নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ বিৰাট কীৰ্তি : আন্তর্জাতিক ক্রিকেটত ১৫ বছৰ সম্পূর্ণ

বিশেষ বাৰ্তা, ১৯ আগষ্টঃ বদ মেজাজি এজন ল’ৰাই ভাৰতক ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ উপহাৰ দি নাম অন্তর্ভুক্ত কৰিছিল ছিনিয়ৰ দলত৷ আৰম্ভণিতে বিফল হোৱা বাবে দলৰ পৰা বাদ পৰিবলগীয়া হৈছিল৷ সেই ল’ৰাটোৱে আন্তর্জাতিক ক্রিকেটত ১৫ বছৰ অতিবাহিত কৰিলে৷ ঠিক অতিবাহিত নহয়, ৰাজত্ব কৰিলে বুলি ক’লেহে সমীচীন হ’ব৷ লাহে লাহে পৰিচিত হ’ল কিং কোহলি নামেৰে৷ ২০০৮ চনৰ ১৮ আগষ্টত শ্রীলংকাৰ বিৰুদ্ধে আৰম্ভ হৈছিল বিৰাট কোহলিৰ আন্তর্জাতিক ক্রিকেট কেৰিয়াৰ৷ ডাম্বুলাত সেই মেচখনত গৌতম গম্ভীৰৰ সৈতে অ’পেনিং কৰিবলৈ নামিছিল বিৰাট৷ সেই শৃংখলাটোত এটা মাত্র অর্ধশতৰান কৰিছিল তেওঁ৷ ফলত দলৰ পৰা বাদ পৰিবলগীয়া হৈছিল বিৰাট৷ তেওঁৰ বেটিঙে দৃষ্টি আকর্ষণ কৰিব নোৱাৰিলেও আউট হৈ সাজঘৰলৈ ওভতাৰ সময়ত বিৰক্তি প্রকাশৰ ধৰণক লৈ তুমুল চর্চা হৈছিল৷ এবছৰ পিছত শ্রীলংকাৰ বিৰুদ্ধেই প্রত্যাৱর্তন ঘটিছিল৷ ইয়াৰ পিছত অৱশ্যে উভতি চাবলগীয়া হোৱা নাছিল৷ ইডেনত শ্রীলংকাৰ বিৰুদ্ধে ২০০৯ চনত প্রথমটো শতৰান আহিছিল বিৰাটৰ বেটৰ পৰা৷ আন্তর্জাতিক ক্রিকেটত সেইটোৱেই আছিল তেওঁৰ প্রথম শতৰান৷ ১৫ বছৰ পিছত বিৰাটৰ শতৰানৰ সংখ্যা ৭৬টা৷ অর্থাৎ গড়ে প্রতিবছৰে তেওঁ ৫টাকৈ শতৰান কৰিছে৷ এতিয়া শচীনৰ শতৰানৰ অভিলেখ স্পর্শ কৰিবলৈ তেওঁক ২৪টা শতৰানৰ প্রয়োজন৷ অভিষেকৰ পিছৰ পৰা আটাইতকৈ বেছি ৰান (২৫৫৮২) কৰিছে বিৰাটে৷ আটাইতকৈ অধিক অর্ধশতৰান (১৩১)ৰ গৰাকীও কোহলি৷ শতৰানৰ তালিকাতো (৭৬) এই ১৫ বছৰ তেৱেঁই আছে শীর্ষত৷ ১৫০ ৰান অতিক্রম কৰিছে ১৬ বাৰ৷ দ্বি–শতৰান কৰিছে ৭ বাৰ৷ ১৫ বছৰত বিৰাটে ২৫৩৩টা চাৰি কোবাইছে৷ ৬৩বাৰ মেচৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰিছে৷ ২০ বাৰ হৈছে শৃংখলাৰ শ্রেষ্ঠ৷ আইচিচিৰ প্রতিযোগিতাতো সকলোৰে শীর্ষত আছে বিৰাটেই৷ শচীনোত্তৰ পর্বত বিৰাটে বেটিং কৰিব নামিলেই শতৰানৰ অপেক্ষাত থাকে ভাৰতীয় অনুৰাগী৷ ২০১১ চনত বিশ্বকাপ জয় কৰি শচীনক কান্ধত তুলি খেলপথাৰ পৰিভ্রমণ কৰিছিল বিৰাটে৷ সঁচাকৈয়ে শচীনৰ পৰৱর্তী ভাৰতীয় ক্রিকেটৰ ভৰসা হৈ উঠিছে বিৰাট৷ 
You might also like