পৰম্পৰাগত শিল্পৰ ক্ষেত্রত ভাৰতবর্ষ অতিকৈ চহকী৷ ভাৰতৰ সাংস্কৃতিক বৈচিত্র্য আৰু ঐতিহ্য এই শিল্পসমূহৰ মাধ্যমেৰে প্রকাশিত হয়৷ কিন্তু দুখৰ কথা যে এই শিল্পসমূহৰ চর্চা চলোৱা পৰম্পৰাগত শিল্পীসকলে বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়৷ আধুনিক সামগ্রীৰ সৈতে পৰম্পৰাগত সামগ্রীৰ প্রতিযোগিতা, বজাৰৰ অভাৱ, ঋণৰ সুবিধাৰ অভাৱ, অপর্যাপ্ত প্রশিক্ষণ আৰু আন্তঃগাঁথনিৰ অভাৱ আদি এনে কিছুমান প্রত্যাহ্বান৷ এনে প্রত্যাহ্বানৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰি বহুতে পৰম্পৰাগত শিল্পৰ চর্চা বাদ দি আন কামৰ সন্ধানত নামি পৰে৷ ফলত তেওঁলোকৰ আর্থ–সামাজিক অৱস্থাত প্রভাৱ পৰাৰ লগতে সাংস্কৃতিক সম্পত্তিৰ ক্ষতিও হয়৷ অৱশ্যে চৰকাৰে এই সমস্যাবোৰ সমাধানৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে৷ হস্ততাঁত উন্নয়ন কার্যসূচী, হস্তশিল্প উন্নয়ন কার্যসূচী, খাদী আৰু গ্রামোদ্যোগ আয়োগ (কেভিআইচি), ৰাষ্ট্রীয় গ্রাম্য জীৱিকা অভিযান (এনআৰএলএম), দীনদয়াল অন্ত্যোদয়া যোজনা–ৰাষ্ট্রীয় নগৰীয়া জীৱিকা অভিযান DAY-NULM), প্রধানমন্ত্রী কৌশল বিকাশ যোজনা PMKVY), স্কিল ইণ্ডিয়া মিছন আদি৷ কিন্তু এই আঁচনিসমূহে শিপিনী সমাজৰ সকলো শ্রেণীকে চুবগৈ পৰা নাই৷ সেয়েহে সমগ্র দেশৰ পৰম্পৰাগত শিল্পীসকলৰ প্রয়োজন আৰু আকাংক্ষা পূৰণ কৰিব পৰাকৈ এক ব্যাপক আৰু সামগ্রিক আঁচনিৰ প্রয়োজন আছিল৷ এই প্রত্যাহ্বানসমূহ নোহোৱা কৰিবলৈ এইবাৰৰ স্বাধীনতা দিৱসত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছে প্রধানমন্ত্রী বিশ্বকর্মা আঁচনি৷ ১৩,০০০ কোটি টকা ব্যয়েৰে এই আঁচনিখনে ৫ শতাংশ ৰেহাইমূলক সুতৰ হাৰত মুঠ ৩ লাখপর্যন্ত (দুটা কিস্তিত) ঋণ প্রদান কৰে৷ চৰকাৰে আশা কৰিছে যে প্রথম বছৰত প্রায় পাঁচ লাখ পৰিয়ালক সামৰি লোৱা হ’ব আৰু পাঁচ বছৰৰ ভিতৰত ৩০ লাখ পৰিয়ালে এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব৷ এই আঁচনিৰ অধীনত বিভিন্ন সম্প্রদায়ৰ, বিশেষকৈ অন্যান্য পিছপৰা শ্রেণীৰ(OBC) অন্তর্গত শিল্পীক দক্ষতা বিকাশ, আর্থিক সাহায্য, বজাৰ সংযোগ, সামাজিক সুৰক্ষা আৰু সবলীকৰণৰ সুবিধা প্রদান কৰা হ’ব৷ বস্ত্র, চামৰা, ধাতু, কাঠ, মাটি, শিল, বাঁহ, বেত, কাগজ, কাঁচ আদি বিভিন্ন খণ্ডৰ শিল্প আৰু শিল্পীক সামৰি লোৱা হ’ব৷ শিল্পীসকলক তেওঁলোকৰ বর্তমানৰ দক্ষতাৰ স্তৰ আৰু বজাৰৰ চাহিদাৰ ভিত্তিত দক্ষতাৰ প্রশিক্ষণ প্রদান কৰা হ’ব৷ অনলাইন পাঠ্যক্রম, ম’বাইল এপ, কর্মশালা, আলোচনা–চক্র আদি বিভিন্ন ধৰণৰ মাধ্যমেৰে প্রশিক্ষণ প্রদান কৰা হ’ব৷ শিল্পীসকলক ঋণ, অনুদান, ৰাজসাহায্য, সুত ৰেহাই আদিৰ ৰূপত আর্থিক সাহায্য প্রদান কৰা হ’ব৷ কেঁচামাল ক্রয়, সঁজুলি ক্রয়, পণ্য বিকাশ, গুণগত উন্নতি আদি বিভিন্ন উদ্দেশ্যত এই সাহায্য প্রদান কৰা হ’ব৷ ই–কমার্চ প’র্টেল, প্রদর্শনী, মেলা, উৎসৱ আদি বিভিন্ন প্লেটফর্মৰ জৰিয়তে শিল্পীসকলক বজাৰ সংযোগ প্রদান কৰা হ’ব৷
আশা কৰা হৈছে যে বিশ্বকর্মা আঁচনিয়ে পৰম্পৰাগত শিল্পীৰ জীৱন আৰু জীৱিকাৰ উন্নতি সাধন কৰিব৷ শিল্পীসকলৰ আয়, উৎপাদনশীলতা, গুণগত মান আৰু প্রতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাত এই আঁচনিয়ে সহায় কৰিব৷ গ্রাম্য অর্থনীতি আৰু সমাজৰ সামগ্রিক উন্নয়নতো আঁচনিখনে অৰিহণা যোগাব৷ বিশ্বকর্মা আঁচনিৰ জৰিয়তে পৰম্পৰাগত শিল্প আৰু শিল্পীসকলৰ জীৱন উন্নত হোৱাৰ সম্ভাৱনা আছে যদিও ইয়াৰ সফলতাৰ বাবে কৌশলগত পদক্ষেপৰ বিকল্প নাই৷ চৰকাৰে শিল্পীসকলৰ মাজত সজাগতা সৃষ্টি, সুশৃংখলিত সমন্বয়, সঠিক তথ্য সংগ্রহ, উদ্ভাৱনক প্রসাৰিত কৰি আৰু সুৰক্ষা নিশ্চিত কৰি এই শিল্পীসকলৰ বাবে এক সমৃদ্ধিশালী পৰিৱেশ গঢ়ি তুলিব পাৰে৷ এনে কৰাত সক্ষম হ’লেই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ হোৱাৰ লগতে অর্থনৈতিক সবলীকৰণো অব্যাহত থাকিব৷ সামগ্রিক দৃষ্টিভংগীৰ জৰিয়তে এই আঁচনিখনে পৰম্পৰাগত কলা আৰু শিল্প খণ্ডত বহনক্ষম বৃদ্ধি আৰু সমৃদ্ধিৰ পথ মুকলি কৰিব পাৰে৷ পৰম্পৰাগত শিল্পীসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল বজাৰৰ অভাৱ তথা তেওঁলোকৰ সামগ্রী আৰু সেৱাৰ বাবে পৃষ্ঠপোষকতাৰ অভাৱ৷ যদি আঁচনিখনে নতুন বজাৰ মুকলি কৰাত ব্যর্থ হয় আৰু কেৱল এই সম্প্রদায়সমূহৰ কল্যাণক প্রসাৰিত কৰাৰ নামত ঋণ প্রদান কৰে, তেন্তে হিতাধিকাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহকো অধিক ঋণত পেলোৱাৰ আশংকা থাকে৷ তথাপি আশা কৰা হৈছে চৰকাৰে মহৎ উদ্দেশ্যৰে ঘোষণা কৰা আঁচনিখন সুপৰিকল্পিতভাৱে আগুৱাই নি দেশৰ হাজাৰ হাজাৰ পৰম্পৰাগত শিল্পৰ ধাৰক আৰু বাহকসকলক সহায় কৰাৰ লগতে অসমৰ পৰম্পৰাগত শিল্প যেনে –কাঁহশিল্প, বস্ত্রশিল্প আদিৰ সমস্যাসমূহ সমাধানতো সহায় কৰিব৷