কটাবলগীয়া হৈছে৷

অলপতে জালুকবাৰী উৰণীয়া সেতুত সংঘটিত এটা দুর্ঘটনাত এজন ডাম্পাৰ চালকৰ অকাল মৃত্যু হোৱাৰ পিছত কালি নিশা পুনৰ শৰাইঘাট দলঙৰ সমীপত এখন ডাম্পাৰ দুর্ঘটনা হোৱাত এজন লোক গুৰুতৰভাৱে আহত হয়৷

আৰক্ষী সূত্রে জানিব পৰা মতে, কালি নিশা জালুকবাৰীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখী এএছ–২৫ইচি–৩০৪৯ নম্বৰৰ ডাম্পাৰখনে শৰাইঘাট দলঙৰ সমীপত পথৰ দাঁতিত ৰৈ থকা এনএল–০১এই–০১৩৭ নম্বৰৰ চিমেণ্টভর্তি ট্রাকত খুন্দা মাৰে৷ ফলত দুয়োখন বাহনৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰি ডাম্পাৰখনৰ ভিতৰত সমীৰ নামৰ চালকজন সুদীর্ঘ সময় ধৰি আবদ্ধ হৈ পৰে৷

পিছত জালুকবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থনীয় লোকৰ সহযোগত চালকজনক উদ্ধাৰ কৰি হাস্পতালত ভর্তি কৰায়৷ গুৰুতৰভাৱে আহত চালকজন সম্প্রতি নাৰায়ণা হাস্পতালত চিকিৎসাধীন হৈ আছে৷

You might also like