নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ১০ অক্টোবৰ : জানক দিনটোৰ ৰাশিফল

আহিন মাহৰ ২৩ তাৰিখ

বৃহস্পতিবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ পূর্বষাঢ়া, যাত্রাঃ শুভ

মেষঃ মহা সপ্তমী তিথিত ব্যস্ততা বৃদ্ধি পাব৷ শ্রীশ্রী দুর্গাদেৱীক পদুম ফুলেৰে অঞ্জলি প্রদান কৰিব৷ গুলপীয়া বস্ত্র পৰিধান কৰিলে শুভ হ’ব৷

বৃষঃ পুৱা থাপনাত তিনি গছি চাকি জ্বলাব৷ দেৱী মাক মিঠা বস্তু ভোগ দিব৷ হালধীয়া বস্ত্র পৰিধান কৰিলে শুভ হ’ব৷ পদুম ফুল আৰু জবা ফুলেৰে অঞ্জলি দিব৷ পূজা চলি থকা সময়ত ক’লা বস্ত্র পৰিধান নকৰিব৷

মিথুনঃ শুভ ৰং ৰঙা৷ ১০৮টা জবা ফুলৰ মালা দুর্গাদেৱীক অর্পণ কৰিব৷ ৰঙা ফুলেৰে অঞ্জলি দিব৷

কর্কটঃ আজি দেৱীৰ মহাসপ্তমী পূজা৷ আজি চন্দন মিশ্রিত পানীৰে স্নান কৰিব৷ আজি তাল খোৱা নিষিদ্ধ৷ দেৱীক অঞ্জলি প্রদানৰ সময়ত ৰঙা নাইবা হালধীয়া বস্ত্র পৰিধান কৰিলে শুভ হ’ব৷

সিংহঃ আনন্দেৰে পূজাস্থলীত উপস্থিত থাকক আৰু দেৱীৰ চৰণত শ্রদ্ধা, ভক্তি নিবেদন কৰক৷

কন্যাঃ আজি ঘৰত আলহীৰ আগমন হ’ব৷ কিন্তু নিৰামিষ খাদ্য গ্রহণ কৰিব৷ সপ্তমী পূজাত বগা ফুল আৰু নীলা ফুলেৰে অঞ্জলি দিব৷ টেঙা জাতীয় বস্তু নখোৱা ভাল৷ বগা আৰু নীলা শুভ ৰং৷

তুলাঃ সন্তানৰ সাফল্য৷ ধনত ভাল৷ ৰাজহুৱা অনুষ্ঠানত আগদান৷ খাদ্য নিয়ন্ত্রণ কৰিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ নিমপাত, কেৰেলা নাখাব৷ ১০টা পদুম ফুল দুর্গা মাতাক অর্পণ কৰিব লগতে মৌজল দিব৷ গুলপীয়া শুভ ৰং৷

বৃশ্চিকঃ পূজাত বগা চন্দন আৰু অগৰু সুগন্ধি দান দিব৷ ৰঙা বস্ত্র পৰিধান কৰি পূজাত অংশগ্রহণ কৰিব৷ অঞ্জলিত পদুম ফুল অৱশ্যে থাকিব৷

ধনুঃ দুর্গাপূজাৰ পুৰোহিতক শ্রীশ্রীচণ্ডী মহাত্ম্য আৰু নগুণ দান দিব৷

মকৰঃ ৰাতিপুৱা গৃহৰ উত্তৰ–পূব দিশত সাত গছ চাকি জ্বলাব৷ পদুম ফুলেৰে দুর্গা পূজাত অঞ্জলি দিব৷ আজি তিতা নাখাব৷

কুম্ভঃ পূজা মণ্ডপত যোৱাৰ আগতে গণেশ মন্দিৰ দর্শন কৰিব৷ আজি পূজাত ৭ বিধ ফল দিব৷ উপবাসে থাকি অঞ্জলি দিব৷

মীনঃ বাসন্তী ৰঙৰ বস্ত্র পূজাত দান দিব পাৰে৷ ১০৮টা পদুম ফুলৰ মালা অর্পণ কৰিব৷ উপবাসে থাকি অঞ্জলি দিব৷

You might also like