সম্পাদকীয় : দুর্গাপূজাত প্রকৃতি
পৃথিৱীৰ পৰা অসূয়া–মংগল আঁতৰ কৰাৰ বাবে আৰম্ভ হ’ল দুর্গতিনাশিনী দেৱী দুর্গাৰ পূজা৷ ষষ্ঠীৰ দিনা বোধনৰ জৰিয়তে দেৱী দুর্গাৰ পূজা আৰম্ভ হোৱাৰ পাছত বিজয়া দশমীলৈকে দেশৰ বিভিন্ন প্রান্তত দেৱী দুর্গাৰ বন্দনা চলিব৷ ধর্মীয় ৰীতি–নীতিৰে দেৱী দুর্গাক পূজা–র্চনা কৰাৰ সমান্তৰালকৈ পূজা মণ্ডপত সাংস্কৃতিক অনুষ্ঠানো চলিব৷ ধার্মিক আৰু সাংস্কৃতিক পৰম্পৰাৰ জৰিয়তে দেৱী দুর্গাৰ বন্দনাৰে মানৱ জাতিৰ কল্যাণৰ কামনা কৰা হ’ব৷ ধর্মীয় পৰম্পৰাৰ মাজত প্রকৃতিক সাঙুৰি লোৱা হয়৷ অর্থাৎ প্রকৃতিৰ সৈতে ধর্মৰ নিবিড় সম্পর্ক আছে৷ প্রকৃতিক বাদ দি ধর্মীয় ধাৰণা আগবঢ়াই নিয়াটো কল্পনা কৰিব নোৱাৰি৷ এক কথাত ক’বলৈ হ’লে ধর্ম আৰু প্রকৃতিৰ সম্পর্ক নিবিড়৷ ধর্মক লৈয়ে দেৱ–দেৱীক আৰাধ্য আৰু পূজা–র্চনা চলি আহিছে৷ শাৰদীয় দুর্গাপূজাও ব্যতিক্রম নহয়৷ দেৱী দুর্গাৰ পূজাৰ সৈতে প্রকৃতিৰ নিবিড় সম্পর্ক আছে৷ দেৱী দুর্গাৰ পূজা অশুভ শক্তিৰ বিৰুদ্ধে শুভৰ জয়ক লৈ উদ্যাপন কৰা হয় যদিও এই দেৱী দুর্গাৰ পূজাত প্রকৃতিক আদৰণি আৰু উদ্যাপন কৰা হয়৷ দেৱী দুর্গাৰ মুখত অংকিত হালধীয়া ৰঙে ইয়াকে সূচায় যে তেওঁৰ মুখমণ্ডলত সূর্যৰ ৰশ্মিয়ে প্রকৃতিৰ সকলো উপাদানৰ সৈতে সংপৃক্ত হৈ থাকে৷ দুর্গোৎসৱে প্রকৃতিৰ মাজত স্বাস্থ্য, ধন, সম্পত্তি আৰু সমৃদ্ধিৰ শস্য ছপোৱাৰ বতৰো চিহ্ণিত কৰা হয়৷ দেশৰ কৃষিজীৱী জনগোষ্ঠীৰ সভ্যতাৰ পৰাই মাতৃ দেৱী দুর্গাৰ পূজা প্রচলিত হৈ আহিছে৷ অধিক প্রাচীন আৰু বিমূর্ত প্রথাৰ ধৰিত্রী পূজাৰ পৰাই পিছলৈ মাতৃ দেৱী পূজালৈ বিকশিত হৈছিল৷
প্রতিবছৰে আহিন মাহ তথা শৰৎ ঋতু (ছেপ্টেম্বৰ–অক্টোবৰ) মাহত দেৱী দুর্গাৰ পূজা অর্চনা কৰা হয়৷ এইবেলি অক্টোবৰৰ প্রথম পষেকত শাৰদীয় দুর্গাপূজা আৰম্ভ হ’ল৷ শৰতৰ সময়ত প্রকৃতিৰ সৌন্দর্য শিখৰত থাকে আৰু ই হৈছে শস্য ছপোৱাৰ সময়৷ কৃষকসকলে ভাল শস্যৰ বাবে নৱপত্রিকা দেৱীক পূজা কৰিছিল আৰু এই নৱপত্রিকাই দুর্গাপূজাৰ আদিম ৰূপটোক প্রতিনিধিত্ব কৰে৷ নৱপত্রিকা পূজাৰ আটাইকেইটা পৱিত্র ৰীতি–নীতি দুর্গাপূজাৰ আয়োজনত সংযোজন হৈছে৷ প্রয়োজনীয় আন আন উদ্ভিদ আৰু ফুলৰ ভিতৰত অশোক গছকে ধৰি বিভিন্ন উদ্ভিদ পূজাত ব্যৱহাৰ হয়৷ এই তথ্যই এই কথাকে প্রমাণ কৰে যে দেৱী কেৱল শস্যৰ বৃদ্ধিত অন্তর্নিহিত শক্তি