আজি মৰাণ বিহু, জনজাতীয় জীৱন সত্তাৰ উপাদানৰ অন্যতম চানেকি
নিয়মীয়া বার্তা ডিজিটেল, 16 এপ্রিল : আজি মৰাণ বিহু! পুৰ্বৰে পৰা বৰ্ণিল ঐতিহ্য-সংস্কৃতিৰে সমাহিত মৰাণ জনগোষ্ঠীটোৱে ব’হাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু ৰাতিবিহু উদযাপন কৰাৰ লগতে বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে৷ জনগোষ্ঠীটোৰ লোক-সংস্কৃতিৰ অন্যতম শ্রেষ্ঠ সম্পদ মৰাণ বিহু মৰাণসকলৰ সমগ্ৰ সমাজ ব্যৱস্থাত নিহিত হৈ থকা জনজাতীয় জীৱন সত্তাৰ উপাদানৰ অন্যতম চানেকি৷