নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দীক্ষান্ত সমাৰোহত প্রধানমন্ত্রী মোদীৰ ভার্চুৱেল ভাষণ

গুৱাহাটী আইআইটি

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ  গুৱাহাটীৰ আমিনগাঁওস্থিত ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ (আই আই টি) দীক্ষান্ত সমাৰোহ ভার্চুৱেলযোগে আজি সম্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দিনৰ ১২ বজাত প্রধানমন্ত্রীগৰাকীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে দীক্ষান্ত সমাৰোহত ভাষণ প্রদান কৰিব৷ প্রধানমন্ত্রীৰ উপৰি কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল নিশাংক, কেন্দ্রীয় ৰাজ্যিক শিক্ষামন্ত্রী সঞ্জয় ধাত্রে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও অংশগ্রহণ কৰিব৷ এই দীক্ষান্ত সমাৰোহত কাইলৈ বি টেকৰ ৬৮৭গৰাকী আৰু এম টেকৰ ৬৩৭গৰাকী শিক্ষার্থীক ডিগ্রী প্রদান কৰা হ’ব৷ ভার্চুৱেল মাধ্যমেৰে শিক্ষার্থীসকলক এই ডিগ্রীসমূহ প্রদান কৰা হ’ব৷ ক’ভিড–১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আই আই টি, গুৱাহাটীয়ে ভার্চুৱেল এই দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অৱশ্যে ইয়াৰ পূর্বে কেইবাখনো আই আই টিয়ে অনলাইনযোগে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰিছে৷ ইয়াৰ মাজতে আই আই টি, গুৱাহাটীয়ে অনুষ্ঠানটো অধিক সজীৱ কৰি তোলাৰ বাবে প্রযুক্তিৰ সহায়ত শিক্ষার্থীৰ অৱতাৰ শীর্ষক বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ তদুপৰি ঘৰৰ পৰা অভিভাৱকসকলে এই দীক্ষান্ত সমাৰোহ উপভোগ কৰিব পাৰিব৷

You might also like