নহয়, বৰঞ্চ সকলো গছ–গছনিৰ অন্তর্নিহিত শক্তি৷ দেৱী দুর্গাৰ পূজা উৎসৱৰ লগত প্রকৃতি দেৱী আৰু মানৱ জাতিৰ মাজত সম্পর্ক আছে৷ স্বচ্ছ নীলা আকাশ, বগা ফুলি উঠা ডাৱৰ, সূর্যৰ ৰ’দ, পাৰিজাত আৰু শেৱালি ফুলেৰে ভৰা প্রকৃতিয়েই উৎসৱৰ লগত জড়িত হৈ আছে৷ সকলো জীৱৰ সৃষ্টিকর্তা, ৰক্ষক আৰু সংৰক্ষক দেৱী দুর্গা৷ গছ–গছনি, চৰাই–চিৰিকটি, জীৱ–জন্তু, মাছ, মানুহ সকলো দেৱীৰেই সন্তান আৰু দেৱীয়েই মানুহকে ধৰি সকলো জীৱ–জন্তুক জীয়াই থাকিবলৈ সম্পদ যোগান ধৰে৷ দেৱীয়ে আমাক খাদ্য দিয়ে৷ সেয়েহে তেওঁক অন্নপূর্ণ বুলিও কোৱা হয়৷ দেৱীয়ে গছ–গছনি ৰক্ষা কৰে৷ তেওঁৰ শৰীৰৰ পৰা জীৱন–ধাৰণকাৰী শাক–পাচলি গজি উঠে৷ বেদত দেৱী দুর্গাক আৰণ্যানিক আখ্যা দিয়া হৈছে৷ বনাঞ্চলৰ ৰক্ষক আৰু আত্মা, বনাঞ্চল আৰু বনাঞ্চলৰ ৰক্ষাৰ গৰাকী দেৱী দুর্গা৷ মন কৰিবলগীয়া যে দেৱী দুর্গাৰ পূজাৰ দিনকেইটাত ৰীতি–নীতিবোৰো প্রকৃতিৰ সকলো ৰূপৰ উপস্থিতি প্রতিফলিত কৰে৷ দেৱী পূজাৰ আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ দিনা অর্থাৎ এই ষষ্ঠীৰ দিনা বেলবৰণেৰে দেৱী দুর্গাক জাগ্রত কৰি তোলা হয়৷ পূজাৰ মণ্ডপকে ধৰি পূজাত ব্যৱহূত উপাদানসমূহ প্রকৃতিৰ পৰাই সংগ্রহীত কৰি দেৱী দুর্গাৰ পূজা–র্চনাত ব্যৱহাৰ কৰা হয়৷ বিভিন্ন ফুলৰ পৰা তৰু–তৃণ, কলগছ, নাৰিকলকে ধৰি বিভিন্ন প্রকৃতিৰ উপাদান দেৱী দুর্গাৰ পূজাত ব্যৱহাৰ কৰা হয়৷ প্রকৃতিৰ এই উপাদানসমূহত প্রত্যেকৰে বৈশিষ্ট্য আছে৷ মানৱীয় জীৱনৰ লগতে প্রকৃতিৰ ভাৰসাম্য বর্তাই ৰখাৰ ক্ষেত্রত দেৱী দুর্গাপূজাৰ আহুতিত ব্যৱহূত হোৱা প্রকৃতিৰ উপাদানসমূহে সহায় কৰি আহিছে৷ জৈৱ–বৈচিত্র্য ৰক্ষা আৰু সংৰক্ষণৰ প্রয়োজনীয়তাৰ কথাও দেৱী দুর্গাৰ পূজাত প্রতিফলিত হয়৷ দেৱী দুর্গাৰ পূজাত ভগৱান শিৱ, ভগৱান গণেশ, দেৱী লক্ষ্মী, দেৱী সৰস্বতী, কার্তিকক নিজ নিজ বাহনৰ সৈতে পূজা কৰা হয়৷ জৈৱ–বৈচিত্র্য ৰক্ষা আৰু সংৰক্ষণৰ প্রয়োজনীয়তাৰ এক জ্বলন্ত উদাহৰণ দেৱী দুর্গা আৰু তেওঁৰ পৰিয়ালৰ প্রতিনিধিত্বত স্পষ্টকৈ পোৱা যায়৷ ইয়াৰ পৰা এই কথা উনুকিয়াব পাৰি যে দেৱী দুর্গা আৰু তেওঁৰ সমগ্র পৰিয়ালটোৱে পৰিৱেশতন্ত্রৰ প্রতিফলন ঘটায়৷ মাংসভোজী আৰু তৃণভোজী প্রাণীবোৰে একেলগে মিলাপ্রীতিৰে বসবাস কৰি থকা পৰিৱেশতন্ত্রৰ ছবি এখন দুর্গাপূজাৰ মণ্ডপত প্রতিফলিত হয়৷